অব্যাহত আছে অসম বিধানসভা ২০২১ৰ নিৰ্বাচনৰ ভোট গণনা।
ভোট গণনাৰ প্ৰায় দহ/একাদশ ৰাউণ্ডৰ অন্তততো বিজেপি মিত্ৰজোঁটৰ অগ্ৰগতি এতিয়াও অব্যাহত আছে।
আজিৰ ভোট গণনাত বহু ৰথী মহাৰথীৰ পৰাজয় প্ৰায় স্পষ্ট হৈছে। ইয়াৰ ভিতৰত আছে প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰা, মন্ত্ৰী প্ৰমীলা ব্ৰহ্ম, অজাপৰ সভাপতি পবীন্দ্ৰ ডেকা হৈছে।
বাতৰি লিখি থকা পৰলৈকে আমাৰ হাতত পৰা তথ্য অনুসৰি মন্ত্ৰী কেশৱ মহন্তই নিকটতম প্ৰাৰ্থীক প্ৰায় ২৭,০০০ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছে। ইফালে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত বিধায়ক ভাস্কৰ শৰ্মা কংগ্ৰেছৰ প্ৰাৰ্থীক ৪৬,৫০৮ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছে।
বিহালীত বিজেপিৰ ৰঞ্জিত দত্তই ২৯,৪৮১ টা ভোটৰ ব্যৱধানত জয়ী হোৱাৰ বিপৰীতে ডিব্ৰুগড়ত বিজেপিৰ প্ৰশান্ত ফুকনে প্ৰায় ৩৯,০০০ টা হাজাৰ ভোটৰ ব্যৱধানত জয়ী হৈছে।
তিনিচুকীয়াত বিজেপিৰ সঞ্জয় কিষাণ ৯,০৩৪ টা, চতীয়াত বিজেপিৰ পদ্ম হাজৰিকা ২৪৪,৫৫ টা, মৰিয়ণীত কংগ্ৰেছ ৰূপজ্যোতি কুৰ্মী প্ৰায় ৩০০০ টা, পূৱ কোকৰাঝাৰ (জনজাতি) য়ুপিপিএলৰ লৰেঞ্চ ইছলাৰী ১৯,৮৩৪ টা, বোকাখাতত অগপৰ সভাপতি অতুল বৰা ৪৪,৬৬২ টা ভোটত জয়ী হৈছে।
পাটাছাৰকুছিত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস ৪১,৪৪২ টা, বৈঠালংছুত বিজেপিৰ ৰূপসিং টেৰণ প্ৰায় ৩০,০০০ টা, কমলপুৰত দিগন্ত কলিতা ৯,৫৪৮ টা, এআইয়ুডিএফৰ প্ৰাৰ্থী ৪৫,৭৫৮ টা ভোটত বিজয়ী হোৱা বুলি জানিব পৰা গৈছে।
ইফালে শেহতীয়াকৈ অহা বাতৰি অনুসৰি নাহৰকটীয়া সমষ্টিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ পৰাস্ত হৈছে। লুৰীণজ্যোতি গগৈক বিজেপিৰ প্ৰাৰ্থী তৰংগ গগৈয়ে পৰাজিত কৰিছে।
ইফালে মৰিগাঁৱত বিজেপিৰ ৰমাকান্ত দেউৰী আৰু থাওৰাত কংগ্ৰেছৰ সভাপতি সুশান্ত বৰগোহাঁই বিজয়ী হোৱা বাতৰি আহিছে।
(পৰৱৰ্তী প্ৰতিবেদনত সম্পূৰ্ণ তথ্য সংযোজন কৰা হ’ব)।