নতুন ৰোগ লাম্পি! ৰাজস্থানত পাঁচ সহস্ৰাধিক গৰুৰ মৃত্যু

কোভিড আৰু মাংকি পক্সৰ সংক্ৰমণৰ মাজতে ৰাজস্থানত ছালৰ লাম্পি ৰোগে উদ্বেগৰ সৃষ্টি কৰিছে৷ এতিয়ালৈকে ৰোগ বিধত আক্ৰান্ত হৈ ৫,০০০ তকৈও অধিক গৰুৰ মৃত্যু ঘটিছে।

জয়পুৰ পৌৰ নিগমে চহৰখনৰ হিঙ্গোনিয়া গৌশালাত ৰাজ্যখনৰ প্ৰথমটো কেন্দ্ৰ মুকলি কৰিছে। এই কেন্দ্ৰত আক্ৰান্ত গৰুৰ পৰিচৰ্যা কৰি থকা হৈছে৷

লাম্পি হৈছে এক ছালৰ ৰোগ৷ ই এক ভাইৰেল সংক্ৰমণ যি গৰুক ধৰাশায়ী কৰে। বৰ্তমান ভাৰতত বিশেষকৈ ৰাজস্থান আৰু পঞ্জাৱত গৰু আৰু ভেড়াক এই ছালৰ ৰোগে আক্ৰমণ কৰিছে।

ই জন্তুৰ তেজ শুহি খোৱা পোক-পতংগৰ দ্বাৰা সংক্ৰমিত হয়৷কিছুমান বিশেষ প্ৰজাতিৰ মাখি আৰু মহ, বা চিকৰা আদিৰ দ্বাৰা লাম্পি সংক্ৰমিত হয়।

এই ৰোগ ভাৰতত তুলনামূলকভাৱে খুব কমেইহে হোৱা দেখা গৈছিল৷অৱশ্যে, যোৱা দশকৰ পৰা ই মধ্য প্ৰাচ্য, দক্ষিণ-পূব ইউৰোপ, মধ্য এছিয়ালৈ বিয়পি পৰিছে।

বিশেষকৈ ২০১২ চনৰ পৰা ই মধ্য প্ৰাচ্য, দক্ষিণ-পূব ইউৰোপ আৰু পশ্চিম আৰু মধ্য এছিয়াৰ মাজেৰে দ্ৰুতগতিত বিয়পি পৰিছে ৷ এই ৰোগত আক্ৰান্ত প্ৰাণী জ্বৰ, নাকৰ স্ৰাৱ ওলোৱা আৰু লেলাৱতি বৈ থকা আদি লক্ষণ বোৰে দেখা দিয়ে আৰু গৰুৰ মৃত্যু ঘটে৷