নাকৰ পৰা এই বগা শালবোৰ কেনেকৈ দূৰ কৰিব?

দিনক দিনে প্ৰদূষণ বাঢ়িছে, যাৰ ফলত ছালৰ অৱস্থা অতি বেয়া হৈ পৰিছে। ধূলি, মলি, প্ৰদূষণৰ বাবে মুখমণ্ডলত বিশেষকৈ নাকৰ আগত বগা শাল বা ব্ৰণ জমা হয়।

বগা এই শালৰ পৰা মুক্তি পাবলৈ ছালৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাটো অতি প্ৰয়োজনীয়। কিছুমান ঘৰুৱা দিহাৰে এই সমস্যাৰ পৰা আঁতৰি থাকিব পাৰি।

এলোভেৰা জেল আৰু নেমুৰ ৰস

মুখ পৰিষ্কাৰ কৰাত এলোভেৰাই বহুত সহায় কৰে। ই ছালৰ পৰা অতিৰিক্ত তেল কমোৱাত সহায় কৰে। নেমুৰ ৰস মিহলাই এলোভেৰা জেল লগালে এনে সমস্যা আঁতৰি যায়।

মৌ

সংবেদনশীল ছালৰ বাবে মৌ অতি উপকাৰী। নাকত জমা হোৱা বগা দাগৰ ওপৰত মৌজোল লগাই মালিচ কৰিলে বগা শাল আঁতৰি যায়।

অটমিলৰ সৈতে স্ক্ৰাব কৰক

অটমিলৰ সৈতে স্ক্রাব কৰিলে এনে বগা শালৰ পৰা মুক্তি পাব পাৰি।

হালধী

বগা শালৰ পৰা মুক্তি পাবলৈ হালধী ব্যৱহাৰ কৰিব পাৰে। কেঁচা হালধী পিচি তাৰ লগত মৌজোল মিহলাই মুখত ঘহিলে মুখ পৰিস্কাৰ হয় আৰু এনে বগা শালৰ সমস্যাৰ পৰা আঁতৰি থাকিব পাৰি।