মহৎ কৰ্মৰ স্বীকৃতি! ভাৰতৰ আশা কৰ্মীসকলক সন্মান জনালে বিশ্ব স্বাস্থ্য সংস্থাই

আশাকৰ্মীসকলে দেশৰ সংকটত এক “গুৰুত্বপূৰ্ণ ভূমিকা” পালন কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই দেওবাৰে ভাৰতৰ ১০ লাখ মহিলা আশা স্বেচ্ছাসেৱকক তেওঁলোকৰ অদম্য প্ৰচেষ্টাৰ বাবে সন্মানিত কৰিছে। আশাকৰ্মীসকলে গ্ৰাম্যাঞ্চলত পোনপটীয়াকৈ স্বাস্থ্যসেৱা প্ৰদান কৰি এক দৃষ্টান্ত দাঙি ধৰিছে।

দেশত স্বীকৃত সামাজিক স্বাস্থ্যকৰ্মী বা আশা স্বেচ্ছাসেৱকসকল হৈছে ভাৰত চৰকাৰৰ দ্বাৰা অনুমোদিত স্বাস্থ্যসেৱাৰ কৰ্মী যিয়ে হৈছে গ্ৰাম্য ভাৰতৰ সৈতে যোগাযোগৰ প্ৰথম সূত্ৰস্থাপনকাৰী।

ভাৰতত কৰ’নাভাইৰাছ সংক্ৰমণৰ সময়ত ৰোগী চিনাক্ত কৰিবলৈ ঘৰে ঘৰে সেৱা প্ৰদানৰ কামেৰে আশা কৰ্মীসকলে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ অধানম ঘেব্ৰিয়াচুছে দেওবাৰে বিশ্ব স্বাস্থ্যৰ উন্নতিত অসামান্য অৱদান, নেতৃত্ব আৰু আঞ্চলিক স্বাস্থ্য সমস্যাৰ প্ৰতি প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰাৰ বাবে ছয়টা বঁটা ঘোষণা কৰে।

 

টেড্ৰোছে বিশ্ব স্বাস্থ্য সংস্থাৰ গ্ল’বেল হেল্থ লীডাৰ্ছ বঁটাৰ বাবে বঁটাপ্ৰাপকসকলৰ বিষয়ে সিদ্ধান্ত লয়। তেওঁ কয়, “আশা সন্মান প্ৰাপকসকলৰ ভিতৰত ভাৰতত ১০ লাখতকৈও অধিক মহিলা স্বেচ্ছাসেৱকক স্বাস্থ্য ব্যৱস্থাৰ সৈতে সকলো সম্প্ৰদায়ক সংযোগ কৰাত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে সন্মানিত কৰা হৈছে, যিসকলে গ্ৰাম্যাঞ্চলত দৰিদ্ৰ সীমাৰেখাৰ ভিতৰত বাসকৰ সকলৰ প্ৰাথমিক স্বাস্থ্য সেৱা লাভ নিশ্চিত কৰিছে। যিটো সমগ্ৰ কোভিড-১৯ মহামাৰীৰ সময়ত দেখা গৈছে।”

আশা কৰ্মীসকলে শিশুৰ বাবে ভেকচিন-প্ৰতিৰোধযোগ্য ৰোগৰ বিৰুদ্ধে মাতৃসকলৰ যত্ন লোৱা আৰু টিকাকৰণ কৰা, গাওঁবোৰলৈ গৈ স্বাস্থ্য সেৱা, উচ্চ ৰক্তচাপ আৰু যক্ষ্মা চিকিৎসা আৰু পুষ্টি, অনাময় আৰু স্বাস্থ্যকৰ জীৱনযাপনৰ বাবে স্বাস্থ্য সেৱা প্ৰদান কৰাৰ কাম কৰি আহিছে।

ভাৰতৰ আশাকৰ্মীসকলে লাভ কৰা এই সন্মানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলোকক শুভেচ্ছা জনাইছে।