কেনে আছে ড৹ ভূপেন হাজৰিকাৰ লগত ছাঁৰ দৰে লাগি থকা চুৰেন নেওগ!

Bhupen Hazarika

কলিয়াবৰৰ পূৱ প্ৰান্তৰ মনোৰম কুঠৰীত ১৯৬৭ চনতে সুধাকণ্ঠই সাজি উলিয়াইছিল এটা বাসগৃহ৷”কুঠৰীতে মোৰ প্ৰাণটো লুকাই আছে” বুলি কোৱা সুধাকণ্ঠ ভূপেন হাজৰিকাই মৰমৰ বাসগৃহটোত ৰচনা কৰিছিল কেইবাটাও কালজয়ী গীত।

এই কালজয়ী গীত সমূহ ৰচনা কৰোঁতে সুধাকণ্ঠক ১৯৭৩ চনৰ পৰা চাহ-ভাতৰ পৰা সকলো যোগান ধৰিছিল ছাঁৰ দৰে লাগি থকা চুৰেন নেওগে।

কিন্তু বৰ্তমান সময়ত কেনে আছে ড৹ ভূপেন হাজৰিকাৰ লগত ছাঁৰ দৰে লাগি থকা এই চুৰেন নেওগৰ পৰিয়াল। সুধাকণ্ঠক আপোন হাতেৰে সজোৱা কলিয়াবৰৰ কুঠৰীৰ মৰমৰ ঘৰটোক ৪৯ বছৰে ৰক্ষণা বেক্ষণা দি থকা চুৰেন নেওগ লগতে পৰিয়ালটো কিদৰে আছে!

উৱলি যোৱা সুধাকণ্ঠৰ ঘৰখনৰ দিনে নিশাই ৰখীয়া কৰা চুৰেন নেওগৰ খবৰ ৰাখিছেনে কোনোবাই !

সুধাকণ্ঠৰ প্ৰতি থকা শ্ৰদ্ধা আৰু সন্মানৰ বাবে ১৯৭৩ চনত দেৰগাঁৱৰ আপোন ঘৰ এৰি আহিছে এইজন চুৰেন নেওগে।কুঠৰীতে সংসাৰ কৰি বৰ্তমালৈকে পুত্ৰ, নাতিৰ সৈতে কুঠৰীতে আছে এইজন চুৰেন নেওগ।

কিন্তু ১৯৬৭ চনতে নিৰ্মাণ কৰা সুধাকণ্ঠৰ বাসগৃহটো বৰ্তমান জহি খহি যোৱৰ উপক্ৰম হৈছে। সেয়ে চৰকাৰে কুঠৰীস্থিত ভূপেন হাজৰিকাৰ পুৰনি ঘৰটো ভাঙি সেই ঠাইত ভূপেন হাজৰিকাৰ স্মৃতি গৃহ নিৰ্মান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

সেই বাবে ভূপেন হাজৰিকাৰ বাসগৃহত ১৯৭৩ চনৰ পৰা থকা চুৰেন নেওগৰ পৰিয়ালে ছটা মাহৰ পূৰ্বেই খালী কৰি দিছিল বাসগৃহটো।বাসগৃহটো খালী কৰাৰ পিছতে চৰকাৰে সন্মুখৰ দুৱাৰ ভাগৰ লগতে ভিতৰতো চিল কৰি দিয়ে।

আনহাতেদি ভূপেন হাজৰিকাৰ স্মৃতি বুকুত বান্ধিয়েই কাষৰ মাটিখিনিতে সৰুকৈ এটা গৃহ নিৰ্মাণ কৰি লৈছিল চুৰেন নেওগে।

এজন পুত্ৰই দিন হাজিৰা কৰাৰ লগতে আন এজন পুত্ৰ বিশেষ ভাবে সক্ষম হোৱাৰ বাবেই পেটৰ ভাত মুঠি মোকলাবলৈকে সৰুকৈ এখন দোকান দিছে সত্তৰোৰ্ধৰ চুৰেন নেওগে।

বিচনী, ডলা, খৰাহী বিক্ৰী কৰি কোনোমতে চলা চুৰেন নেওগে বিচাৰে মালিক পক্ষ আৰু চৰকাৰে সোনকালেই আলোচনাত মিলিত হৈ ভাৰতৰত্ন সুধাকণ্ঠৰ বাসগৃহটো সোনকালেই মেৰামেতি কৰি সংৰক্ষণ কৰক। অন্যথা এই বাসগৃহতো ভাঙি যোৱাৰ সম্ভাৱনা অধিক।

সময় থাকোঁতেই যদি চৰকাৰে ভূপেনদাৰ আপোন ঘৰ খনৰ সংৰক্ষণ নকৰে তেন্তে অনাগত ভৱিষ্যতলৈ ভূপেনদাৰ এই ঘৰ নিছিন্ন হৈ যোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।