বাধাৰ ‘আকাশ’ ভেদি সাফল্যৰ দিগন্ত অভিমুখে আকাশদীপৰ অনন্য যাত্ৰা

India vs England Akash Deep

আজিৰ পৰা ৰাঁচীত আৰম্ভ হৈছে ভাৰত-ইংলেণ্ডৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ চতুৰ্থখন মেচ। টছত জয়ী হৈ ইংলেণ্ডে প্ৰথমে বেটিং কৰি ইনিংছৰ আৰম্ভণিতেই সন্মুখীন হয় বিপৰ্যয়ৰ। ভ্ৰমণকাৰী দলটোৰ এই বিপৰ্যয়ৰ কাৰণ হৈ পৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক ঘটোৱা পেচাৰ আকাশদীপ। ইংলেণ্ডৰ শীৰ্ষক্ৰমৰ তিনিজন বেটাৰক বিদায় দি আকাশদীপে ভাৰতক দিয়ে প্ৰত্যাশিত আৰম্ভণি।

অভিষেকতে এনে চমকেৰে যুৱ পেচাৰগৰাকীয়ে লাভ কৰিছে যথেষ্ট প্ৰশংসা। সমান্তৰালকৈ চৰ্চালৈ আহিছে আকাশদীপৰ ক্ৰিকেটীয় যাত্ৰাৰ কণ্টকময় আৰম্ভণিৰ কাহিনী। আজি দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে আকাশদীপক অভিষেক টেষ্ট কেপ প্ৰদান কৰে। এই গৌৰৱময় ক্ষণত ক্ৰিকেটাৰগৰাকীৰ মাতৃ তথা পৰিয়ালৰ আন কেইজনমান সদস্য উপস্থিত থাকে।

পিছে এই গৌৰৱৰ ক্ষণটিৰ বাবে আকাশদীপে অতিক্ৰম কৰি আহিছে জীৱনৰ যথেষ্ট কঠিন বাধা। এনে বাধাৰ পৰিপ্ৰেক্ষিতত আকাশদীপে ভাৰতীয় দলত স্থান পোৱা বাদেই, হয়তো ক্ৰিকেটকে বিদায় দিলেহেঁতেন চিৰদিনলৈ! তিনিবছৰৰ বাবে অৱশ্যে ক্ৰিকেটক বিদায়ো দিছিল আকাশদীপে। কিয় তেওঁ ল’ব লগা হৈছিল এই সিদ্ধান্ত? বিহাৰৰ সাছাৰাম নিবাসী আকাশদীপে ক্ৰিকেট খেলাৰ বাবে লাভ কৰা নাছিল পিতৃৰ সমৰ্থন।

পিতৃৰ পৰা প্ৰয়োজনীয় সহায় নোপোৱাৰ পিছত আকাশে চাকৰি বিচাৰি দুৰ্গাপুৰলৈ ৰাওনা হয়। সৌভাগ্যৱশতঃ  অৱশেষত তেওঁ এজন খুৰাকৰ সহায় লাভ কৰে। ইয়াৰ পিছতে আকাশে এক স্থানীয় একাডেমীত যোগদান কৰি আৰম্ভ কৰে ক্ৰিকেট প্ৰশিক্ষণ। একাডেমিত আকাশে নিজৰ গতিৰে লাহে লাহে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

কিন্তু, আকাশে নিজৰ প্ৰতিভাক পূৰ্ণ বিকশিত কৰি সাফল্য অৰ্জনৰ দ্বাৰ মুকলি কৰাৰ পূৰ্বেই পিতৃৰ এক ষ্ট্ৰোক হয় আৰু তেওঁৰ মৃত্যু হয়। পিতৃৰ মৃত্যুৰ দুমাহৰ পাছত আকাশৰ ডাঙৰ ভাতৃৰো মৃত্যু হয়। এনে পৰিস্থিতিয়ে আকাশৰ পৰিয়ালত সংকটাপন্ন অৱস্থাৰ সৃষ্টি কৰিলে। আৰ্থিক সংকটে গা কৰি উঠে তেওঁৰ ঘৰত। যাৰ পৰিণতিত আকাশে ঘৰৰ দায়িত্ব লৈ তিনিবছৰ ধৰি ক্ৰিকেটৰ পৰা আঁতৰি থাকে আৰু ঘৰতে টকা উপাৰ্জন কৰিব লগা হৈছিল।

স্বাভাৱিকতেই এনে ঘটনাৰাজিয়ে আকাশৰ জীৱনে আন এক গতিপথ লয়। অৱশ্যে ক্ৰিকেটৰ প্ৰতি থকা দুৰ্বাৰ প্ৰেমে তেওঁক বেছি দিন ২২ গজৰ পৰা আঁতৰাই ৰাখিব পৰা নাছিল। তিনিবছৰীয়া বিৰতিৰ পিছত আকাশ দুৰ্গাপুৰলৈ উভতে আৰু তাৰ পৰাই ৰাওনা হয়। ইয়াৰ পিছত আকাশে বংগৰ ২৩ বছৰ অনুৰ্ধ দলত যোগদান কৰি ২০১৯ চনত অভিষেক ঘটায়।

ইয়াৰ পিছতে ২০১৮-১৯ বৰ্ষত ভাৰতীয় ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতা ক্ৰমে চৈয়দ মুস্তাক আলী, বিজয় হাজাৰে ট্ৰফী, ৰঞ্জী ট্ৰফীত আত্মপ্ৰকাশ কৰে। ইয়াৰ পিছত আৰু সফলতাৰ পথত পিছলৈ ঘূৰি চাবলগা হোৱা নাই আকাশদীপে। বিশ্বৰ ভিতৰতে আটাইতকৈ অৰ্থসমৃদ্ধ ক্ৰিকেট লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ফ্ৰেঞ্চাইজি ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে আকাশক আই পি এল ২০২২ ছিজনৰ পূৰ্বে চুক্তিবদ্ধ কৰে।

বিগত বৰ্ষৰ নৱেম্বৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা শৃংখলাৰ বাবে তেওঁ আঘাতপ্ৰাপ্ত দীপক চাহাৰৰ স্থানত ভাৰতৰ এদিনীয়া দলত অন্তৰ্ভুক্ত হৈছিল। অৱশ্যে এখনো মেচত তেওঁ লাভ কৰা নাছিল সুযোগ। অৱশেষত আজি জীৱনৰ এই সকলো কঠিন বাধা অতিক্ৰম কৰি আকাশদীপে ভাৰতীয় দলৰ হৈ অভিষেক ঘটায়। ইয়াৰ লগে লগে আকাশদীপ ভাৰতৰ হৈ টেষ্ট ক্ৰিকেট খেলা ৩১৩ সংখ্যক খেলুৱৈ হিচাপে পৰিগণিত হয়।