হাৰ্ট এটেকৰ বিপদৰ পৰা ৰক্ষা পাবলৈ কি কৰিব?

Heart-Attack-Symptoms-Warning-Signs-and-Treatments-

প্ৰতিনিধিত্বমূলক ফটো।

হার্টৰ সমস্যা কেবল যে অধিক বয়স্ক লোকৰে হয় সেয়া নহয়। বৰ্তমান কম বয়সীয়া লোকৰ মাজতো এই ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে।

চিকিৎসকলে ইয়াৰ কাৰণ হিচাপে অনিয়মিত জীৱন প্ৰণালীকে দায়ী কৰে। জীৱন প্ৰণালীৰ অলপ পৰিৱৰ্তন কৰিলেই হাৰ্ট বহুখিনি সুস্থ ৰাখিব পাৰি।

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশসমূহত হাৰ্ট ষ্ট্ৰ’ক হৈছে মৃত্যুৰ দ্বিতীয় বৃহৎ কাৰণ।

আমাৰ দৈনন্দিন জীৱনত কি পৰিৱৰ্তন ঘটালে আমি এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰো সেয়া চোৱা যাওক।

শৰীৰত প্ৰয়োজনতকৈ অধিক শৰ্কৰা থকাটো কেতিয়াও ভাল কথা নহয়। ডায়েবেটিছৰ সমস্যা হ্ৰাস পালে হাৰ্ট এটেকৰ সম্ভাৱনা এনেও বহু কমি যায়।

শৰীৰৰ ওজন নিয়ন্ত্ৰণ ৰাখক। নিয়মিত যোগাসন-ব্যায়াম কৰিলে হাৰ্ট সুস্থ থাকে। সদায় আধাঘন্টা খোজকঢ়াটো প্ৰয়োজন। সপ্তাহটোত কমেও পাঁচদিন যোগ-ব্যায়াম কৰা উচিত।

মদ্যপান আৰু ধূমপান পৰিত্যাগ সম্পূৰ্ণ পৰিত্যাগ কৰিব লাগিব।

স্বাস্থ্যসন্মত খাদ্য খোৱাটো আন এক গুৰুত্বপূৰ্ণ বিষয়। প্ৰতিদিনিৰ খাদ্য তালিকাত প্ৰ’টিন, কাৰ্ব’হাইড্ৰেইট আৰু চৰ্বিৰ পৰিমানৰ সমতা ৰক্ষা কৰিব লাগে।

সতেজ ফল-মূল, শাক-পাচলি খাওক। প্ৰতিদিনে খোৱাৰ সাজত এমোগা-৩ফেটি এচিড থকা মাছ খাবলৈ চেষ্টা কৰক। ছাগলীৰ মাংস (ৰেড মিট), নিমখ, মিঠাই আদি খোৱাটো কমাই দিয়ক।

হাৰ্ট সুস্থ ৰাখিবলৈ পৰ্যাপ্ত টোপনি অত্যন্ত প্ৰয়োজনীয় বিষয়। সুস্থ থাকিবলৈ প্ৰতিদিনে সাত ঘন্টা টোপনি আৱশ্যক।

সেইদৰে মানসিক চাপৰ পৰা নিজকে মুক্ত ৰখাৰ চেষ্টা কৰা উচিত। ইয়াৰ বাবে নিয়মিত যোগাভ্যাস কৰা উচিত।

নিয়মিত যোগ-ব্যায়াম কৰিলে নিশাৰ টোপনি ভাল হয় আৰু তেতিয়া তেজৰ চলাচল আদিও সুষম হয়।