স্বামীৰ মদ্যপান কমাবলৈ স্ত্ৰীয়ে কি কৰা উচিত? মধ্যপ্ৰদেশৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী নাৰায়ণ সিং কুশৱাহাই দিলে উপায়

শুকুৰবাৰে ভূপালত ড্ৰাগছ বিৰোধী অনুষ্ঠানত অংশগ্ৰহণ কৰে নাৰায়ণ সিং কুশৱাহাই। তাত মদৰ সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয়, “যদি মাতৃ-ভগ্নীয়ে পুৰুষৰ মদ্যপান বন্ধ কৰিব বিচাৰে, তেন্তে প্ৰথমে বাহিৰত মদ খোৱা বন্ধ কৰক।”

বৰঞ্চ ঘৰলৈ মদ আনি সন্মুখত খাবলৈ কওক। যদি পুৰুষে পৰিয়ালৰ সন্মুখত বহি মদ খায়, তেন্তে তেওঁলোকৰ মদ্যপান ক্ৰমান্বয়ে কমি যাব। শেষত পত্নী আৰু সন্তানৰ সন্মুখত মদ খাবলৈ লাজ অনুভৱ কৰিব।

মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘ইয়াৰোপৰি স্বামীসকলক সোঁৱৰাই দিব লাগে যে ল’ৰা-ছোৱালীয়েও তেওঁলোকক অনুসৰণ কৰি মদ্যপান কৰিবলৈ আৰম্ভ কৰিব পাৰে। এই কাৰণে স্বামীয়েও মদ্যপান এৰিব।”

ইয়াৰ উপৰিও মধ্যপ্ৰদেশত সুৰা নিষিদ্ধকৰণৰ কথা বিবেচনাধীন বুলি মন্ত্ৰীগৰাকীয়ে কয়। তেওঁ কয়, “মই পূৰ্বৰ কাৰ্যকালত সুৰা নিষিদ্ধ কৰাৰ পৰামৰ্শ দিছিলোঁ। কিন্তু যিবোৰ ৰাজ্যত সুৰা নিষিদ্ধ কৰা হৈছে, সেইবোৰতো সুৰাৰ বিক্ৰী  দেখা যায়। ৰাজ্যসমূহত সুৰা নিষিদ্ধ কৰাৰ বিষয়টো চৰকাৰী পৰ্যায়ত বিবেচনাধীন হৈ আছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সিদ্ধান্ত ল’ব পাৰে। ভৱিষ্যতে মদ নিষিদ্ধ কৰা হ’ব।’

ইতিমধ্যে মন্ত্ৰীগৰাকীৰ এনে মন্তব্যক লৈ মধ্যপ্ৰদেশৰ ৰাজনীতিত সমালোচনা আৰম্ভ হৈছে। মধ্যপ্ৰদেশ প্ৰদেশ কংগ্ৰেছৰ মিডিয়া চেলৰ সভাপতি মুকেশ নাইকে কয় যে মন্ত্ৰীৰ উদ্দেশ্য সঠিক, কিন্তু বুজাই দিয়াৰ পদ্ধতি ভুল। ঘৰত সুৰা সেৱন কৰিলে অশান্তিৰ সৃষ্টি হ’ব পাৰে। ঘৰুৱা হিংসাৰ গোচৰ বৃদ্ধি পাব পাৰে। মন্ত্ৰীগৰাকীয়ে ৰাইজক উপযুক্ত পৰামৰ্শ দিব লাগিছিল।”