NORTHEAST NOW (Assamese)

ফাইজাৰৰ কৰ’না ভেকচিনে লাভ কৰিলে WHOৰ অনুমোদন; জৰুৰী ভিত্তিত হ’ব ব্যৱহাৰ

January 1, 2021 11:24 am · এন ই নাও নিউজ

বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ অনুমোদন লাভ কৰিলে ফাইজাৰ আৰু বায়’এনটেকৰ কৰ’না ভেকচিনে। জৰুৰী অৱস্থাত ব্যৱহাৰৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাই বৃহস্পতিবাৰে এই ভেকচিনৰ অনুমতি দিছে।

বিশ্ব স্বাস্থ্য সংস্থাই সমগ্ৰ বিশ্বত থকা তেওঁলোকৰ আঞ্চলিক কাৰ্যালয়সমূহৰ জৰিয়তে এই ভেকচিনৰ সুবিধা সম্পৰ্কত দেশসমূহৰ সৈতে কথা পাতিব।

বিশ্বৰ বিভিন্ন দেশত ফাইজাৰৰ ভেকচিন ব্যৱহাৰৰ পথ মুকলি কৰা হৈছে। যিমান সম্ভৱ শীঘ্ৰে দৰিদ্ৰ দেশসমূহত কৰ’নাৰ ভেকচিন অনাৰ জৰুৰী তালিকা প্ৰস্তুত প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

তালিকাত নাম অন্তৰ্ভুক্ত হোৱাৰ পাছতে যিকোনো কৰ’নাৰ ভেকচিন সহজে বিভিন্ন দেশত জৰুৰী ব্যৱহাৰৰ বাবে অনুমতি লাভ কৰিব।

আমেৰিকা, ব্ৰিটেইনকে ধৰি প্ৰায় এক ডজন দেশে ফাইজাৰ-বায়’এনটেক ভেকচিনক ইতিমধ্যে অনুমোদন দিয়াৰ পাছত এইবাৰ বিশ্ব স্বাস্থ্য সংস্থায়ো ইয়াৰ অনুমোদন দিলে।

ভাৰততো ভেকচিন প্ৰস্তুতৰ কাম পূৰ্ণগতিত চলি আছে। বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে ২ জানুৱাৰিৰ পৰা দেশৰ প্ৰতিখন ৰাজ্যতে কৰ’না ভেকচিনৰ ড্ৰাই-ৰাণ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে।

ইতিমধ্যে, দেশৰ চাৰিখন ৰাজ্য অসম, পঞ্জাৱ, গুজৰাট আৰু অন্ধ্ৰ প্ৰদেশত ড্ৰাই-ৰাণ সম্পন্ন হৈছে। প্ৰতিবেদন অনুসৰি উক্ত চাৰিখন ৰাজ্যত ড্ৰাই-ৰাণৰ ফলাফল ভাল হৈছে আৰু সেয়েহে চৰকাৰে গোটেই দেশতে ড্ৰাই-ৰাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Related News