• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘অপাৰেচন লটাছ’ৰ সংশয়! জয়ৰ দিশে অগ্ৰসৰ হৈও ভীতিগ্ৰস্ত কংগ্ৰেছ

পৰিত্ৰাণৰ উদ্দেশ্যে বিজয়ৰ দিশত আগবঢ়া দলৰ প্ৰাৰ্থীক বহি:ৰাজ্যলৈ পলুৱাই পঠোৱাৰ পৰিকল্পনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 8, 2022 3:21 pm
Himachal election result
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰমশ: হিমাচলৰ ক্ষমতা পুনৰুদ্ধাৰৰ দিশত অগ্ৰসৰ হৈছে কংগ্ৰেছ। চলি থকা ভোটগণনাত গুজৰাটত ধূলিস্যাত হ’লেও হিমাচল প্ৰদেশত চৰকাৰ গঠনৰ সম্ভাৱনা প্ৰায় নিশ্চিত কৰি তুলিছে কংগ্ৰেছে।

৬৮ খন আসনৰ হিমাচল বিধানসভাত এইমুহূৰ্তলৈকে ৩৯ খন আসনত অগ্ৰগতি লাভ কৰি থকা কংগ্ৰেছৰ বাবে এই জয় যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে। দেশৰ ৰাজনীতিত ক্ৰমে দুৰ্বল হৈ পৰা কংগ্ৰেছৰ বাবে এই জয় সঞ্জীৱনী সুধা স্বৰূপ হৈ পৰিছে।

Apply Now

পিছে চৰকাৰ গঠনৰ দিশে আগবাঢ়িলেও এই মুহূৰ্তত এক সংশয়ত ডুব গৈছে একালৰ প্ৰতিপত্তিশীল দলটো। কংগ্ৰেছৰ এই সংশয়ৰ কাৰণ হৈ পৰিছে ‘অপাৰেচন লটাছ’। বিজেপিৰ এই আগ্ৰাসী ৰাজনৈতিক কুট-কৌশলত পাবলগীয়া আকাংক্ষিত বিজয় হেৰুওৱাৰ আশংকাত ভীতিগ্ৰস্ত হৈ পৰিছে কংগ্ৰেছ।

বিজেপিৰ এই সম্ভাৱ্য ‘বিধায়ক চিকাৰ’ৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে বিজয়ৰ দিশত আগবঢ়া দলৰ সদস্যসকলক বহি:ৰাজ্যলৈ পলুৱাই পঠোৱাৰ পৰিকল্পনা কৰিছে কংগ্ৰেছে। সূত্ৰ অনুসৰি কংগ্ৰেছে দলৰ চৰকাৰ থকা দুই ৰাজ্য ৰাজস্থান বা ছত্তীশগড়লৈ সম্ভাৱ্য বিজয়ী প্ৰাৰ্থীসকলক লৈ যোৱাৰ পৰিকল্পনা কৰিছে।

বিজয়ৰ পথত থকা প্ৰাৰ্থীসকলে ইতিমধ্যে ছিমলাস্থিত দলৰ ৰাজ্যিক গোটৰ মুৰব্বী প্ৰতিভা সিঙৰ ঘৰত উপস্থিত হৈছে। হিমাচলৰ কংগ্ৰেছ প্ৰভাৰী তাজিন্দৰ সিং বিট্টুৱে এই সন্দৰ্ভত দিয়া ভাষ্য মতে কংগ্ৰেছে প্ৰাৰ্থীসকলক চণ্ডীগড়লৈ নি লুকুৱাই ৰখাৰ ব্যৱস্থাৰ কৰিছে।

বিগত সময়চোৱাত বিজেপিয়ে এইদৰে বিপক্ষৰ চৰকাৰৰ পতন ঘটাবলৈ অৱলম্বন কৰা প্ৰক্ৰিয়া হিমাচলতো ৰূপায়ন কৰিবলৈ চেষ্টা কৰিব বুলি আশংকা কৰি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰি তেওঁ লগতে পৰৱৰ্তী সময়ত এই বিষয়ে পৰ্যালোচনা কৰা হ’ব বুলি জানিবলৈ দিয়ে।

ইফালে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে এই সন্দৰ্ভত কয়, “দলৰ পৰ্যবেক্ষক হিচাপে মই হিমাচললৈ যাম।” অৱশ্যে তেওঁ নৱনিৰ্বাচিত বিধায়কসকলক ছত্তীশগড়লৈ অনা নহয় বুলি মন্তব্য কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd