এই নতুন চাটলকে (Chatlock) আপোনাৰ বাৰ্তালাপ কেনেকৈ গোপনে কৰি ৰাখিব সেই বিষয়ে স্বাভাৱিকতে কৌতুহল জাগিছে? চোৱা যাওক হোৱাটছএপৰ এই নতুন ফিচাৰৰ কিছু দিশ। সুবিধা-অসুবিধা কি তাকো চাওঁক। লগতে ই কেনেকৈ বাৰ্তালাপ (Chat) গোপনে ৰাখে তাকো জানো আহক।
কাৰোবাৰ লগত গোপনে ফোনত বাৰ্তালাপ ফোনতেই গোপনে ৰাখিব বিচাৰে? কোনোবাই সেয়া উলিয়াই চাওক, সেইটো নিবিচাৰে? তেতিয়াহ’লে WhatsApp-য়ে লৈ আনিছে আপোনাৰ বাবে ভাল খবৰ। এইবাৰ হোৱাটছএপৰ গোপন বাৰ্তালাপ গোপন কৰি ৰাখিবলৈ মেটাই লৈ আহিছে হোৱাটছএপৰ ‘চাট লক’ ‘Chatlock’।
লগতে পঢ়ক: দু:সংবাদ! পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে আৰক্ষী বিষয়া জোনমণি ৰাভাই
WhatsApp ত কেনেকৈ বাৰ্তালাপ গোপনে ৰাখিব:- এই ব্যক্তিগত বাৰ্তালাপ এটা বিশেষ ফোল্ডাৰত সংৰক্ষণ কৰা হব। কোনে তাত কথা পাতিছে, তাৰ নাম লুকাই থাকিব। লগতে মেছেজৰ নটিফিকেচনো নাহিব।
পিন কোড: – সমগ্ৰ হোৱাটছএপটো লক কৰিবলৈ বায়’মেট্ৰিক বা পিন ক’ডেৰে লক কৰাৰ সুবিধা আছে। ই এণ্ড্ৰইড ফোন আৰু আই অ’ এছ দুয়োটাতে উপলব্ধ। ই যিকোনো গোপন বাৰ্তালাপক সুৰক্ষিত কৰি ৰাখে। কোনোবাই আপোনাৰ ফোনত তথ্যৰ অনু সন্ধান কৰিলেও পিন ক’ড বা বায়’মেট্ৰিক্স অবিহনে তেওঁ এই বাৰ্তালাপবোৰ বিচাৰি নাপাব।
কেনেদৰে ইনষ্টল কৰিব:- WhatsApp ৰ প্ৰাইভেচি চেটিঙত ইতিমধ্যে কেইবাটাও বস্তু যোগ কৰা হৈছে। ইয়াৰ ভিতৰত আছে ডিছএপিয়াৰিং মেচেজ, স্ক্ৰীণশ্বট ব্লকিং, ষ্টেটাছ মেচেজ কোনে চাব নিয়ন্ত্ৰণ কৰা, লাষ্ট চিন বন্ধ কৰা। নতুনটো হৈছে Chatblock। ইয়াৰ বাবে WhatsApp ৰ শেহতীয়া ভাৰ্ছন ডাউনলোড কৰক। তাৰ পিছত আপুনি যিজন ব্যক্তিৰ লগত চাট লক কৰিব বিচাৰে তেওঁৰ প্ৰফাইল পিকচাৰলৈ যাওক। তাত আপুনি নতুন অপশ্যন Chatlock পাব। আপুনি disappearing message ৰ তলতে পাব অপশ্যনটো। ইয়াক সক্ষম (enable) কৰক। তাৰ পিছত আপোনাৰ ফোনটোৰ পাছৱৰ্ড আৰু বায়’মেট্ৰিক্সৰ সহায়ত অথেন্টিকেট কৰক।
লগতে পঢ়ক: স্বস্তি কংগ্ৰেছৰ! সিদ্দাৰামাইয়ালৈ ‘শুভকামনা’ জনাই শিৱকুমাৰে ক’লে, ‘মই বিদ্ৰোহী নহয়’
মেচেজ এডিট কৰাৰ ফিচাৰৰ লগতে হোৱাটছএপে চলি থকা কিছু সমস্যাও সমাধান কৰিব। ইয়াৰ ফলত গ্ৰাহকৰ অভিজ্ঞতা আৰু আনন্দদায়ক হ’ব।