ট্ৰেন্স ফেট স্বাস্থ্যৰ বাবে মাৰাত্মক ক্ষতিকাৰক; সকীয়ালে বিশ্ব স্বাস্থ্য সংস্থাই

sin-foods

প্ৰতিনিধিত্বমূলক ফটো।

বিশ্ব স্বাস্থ্য সংস্থাই ট্ৰেন্স ফেটৰ স্বাস্থ্যৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ সম্পৰ্কে বিশ্ববাসীক সকীয়াই দিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া এক প্ৰতিবেদনত কোৱা হৈছে যে ট্ৰেন্স ফেট গ্ৰহণৰ ফলত বিশ্বত প্ৰতিবছৰে হৃদৰোগত প্ৰায় ৫লাখ লোকৰ মৃত্যু হয়।

ইয়াৰ ভিতৰত আকৌ প্ৰায় দুই তৃতীয়াংশৰ মৃত্যু ঘটে ১৫খন দেশত।

কিন্তু ইয়াৰ পাছতো খাদ্য প্ৰস্তুতকাৰীসকলে ট্ৰেন্স ফেটৰ ব্যৱহাৰ বন্ধ কৰা নাই বুলি কোৱা হৈছে।

ট্ৰেন্স ফেটে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাৰ উপৰি বহুদিন ধৰি খাদ্য ভালে ৰাখে আৰু ইয়াৰ দামো কম।

ট্ৰেন্স ফেটৰ অধিক ব্যৱহাৰ কৰা ১৫খন দেশৰ তালিকাত থকা আমেৰিকা, কানাডা, শ্ল’ভনিয়া, লাটভিয়াই ট্ৰেন্স ফেট নিৰ্মূলৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই দিয়া পৰামৰ্শ ক্ৰমে ইয়াৰ সৰ্বোচ্চ ব্যৱহাৰৰ পৰিমান ২গ্ৰামলৈ হ্ৰাস কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

আনহাতে, বাকী ১১খন দেশে এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। বিশ্ব স্বাস্থ্য সংস্থাই এই দেশসমূহক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শৰ প্ৰতি কাণসাৰ নিদিয়া দেশসমূহৰ ভিতৰত আছে ভাৰত, বাংলাদেশ,ইৰান, মেক্সিকো, পাকিস্তান, নেপাল, ভূটান, কোৰিয়া, ইকুৱেডৰ, মিছৰ আৰু আজাৰবাইজান।

প্ৰতিবেদন অনুসৰি, বিশ্বৰ ৫৮খন দেশে ট্ৰেন্স ফেট নিয়ন্ত্ৰণৰ বাবে আইন প্ৰণয়ন কৰিছে। কোৱা হৈছে যে ২০২১ ৰ ভিতৰত বিশ্বৰ ৩২০ কোটি লোকক এই আইনে সামৰি ল’ব।

অৱশ্যে, এতিয়াও বিশ্বৰ এশৰো অধিক দেশে ট্ৰেন্স ফেট সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰাটো জৰুৰী বুলি সকীয়াই দিছে বিশ্ব স্বাস্থ্য সংস্থাই।

বিশ্ব স্বাস্থ্য সংস্থাই ট্ৰেন্স ফেট ব্যৱহাৰ সমৃদ্ধ খাদ্য পৰিহাৰ কৰাৰ ক্ষেত্ৰত জনসাধাৰণেও সচেতন হোৱাৰ ওপৰত গুৰত্ব আৰোপ কৰিছে।