কৰ’না ৰোগীৰ সংস্পৰ্শলৈ আহি কোৱাৰেন্টাইনত বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী

who-2_062320083514-new-750x375

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ অ’ধানম ঘেব্ৰিয়াছুছ।

বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ ডিৰেক্টৰ জেনেৰেল টেড্ৰ’ছ অ’ধানম ঘেব্ৰিয়াছুছ কোৱাৰেন্টাইনত গৈছে।

দেওবাৰে নিজৰ কোৱাৰেন্টাইনলৈ যোৱাৰ কথা প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী গৰাকীয়ে।

টেড্ৰ’ছে টুইট কৰি কয় যে তেওঁ এনে এগৰাকী ব্যক্তিৰ সংস্পৰ্শলৈ আহিছে যাৰ কৰ’না পৰীক্ষাৰ ফলাফল পজিটিভ আহিছে। ইয়াৰ পাছতে নিজকে কোৱাৰেন্টাইন কৰি ৰখাৰ সিদ্ধান্ত লয় বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী গৰাকীয়ে।

তেওঁ জানিবলৈ দিয়ে যে বৰ্তমান তেওঁ সম্পূৰ্ণ সুস্থ আছে যদিও WHOৰ প্ৰট’কল অনুসৰণ কৰি তেওঁ অহা কেইদিনমানৰ কাৰণে কোৱাৰেন্টাইন থাকিব আৰু ৱৰ্ক ফ্ৰম হ’ম কৰিব।

আনহাতে, বিশ্বত মুঠ কৰ’না আক্ৰান্তৰ সংখ্যা ৪কোটি ৬৮লাখ অতিক্ৰম কৰিছে। সেইদৰে, কৰ’নাত মৃত্যুৰ সংখ্যাৰ ১২লাখ ৫হাজাৰ ১৯৪জনলৈ বৃদ্ধি পাইছে।

বিশ্বত মুঠ ৩,৩৭কোটি কৰ’না আক্ৰান্ত লোক সুস্থ হৈ উঠিছে।