পিতৃ উদ্ধৱ থাকৰেক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ সময়ত পুত্ৰ আদিত্য থাকৰেই মহিলা সাংসদক লগতলৈ ভ্ৰমণ কৰিছিল চুইজাৰলেণ্ড, শিৱসেনা সাংসদৰ বিস্ফোৰক মন্তব্য

মহাৰাষ্ট্ৰত শিৱসেনা দুটা ভাগত বিভক্ত হৈ পৰাৰ পিছত ইটো গোটে সিটো গোটলৈ বোকা চটিওৱাৰ খেল খেলিবলৈ আৰম্ভ কৰিছে। শেহতীয়াকৈ শিৱসেনাৰ সিন্দে গোটৰ এজন সাংসদে উদ্ধৱ থাকৰেৰ পুত্ৰ আদিত্য থাকৰেৰ বিৰুদ্ধে উত্থাপন কৰিছে কেতবোৰ গুৰুতৰ অভিযোগ।

শিৱসেনাৰ লোকসভাৰ সাংসদ ৰাহুল শেৱালে কয় ’২০২১ চনত যেতিয়া ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল তেতিয়া থাকৰেৰ পুত্ৰ আদিত্য থাকৰেই এগৰাকী মহিলা সাংসদক লগত লৈ চুইজাৰলেণ্ড ভ্ৰমণ কৰিছিল । “সাংসদগৰাকীয়ে লগতে কয় যে পিতৃৰ বেমাৰৰ পিছতো আদিত্যই চুইজাৰলেণ্ডৰ পাবত মহিলা সাংসদগৰাকীৰ সৈতে আমোদ-প্ৰমোদত ব্যস্ত আছিল। ইয়ৰ পৰাই বুজিব পাৰি পিতৃ আৰু ৰাজ্যৰ প্ৰতি তেওঁ কিমান দায়বদ্ধ। ’

উল্লেখ্য এইবাৰৰ দশেৰা উৎসৱৰ এক সমদলটোতে উদ্ধৱ থাকৰেই কৈছিল “মই অনুতাপ কৰো যে যেতিয়া মোক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, মই যিসকল লোকক ৰাজ্যৰ দায়িত্ব দিছিলো তেওঁলোক ‘উৎসাহিত ‘ হৈ পৰিছিল আৰু মোক বিশ্বাসঘাতকতা কৰিছিল… তেওঁলোকে ভাবি আছিল যে মই কেতিয়াও চিকিৎসালয়ৰ পৰা উভতি আহিব নোৱাৰিম।”
উদ্ধৱ থাকৰেৰ এনে মন্তব্যৰপিছতে শিৱসেনাৰ সাংসদগৰাকীয়ে আদিত্য থাকৰেক আক্ৰমণৰ লক্ষ্য কৰি লয়।