অসমৰ বিভিন্ন প্ৰান্তত ৰাইজৰ সমূহীয়া উদ্যোগত গঢ় লৈ উঠা শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ আছে এক নিজা ইতিহাস। বিভিন্নজনৰ নিঃস্বাৰ্থ ত্যাগৰ ফলত গঢ় লৈ উঠা এই শৈক্ষিক প্ৰতিষ্ঠানবোৰে ৰাজ্যখনৰ শৈক্ষিক পৰিৱেশটোক বিগত ডেৰ শতিকা ধৰি যিধৰণে আগবঢ়াই নিছে সিয়ে সাৰ্বজনীন শিক্ষাৰ প্ৰসাৰত সমূহ (community)ৰ ভূমিকা নিশ্চিতভাৱে সাব্যস্ত কৰিছে। সেয়েহে অসমৰ নিচিনা এক প্ৰান্তীয় মুলুকত শিক্ষাৰ বিকাশত চৰকাৰৰ ভূমিকাৰ সলনি আমি পোনতেই মনলৈ আনিব লাগিব হাজাৰ-বিজাৰ শিক্ষকৰ অপৰিসীম ত্যাগ তথা স্বাৰ্থহীনভাৱে বিদ্যালয় প্ৰতিষ্ঠাৰ বাবে ভূমি আৰু অৰ্থ প্ৰদান কৰা অলেখ লোকৰ নিঃচৰ্ত অৱদানক।
আজি অসমৰ প্ৰায় সকলো স্থানতে যিমানবোৰ বিদ্যালয় আমি দেখিবলৈ পাওঁ তাৰ ইতিহাস প্ৰায় একেধৰণৰ। একো একোটা অঞ্চলৰ কেইজনমান লোকৰ দূৰদৰ্শী চিন্তা আৰু সামূহিক প্ৰচেষ্টাত এসময়ত চৰকাৰী সাহায্য অবিহনে এই শৈক্ষিক প্ৰতিষ্ঠানবোৰ গঢ় লৈ উঠিছিল। বিদ্যালয় স্থাপন কৰাৰ বাবে মাটি প্ৰদান, ঘৰ-দুৱাৰ নিৰ্মাণ কৰিবলৈ আৰ্থিক সহায় কৰাৰ লগতে বিভিন্ন ধৰণৰ সমল প্ৰদান, সমূহৰ উদ্যোগত ঘৰ-দুৱাৰ নিৰ্মাণ, স্বেচ্ছাই বিনাবেতনে বা সামান্য মাননিৰ বিনিময়ত শিক্ষকতা কৰিবলৈ আগবাঢ়ি অহা (যিসকল লোকে সৌ তাহানিতে ব্ৰিটিছ আমোলত হয়তো বিভিন্ন ধৰণৰ চৰকাৰী চাকৰি অনায়াসে পালেহেঁতেন) লোকৰ প্ৰচেষ্টাতে অসমত এনে শৈক্ষিক প্ৰতিষ্ঠানবোৰ গঢ়ি উঠিছিল। সেয়েহে আজি অসমৰ প্ৰান্তে প্ৰান্তে অৱস্থান কৰিছে বিভিন্ন ধৰণৰ প্ৰাথমিক বিদ্যালয়, উচ্চ বা উচ্চতৰ মাধ্যমিক বিদ্যালয়, আৰু অলেখ মহাবিদ্যালয়। ৰাইজৰ প্ৰচেষ্টাত গঢ়ি উঠা এনে প্ৰতিষ্ঠানবোৰৰ বাবেহে আজি আমাৰ ৰাজ্যখনে সাক্ষৰতাৰ হাৰ, শৈক্ষিক বিকাশ আদিৰ দিশত দেশখনৰ ভিতৰতে আগৰণুৱা হ’ব পাৰিছে। এই সামূহিক প্ৰচেষ্টাক নস্যাৎ কৰি চৰকাৰে ইয়াৰ পূৰ্ণ কৃতিত্ব ল’বলৈ যোৱাটো নিঃসন্দেহে হ’ব দুৰ্ভাগ্যজনক।
কিন্তু বাস্তৱত অসম তথা ভাৰত চৰকাৰে তেনে এক দুৰ্ভাগ্যজনক অৱস্থানকে আঁকোৱালি লোৱা দেখা গৈছে। স্বৰাজোত্তৰ সময়ছোৱাত ৰাইজৰ সজ প্ৰচেষ্টাৰ প্ৰতি সমৰ্থন জনাই চৰকাৰে এনে বিদ্যালয়-মহাবিদ্যালয় আদিক প্ৰাদেশিকীকৰণ কৰাৰ প্ৰচেষ্টা চলাইছিল। তাৰ বাবে আইন-কানুন প্ৰণয়ন কৰাৰ লগতে চৰকাৰে এনে সজ প্ৰচেষ্টাক উদগনি যোগাইছিল। কিন্তু বিগত তিনি-চাৰিটা দশকত চৰকাৰে এনে প্ৰচেষ্টাক আদৰণি জনোৱাৰ সলনি পৃষ্ঠপোষকতা কৰিছে শিক্ষানুষ্ঠানৰ ব্যক্তিগতকৰণত। চৰকাৰৰ এনে মনোবৃত্তিৰ ফলতে চূড়ান্ত অনিশ্চয়তাৰ শংকাত ভুগিছে অসমৰ হাজাৰ-বিজাৰ অপ্ৰাদেশীকৃত বিদ্যালয়-মহাবিদ্যালয়বোৰৰ শিক্ষক-কৰ্মচাৰী।
প্ৰাদেশিকীকৰণৰ অনিশ্চিত বিধি: অসমৰ অপ্ৰাদেশীকৃত শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ কৰ্মৰত শিক্ষক-কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ বাবে অসম চৰকাৰে ২০১১ চনতে প্ৰণয়ন কৰি উলিয়াইছিল Assam Venture Educational Institutions (Provincialisation of Services) Act, 2011 শীৰ্ষক আইনখন। পৰৱৰ্তী সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক খণ্ড বিচাৰপীঠে এই আইনখনৰ বৈধতাক লৈ প্ৰশ্ন তোলা কেইখনমান লেখ আৱেদনৰ শুনানি গ্ৰহণ কৰি আইনখনক অবৈধ বুলি ঘোষণা কৰে। এই আইনখনৰ অধীনত যিবোৰ বিদ্যালয়ে ১০ বছৰ অতিক্ৰম কৰিছে সেইবোৰ প্ৰাদেশিকীকৰণ কৰা হ’ব বুলি কোৱা হৈছিল। পৰৱৰ্তী সময়ত এই সময়সীমা ৭ বছৰলৈ হ্ৰাস কৰা হৈছিল। উল্লেখ্য যে ২০১১ চনৰ আইনখনে শিক্ষাৰ অধিকাৰ আইনখনৰ বহুতো উপবন্ধ মনা নাই বুলি উল্লেখ কৰি খণ্ড বিচাৰপীঠখনৰ পৰা কোৱা হৈছিল যে এনে বিদ্যালয়বোৰত শিক্ষক নিযুক্তি কোনো প্ৰতিযোগিতাৰ ভিত্তি দিয়া নহয় আৰু ই দুৰ্বোধ্য। এনে এক ব্যৱস্থা চলি থাকিবলৈ দিলে শিক্ষা ক্ষতিগ্ৰস্ত হ’ব। ইয়ে স্বাভাৱিকতে আমাৰ ৰাজ্যৰ পৰৱৰ্তী প্ৰজন্মৰ ওপৰতো ঋণাত্মক প্ৰভাৱ পেলাব (“The appointment at teachers in the venture institutions is not competition based and is opaque and therefore, quality of education is bound to suffer if this is allowed to continue. This naturally will negatively impact the next generation of our state.”)
ইয়াৰ পাছতে অসম চৰকাৰৰ ফালৰপৰা এখন পুনৰীক্ষণ আৱেদন (review petition) আদালতত দাখিল কৰা হয়। এই আৱেদনৰ বিচাৰৰ জৰিয়তে সিদ্ধান্ত লোৱা হয় যে যিসকল লোকৰ চাকৰি ইতিমধ্যে ২০১১ চনৰ উল্লিখিত আইনৰ অধীনত প্ৰাদেশীকৃত কৰা হৈছিল সেইসকলৰ চাকৰি সুৰক্ষিত কৰিবলৈ তথা নতুনকৈ এই ক্ষেত্ৰত বিধি প্ৰণয়ন কৰিবলৈ অসম চৰকাৰে এখন নতুন আইন প্ৰণয়ন কৰিব। সেই অনুসাৰে ২০১৭ চনত অসম চৰকাৰে প্ৰণয়ন কৰি উলিয়ায় The Assam Education (Provincialisation of Services of Teachers and Re-organization of Educational Institutions) Act, 2017। এই আইনখনৰ ২৪নং অনুচ্ছেদ অনুযায়ী ২০১৬ চনৰ ২৩ ছেপ্টেম্বৰৰ আগতে যিসকলৰ চাকৰি প্ৰাদেশিকৃত কৰা হৈছিল, সেইসকলৰ চাকৰি নতুন আইন অনুসৰিও সুৰক্ষিত হৈয়ে থাকিব।
উল্লিখিতি ২০১৭ চনৰ আইনখনৰ প্ৰস্তাৱনাত কোৱা হৈছে যে অসমৰ অপ্ৰাদেশিকৃত শৈক্ষিক প্ৰতিষ্ঠানবোৰৰ শিক্ষকৰ চাকৰিৰ প্ৰাদেশিকীকৰণ কৰিবলৈ আৰু বৰ্তমান থকা বিধিগত ৰীতি আৰু মান অনুযায়ী এনে শৈক্ষিক প্ৰতিষ্ঠান ডিগ্ৰী পৰ্য্যায়লৈ পুনৰ সংগঠিত তথা সুসংবদ্ধ কৰিবলৈ তথা ভৱিষ্যতলৈ অসম ৰাজ্যত এনে ভেঞ্চাৰ শৈক্ষিক প্ৰতিষ্ঠান গঢ়ি উঠাত বাধা-নিষেধ দিবলৈ আইনখন প্ৰণয়ন কৰা হৈছে (Whereas it is expedient to provincialise the services of the teachers of the Venture Educational Institutions and also to re-organise and streamline the Educational Institutions up to Degree level in Assam so as to conform to the prevailing statutory norms and standards with a further objective to restrict any further growth of such venture Educational Institutions in the State of Assam)। এই আইনৰ ৩নং অনুচ্ছেদ অনুযায়ী যিবোৰ অপ্ৰাদেশিকৃত শৈক্ষিক প্ৰতিষ্ঠান ২০০৬ চনৰ ১ জানুৱাৰিৰ আগত প্ৰতিষ্ঠিত হৈছে, যাৱতীয় অনুমতি (permission), স্বীকৃতি (recognition), শাখাভৰ্তিকৰণৰ অনুমতি (affiliction), মঞ্জুৰি (concurrence) লাভ কৰিছে তেনে প্ৰতিষ্ঠানৰ শিক্ষকসকলৰ চাকৰি প্ৰাদেশিকৃত হ’ব।
দুৰ্ভাগ্যৰ কথা যে এই ২০১৭ চনৰ আইনখন অনুসৰি শিক্ষা বিভাগৰ এক নিৰ্দেশনাত সমগ্ৰ প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াটো ২০১৭ বৰ্ষৰ ছেপ্টেম্বৰ মাহত সম্পূৰ্ণ কৰা হ’ব বুলি উল্লেখ কৰা হৈছিল। ইয়াৰ পাছতে জিলা পুনৰীক্ষণ সমিতিসমূহে প্ৰাদেশিকীকৰণৰ ফাইল শিক্ষা সঞ্চালকলৈ প্ৰেৰণ কৰিছিল যদিও চৰকাৰৰ অমনোযোগিতা আৰু অৱহেলাৰ বাবে আজিপৰ্য্যন্ত প্ৰাদেশিকীকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। বৰঞ্চ এই প্ৰাদেশিকীকৰণৰ বিষয়টোক অধিক জটিলহে কৰি তোলা হ’ল। অসম চৰকাৰৰ অনিচ্ছা আৰু অৱহেলাৰ বাবেই আজিও ৰাজ্যখনত হাজাৰ-বিজাৰ অপ্ৰাদেশিকীকৃত শৈক্ষিক প্ৰতিষ্ঠানৰ শিক্ষক-কৰ্মচাৰীয়ে জীৱনৰ চূড়ান্ত অনিশ্চয়তাৰ মাজত দিন অতিবাহিত কৰিব লগাত পৰিছে। যি সময়ত ভাৰত চৰকাৰে নতুন শিক্ষানীতিৰে চমকপ্ৰদ শৈক্ষিক ঐতিহ্যৰ কথা বিশ্ববাসীৰ আগত জাহিৰ কৰিব বিচাৰিছে তেনে সময়ত শিক্ষাদানত ব্ৰত লোকসকলে পেটৰ ভাতৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱাটো দুৰ্ভাগ্যজনক।
(লেখক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা, তেখেতৰ ই-মেইল : [email protected])