দ্য ক্ৰছকাৰেণ্টৰ জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হোছেইন মজুমদাৰক গ্ৰেপ্তাৰে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সাংবাদিক দিলৱাৰ হোছেইন মজুমদাৰৰ মুক্তিৰ দাবীত গুৱাহাটীৰ সাংবাদিকসকলে ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্তও কৰে।
প্ৰতিবাদী সাংবাদিকসকলক আৰক্ষীয়ে বলপ্ৰয়োগেৰ বাধা প্ৰদান কৰিবলৈও চেষ্টা কৰে। ফলত দুয়োপক্ষৰ মাজত হতাহতিৰো সৃষ্টি হয়। ইপিনে সামাজিক মাধ্যমতো সাংবাদিকগৰাকীৰ মুক্তিৰ দাবী কৰিছে অসংখ্য লোকে। কিন্তু সাংবাদিক দিলৱাৰ হোছেইন মজুমদাৰৰ মুক্তি সহজ হৈ আছে নে?
উল্লেখ্য যে, প্ৰায় ১০-১১ ঘণ্টা পাণবজাৰ আৰক্ষীৰ থানাত আটক কৰি ৰখাৰ পাছত নিশা ১৩ বজাত সাংবাদিকগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ১০-১১ ঘণ্টাৰ আটক কৰি ৰখাৰ পাছত গ্ৰেপ্তাৰ কৰাৰ ঘটনাই সচেতন লোকক স্তম্ভিত কৰি তুলিছে। এপেক্স বেংকৰ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াৰ গোচৰৰ ভিত্তিতে সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। কিন্তু প্ৰশ্ন উঠিছে ডম্বৰু শইকীয়াৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিবলৈ কিয় ১০-১১ ঘণ্টাৰ সময় লাগিল পাণবজাৰ আৰক্ষীক?
ইপিনে দিলৱাৰ হোছেইন মজুমদাৰৰ অধিবক্তা সদৰী কৰা মতে আৰক্ষীয়ে গ্ৰেপ্তাৰ বেলিকা আইনী দিশসমূহ মানি চলা নাই। নিশা ১২ বজাত গ্ৰেপ্তাৰ কৰাৰ পাছতো দুপৰীয়ালৈকে সাংবাদিকগৰাকীৰ অধিবক্তাক এজাহাৰৰ কপি নিদিয়াৰ অভিযোগো উঠিছে। গোচৰীয়া ডম্বৰু শইকীয়াই এজাহাৰত কি কি অভিযোগ উত্থাপন কৰিছে তাৰো তথ্য দুপৰীয়ালৈকে সাংবাদিকগৰাকীৰ অধিবক্তাক আৰক্ষীয়ে দিয়া নাই।
ইপিনে, সাংবাদিক গৰাকীৰ বিৰুদ্ধে জামিন অযোগ্য ধাৰাত গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে। তেওঁক ভাৰতীয় ন্যায় সংহিতাৰ লগতে অনুসূচীত জাতি/জনজাতি অত্যাচাৰ প্ৰতিৰোধ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। সাংবাদিকগৰাকীৰ বিৰুদ্ধে গালি-গালাজ আৰু অপমানজনক ভাষাৰ ব্যৱহাৰৰ অভিযোগ উত্থাপন কৰা হৈছে। এজাহাৰত গোচৰীয়া ডম্বৰু শইকীয়াই স্পষ্টভাৱে অভিযুক্তই তেওঁক আপত্তিজনক আৰু অপমানজনক মন্তব্য ব্যৱহাৰ কৰি মৌখিকভাৱে গালি-গালাজ কৰা বুলি দাবী কৰিছে। “বড়ো জাতি হৈ আপুনি বেছি কৰিছে” বুলি কৈ গোচৰীয়াক হেয় আৰু অপমান কৰা হৈছে বুলি কোৱা হৈছে।
গুৰুত্বপূৰ্ণ কথাটো হৈছে এই অনুসূচীত জাতি/জনজাতি অত্যাচাৰ প্ৰতিৰোধ আইনখন হৈছে জামিন অযোগ্য। এই আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা অভিযুক্তই অন্তৱৰ্তীকালীন জামিনো লাভ নকৰে। ইয়াৰ অৰ্থ হৈছে অভিযুক্ত চিধাই কাৰাগাৰৰ অন্ধ কুঠৰীলৈ যাব লাগিব। আইনখনৰ ধাৰা ৩(১)(ৰ)তৰ মতে কোনো অনুসূচিত জাতি বা জনজাতিৰ লোকক ইচ্ছাকৃতভাৱে অপমান বা ভীতিগ্ৰ কৰা লোকক কাৰাদণ্ডৰ শাস্তি দিয়া হয়। এই কাৰাদণ্ডৰ ম্যাদ হৈছে সৰ্বনিম্ন ৬ মাহৰ পৰা সৰ্বোচ্চ ৫ বছৰ পৰ্যন্ত। এই কাৰাদণ্ডৰ লগত জৰিমনাও বিহিব পাৰে।
সাংবাদিক দিলৱাৰ হোছেইন মুজমদাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলকভাৱে এই আইনৰ অধীনত গোচৰ ৰুজু কৰি দীৰ্ঘদিন কাৰাৰুদ্ধ কৰি ৰাখিব খুজিছে নেকি? এই প্ৰশ্নৰ উদয় হৈছে। পৰিয়ালৰ মতে সম্পূৰ্ণ ভুৱা গোচৰৰ জাপি দিয়া হৈছে সাংবাদিকগৰাকীৰ ওপৰত। ইপিনে ১০-১১ ঘণ্টা থানাত আৱদ্ধ কৰি সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰাৰ কথাই ৰহস্যৰ সৃষ্টি কৰিছে। এই ১০-১১ ঘণ্টা সময় আৰক্ষী আৰু গোচৰীয়াই সাংবাদিকগৰাকীৰ বিৰুদ্ধে কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি পাৰিব তাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল নেকি? কি কি জামিন অযোগ্য ধাৰাত গোচৰ ৰুজু কৰিলে সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰিব পাৰি তাৰো পৰিকল্পনা কৰা হৈছিল নেকি? গোচৰীয়া ডম্বৰু শইকীয়া জনজাতীয় লোক হোৱাৰ বাবেই অনুসূচীত জাতি/জনজাতি অত্যাচাৰ প্ৰতিৰোধ আইনখনৰ অধীনত ভুৱা গোচৰ ৰুজু কৰা হৈছে নেকি? ১০-১১ ঘণ্টা আটক কৰি ৰাখি নিশা দুপৰত সাংবাদিক গৰাকীক গ্ৰেপ্তাৰ কৰাৰ ৰহস্যময় কাণ্ডই এইবোৰ প্ৰশ্নৰে উদ্ৰেক কৰিছে।