যোৱা ২৯ জুলাইৰ,২০২৪ৰ দিনা হোৱা এক অস্বাভাবিক অতিৰিক্ত বৰষুণৰ (extraordinary excess ) ফলত তাৰ পিছদিনা পুৱা দুই বজাত আৰু চাৰি বজাত হোৱা ভূমিস্খলনে মানুহৰ ঘৰ বাৰী আৰু পোহনীয়া জীৱজন্তু উটুৱাই নিয়ে।এই দুৰ্ঘটনাত এতিয়ালৈকে ২৮২ মানুহৰ মৃত্যু হৈছে।
এতিয়াও ২৪০ জন ব্যক্তি সন্ধানহীন হৈ আছে আৰু ২০০ মানুহ আঘাতপ্ৰাপ্ত হৈছে।এই যে ২৪০জন মানুহ নিখোজহৈ আছে তেওঁলোকৰ কিমানজন বাচি আছে সন্দেহ।যিবোৰ অঞ্চল ভূমিস্খলনৰ দ্বাৰা আক্ৰান্ত হৈছে সেইবোৰ হৈছে মুন্দাক্কাই, চুৰামলা, আট্টামল্ আৰু নুলপুঝা। সময় যোৱাৰ লগে লগে মৃত ব্যক্তিৰ সংখ্যা বাঢ়ি গৈ আছে। সমগ্ৰ অঞ্চলটোত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। আচৰিত কথা যোৱা সময়ছোৱাত ভাৰতত এই ঘটনাবোৰ ইমান সঘনাই ঘটি আছে, অথচ তাৰ মোকাবিলা কৰিবলৈ এতিয়াও আমি এটা তাৎক্ষণিক ব্যৱস্থা গঢ়ি তুলিব পৰা নাই।
এইটো সঁচাকৈয়ে এটা পৰিতাপৰ কথা।দুৰ্গত মানুহখনিক উদ্ধাৰ কৰাটো হৈছে এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। দুৰ্ঘটনা হোৱা অঞ্চলৰ ভিডিও ক্লিপবোৰ দেখিয়ে ভয় লাগে।এতিয়া আমাৰ প্ৰথম অগ্ৰাধিকাৰ হৈছে প্উদ্ধাৰ অভিযান আৰু তাৰ পিছৰ কথাটো হৈছে সাহায্য প্ৰদান আৰু ক্ষতিগ্ৰস্ত লোক সকলৰ পুনৰ সংস্থাপন।
ৱায়নাডৰ ঘটনাটোৰ সন্দৰ্ভত কালিৰ The Hindu কাকতৰ প্ৰথম পৃষ্ঠাত এটা খবৰ ওলাইছিল।
তাত কোৱা হৈছে- Kerala ignored recommendations to prevent such disasters, says Gadgil। গাডগিল মানে প্ৰখ্যাত পৰিবেশবিদ মাধব গাডগিল।তেখেত Western Ghats Ecology Expert Panelৰ মুৰব্বি আছিল। তেখেতে ৱায়নাডৰ ঘটনাটো মানব সৃষ্ট বুলি কৈছে।দ তেখেতে কৈছে যে তেওঁলোকৰ পৰামৰ্শ নুশুনা বাবেই আজি কেৰালাত এনে এটা দুৰ্ঘটনা ঘটিবলৈ পালে।মূল ইংৰাজী কথাখিনি এনে ধৰণৰঃ ‘Kerala ignored recommendations to prevent such disasters, says Ecologist Madhav Gadgil, who was the Chairman of the Western Ghats Ecology Expert Panel. Speaking to The Hindu on Tuesday, Mr Gadgil criticised the State government for not adhering to the panel’s guidelines designed to prevent such disasters amid extreme climate changes. Mr. Gadgi Madhav Gadgil highlighted that the panel’s report had classified the region into three levels of ecological sensitivity, with the areas now struck by the disaster being marked as highly sensitive.” No development should have taken place in these highly sensitive areas,” he said, noting that these zones had been utilised for tea plantations during the British period and had since seen extensive development, including the construction of resorts and artificial lakes.’ অৰ্থাৎ মাধব গাডগিলে কৈছে যে চৰকাৰে তেওঁলোকে দিয়া প্ৰতিবেদনৰ পৰামৰ্শাৱলী মানি চলা হ’লে এনে এটা পৰিস্থিতিৰ সৃষ্টি নহ’লহেঁতেন।
এই গোটেই অঞ্চলটোক তিনিটা ভাগত বিভক্ত কৰা হৈছিল। তাৰে দুৰ্ঘটনা হোৱা ঠাইখিনিক অতি স্পৰ্ষকাতৰ অঞ্চল বুলি চিনাক্ত কৰা গৈছিল। বৃটিছক দিনতে এই ঠাইবোৰত চাহ বাগিছা স্থাপন কৰা হৈছিল। তাৰ পিছতো তাত হোটেল আৰু কৃত্ৰিম সৰোবৰকে ধৰি নানা ধৰণৰ উন্নয়নমূলক কাম কৰা কৰা হৈছিল যিবোৰে অঞ্চলটোক অতি ক্ষণভংগুৰ কৰি তুলিছিল।তাত কোনো উন্নয়ন মূলক কাম হাতত নোলোৱা হ’লে এই দুৰ্ঘটনাৰ পৰা অঞ্চলটোৰ ৰাইজ বাচিলহেঁতেন।মাধৱ গাডগিলৰ বক্তব্য অতি তাৎপৰ্যপূৰ্ণ।
এই প্ৰসংগতে আমি মনত পেলোৱা উচিত হ’ব যে ইয়াৰ আগতে, সৌখিদিনা মানে ২০২৩ চনৰ নবেম্বৰ মাহত উত্তৰখণ্ডৰ টানেল এটা খহি ৪৮জন শ্ৰমিক কেইবাদিনো মাটিৰ তলত আৱদ্ধহৈ আছিল। আৰু তাৰ আগেয়ে ২০২২ চনত যশীমঠ চহৰখনেই তললৈ খহি গৈছিল। আৰু আমাৰ অসমৰে হাফলঙত ২০২২ চনৰ মে মাহত কি হৈছিল? এটা ৰেলষ্টেশ্যন বৰষুণৰ পানীয়ে সম্পূৰ্ণকৈ উছন কৰি পেলোৱা নাছিল জানো? এইবোৰ কিয় হৈছে? এই আটাইবোৰে জানো তথাকথিত উন্নয়নৰ বাবে হোৱা নাই? ভাৰতত কিয় ইমান সঘনাই এই ঘটনাবোৰ ঘটিবলৈ লৈছে? এটা কথা আমি মানি লোৱা উচিত। জলবায়ু পৰিবৰ্তন এটা গুৰুত্বপূৰ্ণ প্ৰাকৃতিক ঘটনা।ইয়াক আমি কোনোপধ্যেই অস্বীকাৰ কৰিব নোৱাৰোঁ।আমি বহনক্ষম উন্নয়নৰ কথা নাভাবি উন্নয়নৰ নামত জধেমধে যদি নিৰ্মাণ কাৰ্য চলাই যাওঁ অদূৰ ভৱিষ্যতে আমি কিমান ৱায়নাড দেখাপাম তাৰ কোনো সীমা সংখ্যা নাথাকিব।