NORTHEAST NOW (Assamese)

ছাজিদ নাদিলৱালাৰ পৰা নাগাৰ্জুনলৈকে! আৰু কাৰ কাৰ হৃদয়েৰে খেলিলে টাবুৱে

June 20, 2023 6:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 20, 2023 5:46 pm

বলিউডৰ তেনেই চিনাকী মুখ এইখন। মোহময়ী অভিনেত্ৰী টাবুক চিনি নোপোৱা মানুহ হয়তো খুব কমেইহে ওলাব।  কিন্তু এই টাবুৰ প্ৰেম কাহিনী সদায়ে চৰ্চাত থাকে। বিভিন্ন অভিনেতাৰ হৃদয় চুৰ কৰিছে এইগৰাকী অভিনেত্ৰীয়ে। আজি আমি আপোনালোকৰ মনোৰঞ্জনৰ উদ্দেশ্যে জনাম এইগৰাকী অভিনেত্ৰীৰ প্ৰেম কাহিনীৰ বিষয়ে –

১৯৯২ চনৰ ১০ মে’ৰ কথা।  দুগৰাকী জনপ্ৰিয় তাৰকাৰ বিয়া উপলক্ষে বলিউডত উখল মাখল পৰিৱেশ হৈছিল। বলীউডৰ অভিনেত্ৰী দিব্যা ভাৰতীয়ে প্ৰযোজক তথা পৰিচালক চাজিদ নাদিয়াদৱালাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

কিন্তু চাজিদ আৰু দিব্যাৰ সুখী পৰিয়ালটো এবছৰো স্থায়ী নহ’ল। বিয়াৰ দহ মাহৰ পাছত তেওঁলোকৰ ঘৰৰ পঞ্চম মহলাৰ পৰা পৰি দিব্যাৰ মৃত্যু হয়। এই ঘটনাত চাজিদ বৰ ভাঙি পৰিছিল।

দিব্যাৰ ঘনিষ্ঠ বন্ধু হোৱাৰ বাবে অভিনেত্ৰী টাবুৱে চাজিদক আগৰ পৰাই চিনি পাইছিল। দিব্যাৰ মৃত্যুৰ পিছত টাবুৱে চাজিদৰ সৈতে এখন ছবিৰ কাম আৰম্ভ কৰে। ছবিখন আছিল ‘জীত’৷

শ্বুটিঙৰ সময়ত ছাজিদে টাবুৰ লগত নিজৰ সুখ-দুখৰ কথা ভাগ কৰিছিল। দুয়োৰে বন্ধুত্ব গভীৰ হৈ পৰে আৰু ছাজিদে নজনাকৈয়ে টাবুৰ প্ৰেমত পৰে।

টাবুক নিজৰ অনুভৱৰ কথা কোৱাৰ পিছত ছাজিদে ক’লে- “তুমি মোৰ লগত থাকিব বিচাৰিলে তুমি মোৰ জীৱনৰ দ্বিতীয় নাৰী, দ্বিতীয় প্ৰেম হ’ব লাগিব। দিব্যাক মই কেতিয়াও পাহৰিব নোৱাৰো। তাই মোৰ জীৱনৰ প্ৰথম মহিলা হ’ব।”

ছাজিদৰ এই কথাত টাবুৱে আপত্তি কৰা নাছিল। টাবুৰ লগত ছাজিদৰ সম্পৰ্ক বাঢ়ি গৈ থাকিল। গজৱ শুনা যায় যে তেওঁলোকে গোপনে আঙঠি বিনিময়ো কৰিছিল।

টাবু আৰু ছাজিদ দুয়োৱে সম্পৰ্কটো গোপন কৰি ৰাখিব বিচাৰিছিল। তেওঁলোকে ভাবিছিল যে পত্নীৰ মৃত্যুৰ পিছত আন এগৰাকী অভিনেত্ৰীৰ সৈতে সম্পৰ্কৰ খবৰ পোৱাৰ পিছত ছাজিদ কটুক্তিৰ বলি হ’ব।

টাবুৱেও তেওঁৰ সৈতে ছাজিদৰ সম্পৰ্কৰ বিষয়ে কাকো অৱগত কৰা নাছিল। কিন্তু ৰেডিঅ’ শ্ব’ এটাৰ সাক্ষাৎকাৰৰ সময়ত অভিনেত্ৰীগৰাকীয়ে ভুলতে ছাজিদৰ সৈতে থকা সম্পৰ্কৰ কথা ক’লে। এই ঘটনাৰ পিছতে ছাজিদে তবুক বিয়া কৰাবলৈ সিদ্ধান্ত লয়।

কিন্তু টাবুৱে নাকচ কৰিলে ছাজিদৰ বিবাহৰ প্ৰস্তাৱ। আনকি, অভিনেত্ৰীগৰাকীয়ে মুম্বাই এৰি হায়দৰাবাদলৈ গুছি যায়। পিছত ছাজিদে গম পায় যে তেওঁলোকৰ সম্পৰ্কত তৃতীয় এজন ব্যক্তিয়ে প্ৰৱেশ কৰিছে৷ সেইবাবেই লগে লগে টাবুৱে তেওঁৰ পৰা আঁতৰি গৈছে। এই তৃতীয় ব্যক্তিজন আন কোনো নহয়, দক্ষিণৰ চলচ্চিত্ৰ জগতৰ অভিনেতা নাগাৰ্জুন।

১৯৯৮ চনত ৰোমান্টিক কমেডী তেলেগু ছবি ‘অবীৰা মা আভেৰে’ ছবিগৃহত মুক্তি লাভ কৰে। এই ছবিখনৰ শ্বুটিঙৰ সময়ত নাগাৰ্জুনে টাবুৰ সৈতে বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্কত লিপ্ত হয়।

টাবুৰ মন ছাজিদৰ পৰা তেতিয়াই আঁতৰি গ’ল। নাগাৰ্জুনৰ সৈতে অধিক সময় কটাবলৈ টাবুৱে মুম্বাইৰ পৰা হায়দৰাবাদলৈ ৰাওনা হয়। হায়দৰাবাদৰ ঘৰৰ সমীপতে নাগাৰ্জুনে টাবুৰ বাবে ঘৰ কিনিছিল বুলি চৰ্চা চলিছিল৷

২০০০ চনত টাবু আৰু নাগাৰ্জুনক একেলগে দেখা গৈছিল। চলচ্চিত্ৰ জগতৰ এটা অংশই ভাবিছিল যে নাগাৰ্জুনে পত্নীৰ পৰা বিচ্ছিন্ন হৈ তবুক বিয়া কৰাব। টাবুৱেও তেনেকৈয়ে ভাবিছিল। কিন্তু নাগাৰ্জুনক বিয়া কৰাবলৈ গৈ অভিনেত্ৰীগৰাকীৰ সপোন ছিন্নভিন্ন হৈ পৰিল।

দহ বছৰতকৈও অধিক সময় নাগাৰ্জুনৰ সৈতে সম্পৰ্কত থকাৰ পিছত টাবুৱে উপলব্ধি কৰে যে নাগাৰ্জুনৰ বাবে বিবাহ বিচ্ছেদ অসম্ভৱ। ২০১২ চনত অভিনেতাগৰাকীৰ সৈতে সম্পৰ্ক সমাপ্ত কৰি মুম্বাইলৈ উভতি আহে টাবুৱে।

মুম্বাইলৈ উভতি অহাৰ পিছত পুনৰ নিজৰ কেৰিয়াৰত ব্যস্ত হৈ পৰিল টাবু। আনহাতে ছাজিদেও ৱাৰ্ডা খান নামৰ এগৰাকী সাংবাদিকৰ সৈতে ২০০০ চনত বিবাহপাশত আবদ্ধ হয়।

Related News