উৎসৱৰ সময়তে অচল হৈ পৰিব WhatsApp; কোন কোন স্মাৰ্টফোনত নকৰিব কাম?

প্রতিনিধিত্বমূলক ফটো।

উৎসৱৰ সময়তে বন্ধ হৈ পৰিহ হোৱাটছএপ। এই মেছেজিং এপটোৱে হয়তো বিজয়া দশমী দিনটোতে কাম কৰা বন্ধ কৰি দিব পাৰে। কিছুমান বিশেষ স্মাৰ্টফোনত মেছেজিং, ফটো-ভিডিঅ’ এক্সচেঞ্জত সমস্যাৰ সন্মুখীন হ’ব পাৰে। কিয়নো অক্টোবৰৰ পৰা পুৰণি অপাৰেটিং চিষ্টেমত এই এপটো কাম নকৰা হ’বলৈ গৈ আছে।

এণ্ড্ৰইড অপাৰেটিং চিষ্টেমত ব্যৱহাৰকাৰীৰ নিৰাপত্তা কটকটীয়া কৰি ৰাখিবলৈ হোৱাটছএপে একাধিক আপডেট আনি থাকে। এই আপডেটসমূহে ইউজাৰৰ মেছেজিং হিস্ত্ৰী সুৰক্ষিত ৰাখে আৰু লগতে আপডেটৰ সৈতে ৰোল আউট কৰা ফিচাৰ্ছসমূহৰ সুবিধাও লব পাৰি।

লগতে পঢ়ক: মণিপুৰ হিংসা: যোৱা ৬ জুলাইত নিৰুদ্দেশ হোৱা দুই মেইটেই শিক্ষাৰ্থীক ‘হত্যা’; ছ’চিয়েল মিডিয়াত ভাইৰেল ফটো

শেহতীয়াকৈ হোৱাটছএপে এক ঘোষণাত কয় যে ২৪ অক্টোবৰৰ পৰা এণ্ড্ৰইড অপাৰেটিং চিষ্টেম ৪.১ বা তাৰ পুৰণি সংস্কৰণসমূহত আৰু সেই নিৰাপত্তা বা নতুন ফিচাৰ্ছৰ সুবিধা পোৱা নাযাব। কাৰণ এই অপাৰেটিং চিষ্টেম চলা সকলো ফোনতে মেটাই হোৱাটছএপ সমৰ্থন বন্ধ কৰি দিছে।

আপুনিও এই তালিকাত আছেনে?

Nexus 7

Samsung Galaxy Note 2

HTC One

Sony Xperia Z

LG Optimus G Pro

Samsung Galaxy S2

Samsung Galaxy Nexus

HTC Sensation

Motorola Droid Razr

Sony Xperia S2

Motorola Xoom

Samsung Galaxy Tab 10.1

Asus Eee Pad Transformer

Acer Iconia Tab A5003

Samsung Galaxy S

HTC Desire HD

LG Optimus 2X

Sony Ericsson Xperia Arc3

যদি আপোনাৰ স্মাৰ্টফোন ওপৰৰ তালিকাত আছে তেন্তে আপুনি ইয়াক ২৪ অক্টোবৰৰ ভিতৰত উন্নীত কৰিব লাগিব। অন্যথা এপটোৱে কাম কৰা সম্পূৰ্ণৰূপে বন্ধ হৈ যাব। কোম্পানীটোৰ মতে, এই স্মাৰ্টফোনসমূহ এতিয়াও বহুতে ব্যৱহাৰ কৰি আছে।

স্মাৰ্টফোনসমূহৰ পুৰণি অপাৰেটিং চিষ্টেমৰ বাবে ই হোৱাটছএপৰ নতুন আপডেটসমূহ সমৰ্থন নকৰে। ফলত ব্যৱহাৰকাৰীয়ে এই সুৰক্ষা সংক্ৰান্তীয় ফিচাৰ্ছসমূহ নাপাব। লগতে যিবোৰ নতুন সুবিধা যোগ কৰা হৈছে (যেনে হোৱাটছএপ চেনেল, চেট লক) তাৰ পৰা তেওঁলোক বঞ্চিত হব লাগিব ।

লগতে পঢ়ক: তামিলনাডুত ভাঙিল NDA! লোকসভা নিৰ্বাচনত বিজেপিৰ লগত নাথাকে মিত্ৰ AIADMK

এই ক্ষেত্ৰত, আপোনাৰ ফোন এই তালিকাত আছে নে নাই জানিবলৈ, আপুনি ফোন ছেটিংছলৈ গৈ এবাউট ফোন > চফ্টৱেৰ ইনফৰমেশ্যন অপচনত গৈ অপাৰেটিং চিষ্টেমটো চাই লব পাৰে।

WhatsApp বন্ধ হ’লে কি কৰিব? যদি ইউজাৰৰ ফোনটোৰ অপাৰেটিং চিষ্টেম ৪.১ বা তাতকৈ পুৰণি হয় তেন্তে কেৱল হোৱাটছএপেই নহয় বহু এপেও কাম কৰা বন্ধ কৰি দিব। গতিকে সেই ইউজাৰসকলক ফোনটো শীঘ্ৰেই উন্নীত কৰিবলৈ কোৱা হৈছে।