NORTHEAST NOW (Assamese)

উচ্চ ৰক্তচাপ থকা লোকসকলে কি কি খাদ্য খাব আৰু কি কি খাদ্য নাখাব?

May 17, 2025 6:45 am · নৰ্থ-ইষ নাও ডেস্ক, গুৱাহাটী
Updated: May 16, 2025 9:14 pm

আজিকালি উচ্চ ৰক্তচাপ এটা সাধাৰণ সমস্যা। জীৱন শৈলীৰ বাবে এটা বয়সৰ পৰা প্ৰায় সকলো লোকেই উচ্চ ৰক্তচাপত ভুগিবলৈ লৈছে। গতিকে, উচ্চ ৰক্তচাপ (Hypertension) থকা লোকে খাদ্যাভ্যাসৰ প্ৰতি বিশেষ যত্ন লোৱা জৰুৰী। তলত কি খাব আৰু কি নাখাব তাৰ বিষয়ে তথ্য দিয়া হৈছে:

 খাবলগীয়া খাদ্য:

১. শাক-পাচলি:

   – পালেং শাক, বিলাহী, ব্ৰকলি, গাজৰ, কোমোৰা আদি পটাছিয়াম সমৃদ্ধ শাক-পাচলি।

২. ফল-মূল:

   – কল, কমলা, আপেল, নাচপতি, বগৰী, ডালিম আদি।

৩. গোটা শস্য:

   – ওটছ, বুট, মগু, ঘেঁহুৰ আটাৰ ৰুটি আদি ফাইবাৰ সমৃদ্ধ খাদ্য।

৪. প্ৰটিনৰ উৎস:

   – চৰ্বিহীন মাংস (মুৰ্গীৰ বুকুৰ অংশ), ৰৌ-বাহু-কুঁহি-মিৰিকা আদি মাছ ।

৫. কম চৰ্বিযুক্ত দুগ্ধজাত দ্ৰব্য:

   – কম চৰ্বিযুক্ত দৈ আৰু পনীৰ।

৬. স্বাস্থ্যকৰ তেল:

   – জলফাই তেল, কম পৰিমাণে খাটি মিঠাতেল।

৭. পানী আৰু হাৰ্বেল চাহ:

   – প্ৰচুৰ পানী খাওক, চেনী নোহোৱাকৈ গ্ৰীণ টি খাওক।

 নাখাবলগীয়া খাদ্য:

১. অত্যধিক নিমখযুক্ত খাদ্য যেনে চিপছ, নুডলছ, ফাষ্ট ফুড, আচাৰ আদি।

2. চেনীযুক্ত খাদ্য আৰু পানীয় নাখাব।

৩. চৰ্বিযুক্ত মাংস বা ৰঙা মাংস নাখাব। যেনে হাঁহ, ছাগলী, গৰু আদি।

৪.  ভজা খাদ্য, ফাষ্ট ফুড, মাখন, ঘিঁ আদি নাখাব।

৫.  কফি, এনাৰ্জি ড্ৰিংকছৰ পৰা আঁতৰি থাকক।

৬ . মদ, বিয়েৰ আদি সম্পূৰ্ণৰূপে বাদ দিয়ক বা সীমিত কৰক।

ডাক্তৰৰ পৰামৰ্শ অনুসৰি খাদ্যাভ্যাস পৰিচালনা কৰক।

Related News