বিশ্বত ২১ শতাংশলৈ হ্ৰাস পাইছে মাংকি পক্সৰ সংক্ৰমণৰ ঘটনাঃবিশ্ব স্বাস্থ্য সংস্থা

মূলতঃ যৌন সংসৰ্গৰ জৰিয়তে বিয়পি পৰা মাংকি পক্সৰ সংক্ৰমণৰ ঘটনা বিশ্বত ২১ শতাংশ হ্ৰাস পাইছে । বিশ্ব স্বাস্থ্য সংস্থাই শেহতীয়া প্ৰতিবেদনত এই কথা প্ৰকাশ কৰিছে। উল্লেখ্য ভাৰতকে ধৰি বিশ্বৰ ৯৮ খন দেশত এতিয়া কোভিডৰ সমান্তৰাল ভাবে মাংকি পক্সে এক নতুন বিপদ মাতি আনিছে। এই ৰোগ বিধ সোঁচৰাৰ এক অন্যতম কাৰণ হিচাবে যৌন সম্পৰ্ককে নিৰ্ধাৰণ কৰা হৈছে। শেহতীয়াকৈ নিউ ইংলেণ্ড জাৰ্নেল অফ মেডিচিনত প্ৰকাশিত প্ৰতিবেদন অনুসৰি ৯৫ শতাংশ মাংকি পক্সৰ সংক্ৰমণ যৌন কাৰ্যৰ জৰিয়তে হৈছে।

শেহতীয়া গৱেষণাত দেখা গৈছে যে মাংকি পক্সত সংক্ৰমিত লোকৰ ৯৮ শতাংশ লোকেই হয় সমকামী বা উভকামী পুৰুষ। অধ্যয়নটো ৫২৮ জন সংক্ৰমিত লোকক লৈ চলোৱা হৈছিল।

 বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ এডেনহোম ঘেব্ৰেয়েচাছে যিসকল পুৰুষৰ মাংকি পক্সৰ আশংকা আছে তেওঁলোকে যৌন সঙ্গীৰ সংখ্যা সীমিত কৰাৰ পৰামৰ্শ দিছিল। ৰোগ বিধৰ ভয়াৱহাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থাই মাংকি পক্সলৈ বিশ্বব্যাপী স্বাস্থ্য জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে।

জানিব পৰা গৈছে যে সংক্ৰমিত লোকৰ সৈতে বা নিজে সংক্ৰমিত হোৱা পুৰুষে যৌন সম্ভোগ কৰা বাবেই এই ৰোগ দ্ৰুত গতিত বিয়পিছে। মাংকি পক্স নামেৰে পৰিচিত এই ৰোগবিধ মূলতঃ যৌন সম্পৰ্কৰ জৰিয়তে বিয়পে যদিও ৰোগীয়ে ব্যৱহাৰ কৰা কাপোৰ-কানিৰ পৰাও ৰোগ বিধ বিয়পাৰ আশংকা থকা বুলি স্বাস্থ্য বিজ্ঞানীসকলে প্ৰকাশ কৰিছে।