‘অৰণ্যৰ বিশ্বকোষ’ লৈ পদ্মশ্ৰী সন্মান; কোন এই অৰণ্যৰ বিশ্বকোষ!

Tulsi Gowda

সোমবাৰে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ ক’ভিণ্ডে বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়োৱা ব্যক্তি সকলক পদ্ম সন্মান প্ৰদান কৰে। পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে কৰ্ণাটকৰ এগৰাকী ৭২ বছৰীয়া পৰিৱেশবিদক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হয়। এজন পৰিৱেশবিদ হিচাপে এই পৰিৱেশবিদগৰাকী বিগত বছৰবোৰত বহুতৰ বাবে অনুপ্ৰেৰণা হিচাপে প্ৰমাণিত হৈছে।

‘অৰণ্যৰ বিশ্বকোষ’ হিচাপে জনাজাত এই পৰিৱেশবিদ গৰাকী হৈছে তুলসী গৌড়া। সোমবাৰে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰীৰে সন্মানিত কৰা হয় তুলসী গৌড়াক। খালি ভৰি আৰু পৰম্পৰাগত জনজাতীয় পোছাক পৰিধান কৰি ৰাষ্ট্ৰপতি ৰাম নাথ ক’ভিণ্ডৰ পৰা সন্মান গ্ৰহণ কৰে পৰিৱেশবিদ গৰাকীয়ে।

তুলসী গৌড়া কৰ্ণাটকৰ হালাক্কি থলুৱা জনজাতিৰ অন্তৰ্ভুক্ত। এটা দৰিদ্ৰ আৰু সুবিধা বঞ্চিত পৰিয়ালৰ গৌড়াই কোনো আনুষ্ঠানিক শিক্ষা লাভ কৰা নাছিল, কিন্তু সকলো প্ৰতিকূলতা স্বত্বেও তেওঁ উদ্ভিদ আৰু অন্যান্য প্ৰাণীৰ ক্ষেত্ৰত তেওঁৰ জ্ঞান সম্প্ৰসাৰিত কৰিবলৈ আৰম্ভ কৰিছিল।

সমগ্ৰ বিশ্বত পোৱা বনৌষধি আৰু উদ্ভিদৰ প্ৰজাতিৰ বিষয়ে বিশাল জ্ঞানৰ অধিকাৰী তুলসী গৌড়াক ‘অৰণ্যৰ বিশ্বকোষ’ বুলি জনা যায়। তেওঁ কিশোৰী অৱস্থাৰ পৰাই পৰিৱেশ সুৰক্ষিত কৰাত সক্ৰিয়ভাৱে অৰিহণা যোগাই আহিছে আৰু হাজাৰ হাজাৰ গছ ৰোপণ কৰিছে।

পৰিৱেশৰ প্ৰতি অধিক অৱদান আগবঢ়োৱাৰ উদ্দেশ্যে আৰু পৰিৱেশ সংৰক্ষণৰ বাবে এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন অনাৰ স্বাৰ্থত তুলসী গৌড়াই বন বিভাগত অস্থায়ী স্বেচ্ছাসেৱক হিচাপে যোগদান কৰিছিল। পিছত তেওঁৰ এই প্ৰচেষ্টাৰ বাবে স্বীকৃতি দিয়া হৈছিল আৰু বন বিভাগত স্থায়ী পদ প্ৰদান কৰা হৈছিল।

প্ৰকৃতি সংৰক্ষণৰ বাবে সমৰ্পিত তুলসীয়ে তেওঁৰ জীৱনকালত ৩০,০০০ ৰো অধিক গছপুলি ৰোপণ কৰিছে আৰু ১০ বছৰ বয়সৰ পৰাই একাধিক পৰিৱেশ সংৰক্ষণ কাৰ্যকলাপত জড়িত হৈ আছে।

১২ বছৰ বয়সত গৌড়াই মাকৰ সৈতে এখন নাৰ্চাৰীত কাম কৰি দেশৰ পৰিৱেশ তথা অৰণ্য উন্নত কৰাৰ দিশত আত্মনিয়োগ কৰিছিল। ৭২ বছৰ বয়সতো তেওঁ পৰিৱেশ ৰক্ষা আৰু দেশত বনানীকৰণৰ ক্ষেত্ৰখনত যুঁজ দিয়াৰ বাবে সমৰ্পিত।