গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ?

নিৰ্বাচনৰ কেইমাহমান আগতেই তাৰ ইংগিত পোৱা গৈছিল। সকলোবোৰ সমীক্ষাই সেই ইংগিত স্পষ্ট কৰি তুলিছিল। সোমবাৰে গুজৰাটৰ দ্বিতীয় আৰু অন্তিম পৰ্যায়ৰ বিধানসভাৰ ভোটগ্ৰহণৰ পিছত সকলো সমীক্ষাই কংগ্ৰেছৰ বাবে এক অভূতপূৰ্ব দুৰ্বল ফলাফলৰ ভৱিষ্যতবাণী কৰিছিল। লগতে বিজেপিক বৃহৎ ব্যৱধানত আগবঢ়াই ৰাখিছিল।

বৃহস্পতিবাৰে ফলাফল প্ৰকাশ পাবলৈ আৰম্ভ হোৱাৰ লগে লগে পূৰ্বানুমান মিলিবলৈ আৰম্ভ কৰে। এইটো স্পষ্ট হৈ পৰিছে যে নৰেন্দ্ৰ মোডী-অমিত শ্বাহৰ ৰাজ্যৰ ৰাজনীতিত ৰাহুল গান্ধী-মল্লিকাৰ্জুন খাৰ্গেৰ দল প্ৰায় বিপৰ্যস্ত হৈ পৰিল।

লগতে পঢ়ক: ‘অপাৰেচন লটাছ’ৰ সংশয়! জয়ৰ দিশে অগ্ৰসৰ হৈও ভীতিগ্ৰস্ত কংগ্ৰেছ

ভোটগণনাৰ পৰা গম পোৱা যায় যে ১৮২ জনীয়া গুজৰাট বিধানসভাত বিজেপিৰ সংখ্যা হয়তো ১৫৮ ত উপনীত হ’ব পাৰে। ১৯৮৫ চনৰ বিধানসভা নিৰ্বাচনত, কংগ্ৰেছৰ ১৪৯ খন আসন জিকাৰ অভিলেখ ভংগ হৈছে।

আনহাতে, বিধায়কৰ সংখ্যা ১৯ ৰ তললৈ হ্ৰাস হোৱাৰ লগে লগে কংগ্ৰেছেও মহাত্মা গান্ধী-বল্লভভাই পেটেলৰ ৰাজ্যত বিৰোধী দলৰ মৰ্যাদা হেৰুৱাব। বিজেপিয়ে প্ৰায় ৫৩ শতাংশ ভোট লাভ কৰিছে। কংগ্ৰেছে মাত্ৰ ২৭ শতাংশ পাইছে। অৰবিন্দ কেজৰিৱালৰ আপে দ্বিতীয়বাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ প্ৰায় ১৩ শতাংশ ভোট লাভ কৰিবলৈ গৈ আছে।

২০১৭ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে বিজেপিৰ সৈতে তীব্ৰ প্ৰতিদ্বন্দ্বিতা  আগবঢ়াইছিল। ১৮২ জনীয়া বিধানসভাত কংগ্ৰেছৰ ৭৭ জন প্ৰাৰ্থী নিৰ্বাচিত হৈছিল। বিজেপিয়ে ৯৯ খন আসন জিকি কেনেবাকৈ চৰকাৰ গঠন কৰিছিল। ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ৰাজ্যখনত ৪৪ শতাংশতকৈও অধিক ভোট লাভ কৰিছিল। আনহাতে, বিজেপিৰ ভোটৰ অংশ আছিল ৪৯ শতাংশ।

কিন্তু ২০১৪ চনৰ পিছত, আনকি ২০১৯ ৰ লোকসভা নিৰ্বাচনতো ছোনিয়া-ৰাহুলৰ দলে মোডী-শ্বাহৰ ৰাজ্যত নিজৰ একাউণ্ট খুলিবলৈ ব্যৰ্থ হৈছিল। বিজেপিয়ে ২৬ খন লোকসভা আসনত জয়লাভ কৰিছিল। দৰাচলতে, তেতিয়াৰ পৰাই কংগ্ৰেছ শিবিৰত বিভাজন আৰম্ভ হৈছিল।

লগতে পঢ়ক: কোন জিকিল পাঁচখন ৰাজ্যৰ বিধান সভাৰ উপনিৰ্বাচনত ??

বিগত পাঁচ বছৰত গুজৰাটত কংগ্ৰেছৰ ১৯ জন বিধায়কে দল ত্যাগ কৰিছে আৰু বিজেপিত যোগদান কৰিছে। তালিকাত যুৱ নেতা অল্পেশ ঠাকুৰ, প্ৰাক্তন বিৰোধী নেতা আৰু এসময়ত কংগ্ৰেছৰ ‘জনজাতীয় মুখ’ মোহন সিং ৰাথওৱাৰৰ দৰে নেতাও অন্তৰ্ভুক্ত আছে। দলটোৰ একাংশৰ মতে, দক্ষিণ আৰু পূব গুজৰাটৰ জনজাতীয় অধ্যুষিত অঞ্চলসমূহত কংগ্ৰেছৰ দুৰ্বল প্ৰদৰ্শনৰ অন্যতম কাৰণ হৈছে ১০ বাৰৰ বিধায়ক মোহনৰ দলত্যাগ।