কম হৈছে নেকি টোপনি? সাৱধান! সন্মুখীন হ’ব পাৰে অনেক সমস্যাৰ

importance of good sleep

ব্যক্তিৰ সামগ্ৰিক স্বাস্থ্য সুস্থ আৰু সদল হোৱাৰ ক্ষেত্ৰত ভাল টোপনি যথেষ্ট গুৰুত্ব আছে। নিজকে শাৰীৰিক-মানসিকভাৱে সজীৱ কৰিবলৈ ভাল টোপনিৰ নিতান্তই প্ৰয়োজন।

সাহ্দাৰণতে এজন ব্যক্তিৰ ক্ষেত্ৰত প্ৰতি নিশা গড়ে প্ৰায় ৭-৮ ঘণ্টা টোপনিৰ প্ৰয়োজন হয়। এই সময়ছোৱাত আমাৰ শৰীৰটোৱে লাভ কৰে আত্যাৱশ্যকীয় জিৰণি।

কিন্তু যদি নিয়মীয়াকৈ আমাৰ এই পৰ্যাপ্ত টোপনি নাহে, আমাৰ দেহ-মনত বহু নেতিবাচক প্ৰভাৱ পৰিব পাৰে। দীৰ্ঘদিনীয়া টোপনিৰ অভাৱৰ ফলত সামগ্ৰিক স্বাস্থ্য বিষম পৰিণতিৰ সন্মুখীন হ’ব পাৰে।

টোপনিৰ অভাৱে পেলাব পৰা এনে নেতিবাচক প্ৰভাৱৰ বিষয়ে জানো আহকঃ

১/ বৌদ্ধিক অক্ষমতা

টোপনিৰ অভাৱে স্মৃতিশক্তি, মনোযোগ আৰু সিদ্ধান্ত গ্ৰহণৰ দক্ষতাত প্ৰভাৱ পেলায়। ইয়াৰ ফলত কোনো কাৰ্যত মনোনিৱেশ কৰাত অসুবিধা হ’ব পাৰে, উৎপাদনশীলতা হ্ৰাস পাব পাৰে, আৰু শৈক্ষিক বা কৰ্মক্ষমতা বেয়া হ’ব পাৰে।

২/ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱা

দীৰ্ঘদিনীয়া টোপনিৰ অভাৱে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি তোলে, যাৰ ফলত শৰীৰ সহজে সংক্ৰামক ৰোগত আক্ৰান্ত হয়।

৩/ মানসিক অৱস্থাৰ পৰিৱৰ্তন

অপৰ্যাপ্ত টোপনিৰ ফলত মানুহৰ স্বভাৱ অত্যন্ত খিংখিঙীয়া হৈ পৰে, মানসিক অৱস্থাৰ সঘন পৰিৱৰ্তন হয়। লগতে মানসিক স্বাস্থ্যজনিত বিকাৰ, যেনে হতাশা আৰু উদ্বেগ বৃদ্ধি পোৱাৰৰ সম্ভাৱনা অধিক হ’ব পাৰে।

৪/ ওজন বৃদ্ধি আৰু মেদবহুলতা

টোপনিৰ অভাৱে ক্ষুধাৰ হৰম’নৰ ভাৰসাম্য বিঘ্নিত কৰে, যাৰ ফলত ভোক আৰু অস্বাস্থ্যকৰ খাদ্যৰ প্ৰতি লোভ বৃদ্ধি পায়। ইয়াৰ ফলত সময়ৰ লগে লগে ওজন বৃদ্ধি আৰু মেদবহুলতা হ’ব পাৰে।

৫/ দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা বৃদ্ধি

অপৰ্যাপ্ত টোপনিৰ ফলত হৃদযন্ত্ৰৰ ৰোগ, ডায়েবেটিছ, আৰু কিছুমান বিশেষ ধৰণৰ কৰ্কট ৰোগৰ দৰে দীৰ্ঘদিনীয়া অৱস্থাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

৬/ গ্লুক’জৰ বিপাকীয় ক্ৰিয়াত ব্যাঘাত জন্মায়

টোপনিৰ অভাৱে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাৰ ক্ষমতাত নেতিবাচক প্ৰভাৱ পেলায়, যাৰ ফলত ডায়েবেটিছ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

৭/ হৰম’নৰ ভাৰসাম্যহীনতা

টোপনিৰ অভাৱে বিভিন্ন হৰম’নৰ স্বাভাৱিক নিয়ন্ত্ৰণত ব্যাঘাত জন্মায়, য’ত ভোক নিয়ন্ত্ৰণ, মানসিক চাপৰ প্ৰতিক্ৰিয়া, যৌন স্বাস্থ্যৰ লগত জড়িত হৰম’ন আদিও অন্তৰ্ভুক্ত।

৮/ কামনা আৰু যৌন ক্ষমতা হ্ৰাস

টোপনিৰ অভাৱৰ ফলত যৌন ক্ষমতা হ্ৰাস পায়, হৰম’নৰ ভাৰসাম্যহীনতা, পুৰুষৰ ইৰেক্টিল ডিছফংচন, মহিলাৰ যৌন তৃপ্তি লাভ কৰাত অসুবিধা হ’ব পাৰে।