NORTHEAST NOW (Assamese)

“মানুহে ইমানবোৰ কলাধন কেনেকৈ জমা কৰে..” : বিমুদ্ৰাকৰণক লৈ কি টুইট কৰিছিল কংগ্ৰেছৰ কলংকিত সাংসদ ধীৰজ চাহুৱে

December 11, 2023 12:42 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

দুর্নীতি প্রতিৰোধ আৰু ক’লা ধন আদায়ৰ বাবে ২০১৬ চনত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নিশাৰ ভিতৰতে ৫০০,১০০০ টকীয়া নোট বিমুদ্রাকৰণৰ কথা ঘোষণা কৰিছিল। কেন্দ্ৰৰ এই পদক্ষেপক তেতিয়াৰে পৰা এতিয়ালৈকে কংগ্ৰেছে তীব্ৰ সমালোচনা কৰি আহিছে। 

পিছে এইবাৰ কংগ্ৰেছৰ ধীৰজ চাহু নামৰ এগৰাকী সাংসদৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে নগদ ধনৰ পাহাৰ। এই পৰ্যন্ত আয়কৰ বিষয়াই জব্দ কৰিছে ৩৫২ কোটি টকা। এতিয়াও গন্তি কৰিবলৈ আৰু টকা বাকী আছে। 

এফালে কংগ্ৰেছ সাংসদ ধীৰজ চাহুৰ আলমাৰীত সজোৱা ধনৰ ছবি যিদৰে ভাইৰেল হৈ পৰিছে, সেইদৰে ধীৰজ চাহুৰ এটা পুৰণি টুইটো ভাইৰেল হৈ পৰিছে। 

এই টুইটটো ২০২২ চনত কংগ্ৰেছৰ সাংসদ ধীৰাজ সাহুৱে কৰিছিল। সেই টুইটটোত কি লিখা হৈছিল জানেনে? টুইটোত তেওঁ লিখিছিল – “নোট বন্দীৰ পাছতো দেশত ইমান কলাধন আৰু কেলেংকাৰী দেখি মন ব্যথিত হয়।  ঈ বুজি নাপাওঁ মানুহে ইমানবোৰ কলাধন কেনেকৈ জমা কৰে। যদি দেশৰ পৰা ভ্ৰষ্টাচাৰ পুলিয়ে পোখাই উভালিব লাগে তেন্তে সেয়া কংগ্ৰেছেহে কৰিব পাৰিব।” 

২০২২ চনৰ ১২ আগষ্টত ঝাৰখণ্ডৰ কংগ্ৰেছৰ সাংসদগৰাকীয়ে টুইট কৰি কয়, ‘বিমুদ্ৰাকৰণৰ পিছতো ইমান ক’লা ধন আৰু দুৰ্নীতি দেখি মই দুখী। ইমান ক’লা ধন ক’ৰ পৰা মানুহ আহি আছে মই বুজি পোৱা নাই? এই দেশৰ পৰা যদি কোনোবাই দুৰ্নীতি উভালি পেলাব পাৰে তেন্তে সেয়া কেৱল কংগ্ৰেছহে।”

ঝাৰখণ্ডৰ সাংসদ ধীৰাজ সাহুৰ ঘৰৰ পৰা ৩৫২ কোটি টকা উদ্ধাৰ হোৱাৰ কিছু সময়ৰ পাছতে বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালবিয়াই টুইটটোৰ স্ক্ৰীণশ্বট পোষ্ট কৰি লিখিছে, “মিষ্টাৰ চাহুৰ হাস্যৰসৰ গভীৰতা আছে”। 

এই বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ হোৱাৰ পিছত বিজেপিয়ে চিবিআইৰ তদন্তৰ দাবী জনাইছে। 

Related News