পদত্যাগ কৰিলে অৰবিন্দ কেজৰিৱালে : কোন হ’ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? পত্নী নে আতিশী?

মঙলবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে অৰবিন্দ কেজৰিৱালে। ২০১৫ চনৰ পৰা দুটা কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি শেষত পদত্যাগ কৰিবলগা হ’ল জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীয়ে। সুৰাৰ গোচৰত প্ৰায় ছমাহ কাৰাবন্দী হৈ কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছত কেজৰিৱালে পদত্যাগ কৰাৰ কাৰণ সন্দৰ্ভত এতিয়া বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

বিদায়ী মুখ্যমন্ত্ৰী হিচাপে তেওঁ সোমবাৰে চৰকাৰৰ অধিক জনমুখী আঁচনি ঘোষণা কৰাৰ সম্ভাৱনা আছে। অহা বছৰৰ ফেব্ৰুৱাৰী মাহত দিল্লী বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। কেজৰিৱালে বিচাৰে যে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ বিধানসভাৰ লগতে অহা নৱেম্বৰ মাহত দিল্লীতো নিৰ্বাচন অনুষ্ঠিত হওক।  যদি  নিৰ্বাচন আয়োগে এই দাবী মানি লয়, তেন্তে ডেৰ-দুমাহৰ বাবে দায়িত্ব ল’ব নতুন মুখ্যমন্ত্ৰীয়ে।

আপ পুনৰ ক্ষমতালৈ আহিলে নতুন মুখ্যমন্ত্রীগৰাকীৰ ভৱিষ্যত কি হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ দল আৰু প্ৰশাসনৰ ভূমিকাৰ ক্ষেত্ৰত মন্ত্ৰী আতিশী সকলোতকৈ আগবাঢ়ি আছে। তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যালয়ৰ মন্ত্ৰী। একে সময়তে দলীয় আৰু প্ৰশাসনিক বিষয়ক লৈ সংবাদ মাধ্যমত সঘনাই দেখা যায় আতিশীক। এইবাৰ কাৰাবন্দী কেজৰিৱালে দিল্লী চৰকাৰৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ দায়িত্বও আতিশীকে প্ৰদান কৰে।

আনহাতে, কেজৰিৱালৰ হ্ৰস্বম্যাদী উত্তৰাধিকাৰী হিচাপে নিৰ্বাচিত হৈছে দলৰ গুৰুত্বপূৰ্ণ নেতা গোপাল ৰায়। জন্মৰ পৰাই তেওঁ দলৰ ফ্ৰণ্টলাইন নেতা হিচাপে পৰিগণিত হৈছে। ৰায়ক দ্বিতীয় মনীষ ছিছ’দিয়া বুলি কোৱা হয়। আন এজন মন্ত্ৰী সৌৰভ ভৰদ্বাজৰ নামো চৰ্চা চলি আছে। কৈলাশ গেহলট, ইমৰাণ হুছেইনৰ নামো বিবেচনাধীন হৈ আছে।

আপৰ সূত্ৰ অনুসৰি দলটোৰ অধিকাংশ নেতা-মন্ত্ৰী-বিধায়ক-সাংসদে এই তিনিজনৰ ভিতৰত এজন মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা বেছি বুলি ভাবে, কিন্তু তেওঁলোকে কেজৰিৱালৰ পত্নী সুনীতাক সম্ভাৱনাৰ বাহিৰত ৰখা নাই। কেজৰিৱাল জেললৈ যোৱাৰ পিছত তেৱোঁ দলৰ মুখ হৈ পৰিছে। আনকি ভাৰত মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ ৰাজহুৱা সভাতো দলৰ হৈ ভাষণ দিছিল সুনীতাই। স্বাভাৱিকতে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা নুই কৰা হোৱা নাই।

উল্লেখ্য যে বিয়াৰ আগৰে পৰা কেজৰিৱাল আৰু সুনীতা সহকৰ্মী আছিল। দুয়োজন ভাৰতীয় ৰাজহ সেৱাৰ প্ৰাক্তন বিষয়া। দুয়োজনে আয়কৰ বিভাগত দীৰ্ঘদিন ধৰি উচ্চ পদবীত কাৰ্যনিৰ্বাহ কৰি আহিছে। কেজৰিৱালে চাকৰি এৰি ২০১০ চনত ৰাজনীতিত যোগদান কৰে। ২০১৬ চনত সুনীতাই স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছিল। কেজৰিৱালক গ্ৰেপ্তাৰৰ পূৰ্বে ৰাজনীতিৰ ৰাজহুৱা ক্ষেত্ৰখনত নহ’লেও দলৰ দৈনন্দিন কাম-কাজৰ লগত জড়িত আছিল।

এতিয়া জল্পনা-কল্পনা হৈছে যে লালু প্ৰসাদৰ দৰে কেজৰিৱালেও পত্নীক মুখ্যমন্ত্ৰীৰ চকী দিব নেকি? ডেৰ-দুই দশকৰ পূৰ্বে পশুখাদ্য কেলেংকাৰিৰ অভিযুক্ত লালু প্ৰসাদ যাদৱে গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে পত্নী ৰাবৰি দেৱীক মুখ্যমন্ত্ৰীৰ দায়িত্ব দিছিল। ইয়াৰ পূৰ্বে কেজৰিৱালৰ দৰে বিহাৰৰ নেতাগৰাকীয়েও বিভিন্ন ধৰণে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰিছিল।

অৱশ্যে ৰাবৰি দেৱী আৰু কেজৰিৱালৰ পত্নী সুনীতাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। ৰাবৰি দেৱী আছিল এগৰাকী সাধাৰণ গৃহিণী। ভোজপুৰীৰ বাহিৰে আন কোনো ভাষা নাজানিছিল তেওঁ। কিন্তু তাৰ পৰিৱৰ্তে যথেষ্ট দক্ষ আৰু শিক্ষিত কেজৰিৱালৰ পত্নী।