WHO Warns: কোভিড-১৯ৰ ফলত আৰু পাঁচ লক্ষাধিক লোকৰ মৃত্যু হ’ব পাৰে ইউৰোপত; সতৰ্ক কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই

WhatsApp Image 2021-11-05 at 9.11.41 AM

WHO warns of new Covid wave কোভিড-১৯ সংক্ৰমণৰ ফলত ইউৰোপত আৰু কমেও পাঁচ লাখ লোকৰ মৃত্যু হ’ব পাৰে। বৃহস্পতিবাৰে বিশ্ব স্বাস্থ্য সংস্থাই এনে এক আশংকাৰ কথা সদৰী কৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ ইউৰোপ শাখাৰ আঞ্চলিক সঞ্চালক হেন্স ক্লুগে কয়,’’ইউৰোপৰ পৰিস্থিতি অতি উদ্বেগজনক। বৰ্তমান সংক্ৰমণৰ অৱস্থা পৰ্যবেক্ষণ কৰাৰ পাছত আমাৰ আশংকা হৈছে অহা বছৰৰ আৰম্ভণিতেই মৃত্যুৰ সংখ্যা আৰু পাঁচ লাখ বৃদ্ধি পাব পাৰে।‘’

উল্লেখ্য যে বিশ্ব স্বাস্থ্য সংস্থাৰ ইউৰোপ শাখাৰ অধীনত আছে ৫৩খন দেশ। তাৰ ভিতৰত দুখন দেশ ৰাছিয়া আৰু তুৰস্ক ইউৰোপীয় ইউনিয়নৰ অন্তৰ্ভুক্ত নহয়।

Also Read: Covid Update ৰাজ্যত নতুনকৈ কোভিডত কিমান আক্ৰান্ত হ’ল; ২৪ ঘন্টাত মৃত্যু কিমানজনৰ?

এই বছৰৰ এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহত ইউৰোপত কোভিড-১৯ৰ সংক্ৰমণৰ ফলত মৃত্যুৰ সংখ্যা ১০লাখ অতিক্ৰম কৰিছিল।  

বিশ্ব স্বাস্থ্য সংস্থাৰ ইউৰোপ শাখাৰ আঞ্চলিক সঞ্চালক হেন্স ক্লুগে জানিবলৈ দিয়ে যে ইউৰোপৰ ৫৩খন দেশত যি হাৰত সংক্ৰমণ বৃদ্ধি হ’বলৈ ধৰিছে সেয়া হ্ৰাস নাপালে পৰিস্থিতিৰ অৱনতি ঘটাতো নিশ্চিত।

বিশ্ব স্বাস্থ্য সংস্থাই এনে পৰিস্থিতিত টীকাকৰণৰ বিষয়ে অধিক চিন্তা নকৰি সংক্ৰমণ ৰোধৰ বাবে আন যি যি কৰা উচিত তাৰ বাবে কোভিড বিধি প্ৰস্তুত কৰাৰ পৰামৰ্শ দিছে।