NORTHEAST NOW (Assamese)

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm · এন ই নাও নিউজ, গুৱাহাটী

প্ৰকৃত তৃণমূল কংগ্ৰেছ কোনটো, তাক লৈ বৰ্তমান এক ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। এই সন্দৰ্ভত সোমবাৰে কালিঘাটৰ তৃণমূল অৰ্থাৎ মমতা বেনাৰ্জীৰ গোটে নিৰ্বাচন আয়োগৰ ওচৰত নিজৰ স্থিতি স্পষ্ট কৰি দিছে। কিন্তু আনটো পক্ষ অৰ্থাৎ ঋতব্ৰত বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূলৰ তৰফৰ পৰা প্ৰয়োজনীয় নথি-পত্ৰ জমা দিবৰ বাবে আয়োগৰ ওচৰত অলপ অতিৰিক্ত সময় বিচৰা হৈছিল। নিৰ্বাচন আয়োগে তেওঁলোকৰ এই আবেদন গ্ৰহণ কৰি আগন্তুক ১০ জুলাইলৈকে সময়সীমা বৃদ্ধি কৰিছে। ই-মেইলৰ জৰিয়তে ঋতব্ৰত গোটক জনোৱা হৈছে যে তেওঁলোকে ১০ জুলাইৰ ভিতৰত নিজৰ দাবীৰ সপক্ষে প্ৰয়োজনীয় তথ্য আৰু নথি দাখিল কৰিব পাৰিব।

যোৱা সপ্তাহত নিৰ্বাচন আয়োগে প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল আৰু উলুবেৰিয়া পূব সমষ্টিৰ বিধায়ক ঋতব্ৰত বেনাৰ্জীৰ নেতৃত্বাধীন গোট দুয়োটাকে পত্ৰ প্ৰেৰণ কৰিছিল। দলৰ সাংগঠিনক নিৰ্বাচন, অনুমোদিত স্বাক্ষৰকাৰী আৰু দলটোৰ ওপৰত থকা অধিকাৰৰ ভিত্তিবোৰৰ সন্দৰ্ভত দুয়োটা পক্ষৰ পৰাই লিখিত উত্তৰ বিচৰা হৈছিল। সোমবাৰে আবেলি সাৰে পাঁচ বজাৰ ভিতৰত এই উত্তৰ জমা দিয়াৰ নিৰ্দেশ আছিল। নিৰ্ধাৰিত সময়ৰ ভিতৰতে মমতা বেনাৰ্জীৰ শিবিৰে নিজৰ বিতং উত্তৰ আয়োগের ওচৰত দাখিল কৰে আৰু তাত ঋতব্ৰত শিবিৰৰ সকলো দাবী খাৰিজ কৰা হয়। আনহাতে, ঋতব্ৰত পক্ষৰ অধিবক্তা এজনে আয়োগৰ ওচৰত গৈ অতিৰিক্ত সময়ৰ আবেদন জনায় আৰু তাৰ পিছতে আয়োগে এই সময় বৃদ্ধি কৰে।

নিৰ্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, নিৰ্ধাৰিত সময়ৰ ভিতৰত উত্তৰ লাভ কৰাৰ পিছত দুয়োটা পক্ষৰ দাবী, প্ৰতি-দাবী আৰু নথি-পত্ৰসমূহ পৰীক্ষা কৰি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ’ব। উল্লেখযোগ্য যে যোৱা সপ্তাহত মুখ্য নিৰ্বাচন আয়ুক্তকে ধৰি সম্পূৰ্ণ আয়োগৰ সন্মুখত ঋতব্ৰত বেনাৰ্জীৰ নেতৃত্বাধীন এটা প্ৰতিনিধি দলে নিজৰ বক্তব্য দাঙি ধৰিছিল। এই বৈঠকক লৈ মমতা বেনাৰ্জীৰ শিবিৰে আপত্তি দৰ্শাই অভিযোগ কৰিছিল যে এটা স্বীকৃত ৰাজনৈতিক দলৰ অনুমোদিত প্ৰতিনিধিৰ বাহিৰে আন এটা পক্ষক শুনানিৰ সুযোগ দি আয়োগে নিজৰ প্ৰচলিত নিয়মৰ পৰা আঁতৰি আহিছে। ইয়াৰ পিছতে আয়োগে দুয়োটা পক্ষৰ লিখিত বক্তব্য জানিব বিচাৰিছিল।

 

Related News