NORTHEAST NOW (Assamese)

কিয় ভোট নিদিলে মঙলদৈৰ কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাই?

April 18, 2019 8:40 pm · অনিৰ্বাণ পাঠক
ভুৱনেশ্বৰ কলিতা। ফাইল ফটো

বৃহস্পতিবাৰে দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণ হোৱা সমষ্টিকোইটাৰ এজন উল্লেখযোগ্য প্ৰাৰ্থী কংগ্ৰেছৰ ভুৱনেশ্বৰ কলিতা। কিন্তু নিজে প্ৰাৰ্থী হৈয়ো ভোট নিদিলে জ্যেষ্ঠ ৰাজনীতিকজনে।

মঙলদৈ সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱা কলিতাৰ ৰঙিয়াৰ পূব চিতাৰাৰ ভোটাৰ তালিকাত নাম আছে। আজি ভোট গ্ৰহণৰ দিনা ৰঙিয়াত থাকিও ভোটদানৰ পৰা বিৰত থাকিল প্ৰাৰ্থীগৰাকী।

জানিব পৰা মতে ভুৱনেশ্বৰ কলিতাই ২৩ এপ্ৰিলত তৃতীয় পৰ্য্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী লোক সভা সমষ্টিতহে ভোট দিব।

উল্লেখ্য যে, বৰ্তমানৰ সাংসদ তথা ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়কজনৰ পূব চিতাৰাৰ উপৰিও পূব গুৱাহাটী সমষ্টিৰ অন্তৰ্গত মহানগৰীৰ খ্ৰীষ্টানবস্তিৰ ২২৫ নম্বৰ খণ্ডৰ ভোটাৰ তালিকাৰ ৬১৪ ক্ৰমিক নম্বৰত নাম আছে।

কলিতাৰ এজন অতি ঘনিষ্ঠ সমৰ্থকে আমাক জানিবলৈ দিয়া মতে এইবাৰৰ নিৰ্বাচনৰ বাবে তেওঁ ততাতৈয়াকৈ মনোনয়ন দাখিল কৰিবলগীয়া হৈছিল। যাৰ বাবে মনোনয়ন পত্ৰত কলিতাই গুৱাহাটীৰ বাসস্থানৰ তথ্যই লিপিবদ্ধ কৰিছে। সেয়ে মনোনয়ন পত্ৰত দাখিল কৰা তথ্য অনুসৰি ভোটদান নকৰি অন্য স্থানত ভোট দি অসুবিধাত পৰিবলগীয়া হ’ব পাৰে বুলিয়েই তেওঁ ৰঙিয়াত ভোট নিদিলে।

অৱশ্যে ২৩ এপ্ৰিলত তেওঁ হয়তো নিজ দলৰে অন্য এগৰাকী প্ৰাৰ্থীৰ সপক্ষে গুৱাহাটীত ভোট দিব।

একেদৰে ধুবুৰী লোক সভা সমষ্টিৰ প্ৰাৰ্থী এ আই য়ু ডি এফৰ বদৰুদ্দিন আজমলেও আজি হোজাইত ভোটদান কৰিছে।

Related News