Monkeypox মাংকি পক্সঃ যৌন সঙ্গীৰ সংখ্যা হ্ৰাস কৰিবলৈ পৰামৰ্শ বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীৰ

ভাৰতকে ধৰি বিশ্বৰ ৩২ খন দেশত এতিয়া কোভিডৰ সমান্তৰাল ভাবে মাংকি পক্সে এক নতুন বিপদ মাতি আনিছে। এই ৰোগ বিধ সোঁচৰাৰ এক অন্যতম কাৰণ হিচাবে যৌন সম্পৰ্ককে নিৰ্ধাৰণ কৰা হৈছে। শেহতীয়াকৈ নিউ ইংলেণ্ড জাৰ্নেল অফ মেডিচিনত প্ৰকাশিত প্ৰতিবেদন অনুসৰি ৯৫ শতাংশ মাংকি পক্সৰ সংক্ৰমণ যৌন কাৰ্যৰ জৰিয়তে হৈছে।

শেহতীয়া গৱেষণাত দেখা গৈছে যে মাংকি পক্সত সংক্ৰমিত লোকৰ ৯৮ শতাংশ লোকেই হয় সমকামী বা উভকামী পুৰুষ। অধ্যয়নটো ৫২৮ জন সংক্ৰমিত লোকক লৈ চলোৱা হৈছিল।

এনে সময়তে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ এডেনহোম ঘেব্ৰেয়েচাছে যিসকল পুৰুষৰ মাংকি পক্সৰ আশংকা আছে তেওঁলোকে যৌন সঙ্গীৰ সংখ্যা সীমিত কৰাৰ পৰামৰ্শ দিছে। ৰোগ বিধৰ ভয়াৱহাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থাই মাংকি পক্সলৈ বিশ্বব্যাপী স্বাস্থ্য জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে।

জানিব পৰা গৈছে যে সংক্ৰমিত লোকৰ সৈতে বা নিজে সংক্ৰমিত হোৱা পুৰুষে যৌন সম্ভোগ কৰা বাবেই এই ৰোগ দ্ৰুত গতিত বিয়পিছে। মাংকি পক্স নামেৰে পৰিচিত এই ৰোগবিধ মূলতঃ যৌন সম্পৰ্কৰ জৰিয়তে বিয়পে যদিও ৰোগীয়ে ব্যৱহাৰ কৰা কাপোৰ-কানিৰ পৰাও ৰোগ বিধ বিয়পাৰ আশংকা থকা বুলি স্বাস্থ্য বিজ্ঞানীসকলে প্ৰকাশ কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ (চিডিচি) মতে, মাংকি পক্সৰ লক্ষণসমূহ হ’ল — জ্বৰ, পেশীৰ বিষ আৰু গ্ৰন্থি আদি ফুলা মাংকি পক্সত আক্ৰান্ত লোকৰ মুখ আৰু শৰীৰত চিকেন পক্সৰ দৰে চোকোৰা-চোকৰ গুটি ওলায়।যৌন সংক্ৰমণ আৰু তেজ-বাহিত সংক্ৰমণৰ জৰিয়তে মাংকি পক্সৰ বিস্তাৰ ঘটিব পাৰে বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে।