• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

নিযুক্তিৰ ৰাজনীতিকৰণ কৰিব বিচাৰিও কিয় থমকিল নৰেন্দ্ৰ মোদী?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
August 21, 2024 8:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি চৰকাৰৰ আটাইতকৈ বিপজ্জনক কথাটো কি? তেওঁলোকে সকলো কথা কেৱল তেওঁলোকৰ দৃষ্টিভংগীৰে চায়।তেওঁলোকৰ পথৰ বাহিৰে যে অন্য কিবা পথ থাকিব পাৰে, কিবা এটা বিকল্প থাকিব পাৰে তাত তেওঁলোকৰ কোনো বিশ্বাস নাই।তেওঁলোকে বিৰোধ আৰু বিকল্পত বিশ্বাস নকৰে। সেইকাৰণেই তেওঁলোকে মুক্তচিন্তাক শত্ৰু জ্ঞান কৰে।তেওঁলোকক লাগে আনুগত্য আৰু সন্মতি। সেইকাৰণেই তেওঁলোকে কংগ্ৰেছ মুক্ত, বিৰোধী মুক্ত ভাৰতৰ কথা কয়।তেওঁলোকে এইবোৰ কৈয়ে ক্ষান্ত নাথাকে, সুপৰিকল্পিতভাৱে তেওঁলোকৰ মতাদৰ্শ ৰূপায়ণৰ কাৰ্যসূচী প্ৰস্তুত কৰে।

 

সেই প্ৰস্তুতি এক সৰ্বঢাক, সুপৰিকল্পিত প্ৰস্তুতি।তাৰ মূল লক্ষ্য নিয়ন্ত্ৰণ।চাৰিটা পৰ্যায়ত তেওঁলোকে সেইটো কৰে।প্ৰথমটো হ’ল, ৰাজনৈতিক ক্ষমতা দখল। নিজে নিৰ্বাচনত জিকি, আনকি নিজিকিও, টকা-পইছাৰে এম পি, এমএলএ কিনি, এজেন্সিৰ ভয় দেখুৱাই তেওঁলোকে চৰকাৰ কৰি, ৰাজনৈতিক ক্ষমতা হস্তগত কৰে।ৰাজনৈতিক ক্ষমতাই হ’ল আচল ক্ষমতা, সকলোৰে নিয়ন্ত্ৰা মাধব। তাৰ পিছৰটো মানে দ্বিতীয়টো হ’ল, অনুষ্ঠান-প্ৰতিষ্ঠানৰ মুৰব্বী সকলৰ নিযুক্তি।তেওঁলোকে তেওঁলোকৰ মতাদৰ্শত মানে বিজেপি-আৰ এচ এচৰ মতাদৰ্শত বিশ্বাসী লোককহে এই প্ৰতিষ্ঠানসমূহৰ মুৰব্বী হিচাপে নিযুক্তি দিয়ে।তৃতীয়টো হ’ল, বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ নিযুক্তি।

 

এফালৰ পৰা ইয়ো অনুষ্ঠান-প্ৰতিষ্ঠানৰ ভিতৰতে পৰে, তথাপি ইয়াক সুকীয়াকৈ ধৰা উচিত কিয়নো ইয়াৰ এটা সমূহীয়া চৰিত্ৰ আছে। ই হৈছে শিক্ষা ক্ষেত্ৰৰ নিয়ন্ত্ৰণ। উঠি অহা প্ৰজন্মক বিজেপি আৰ এচ এচৰ মতাদৰ্শৰে দীক্ষিত কৰাৰ কৌশল। সেইকাৰণেই যোৱা সময়ছোৱাত ৰাজ্যপালবোৰৰ যোগেদি দেশৰ সকলো বিশ্ববিদ্যালয়ত কেৱল বিজেপি, আৰ এচ এচৰ চিন্তাত বিশ্বাসী লোককহে উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে। এইবোৰৰ উপৰিও কেইদিনমান আগতে তেওঁলোকে ভাৰতীয় প্ৰশাসনীয় সেৱাৰ যোগেদি নহয় পোনে পোনে ৪৫ জন তথা-কথিত বিশেজ্ঞক যুটীয়া সচিব আৰু সঞ্চালক, উপ-সচিব হিচাপে নিযুক্তি দিবলৈ ওলাইছিল। এইটো আছিল চতুৰ্থ।

 

আগতে এইবোৰ পদবীত ভাৰতীয় প্ৰশাসনিক সেৱা, ভাৰতীয় আৰক্ষী সেৱা, ভাৰতীয় বন সেৱা বা আন গ্ৰুপ ‘এ’ সেৱাৰ লোকক নিযুক্তি দিয়া হৈছিল।এতিয়া চৰকাৰে চিধাই বিজেপি আৰ এচ এচৰ মানুহ সোমাব বিচাৰিছিল।অনুষ্ঠান-প্ৰতিষ্ঠানৰ মুৰব্বী বা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তি আৰু এনে ধৰণৰ নিযুক্তিৰ মাজত এটা পাৰ্থক্য আছে।অনুষ্ঠান-প্ৰতিষ্ঠান বা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদৰ ম্যাদ দীঘলীয়া নহয়, তেওঁলোকক তিনি বছৰ বা পাঁচ বছৰৰ বাবেহে নিযুক্তি দিয়া হয়। আৰু যিবোৰ ৰাজনৈতিক নিযুক্তি সেইবোৰো চৰকাৰ সলনি হ’লে বাতিল হয়। যদিও তিনি বছৰ বা পাঁচ বছৰৰ ভিতৰতে এই বৰমূৰীয়া সকলে বহুত কিবাকিবিয়ে কৰিব পাৰে। কিন্তু তেওঁলোকৰ পদবীৰ ম্যাদ চমু হোৱা বাবে তাৰ প্ৰভাব তুলনামূলকভাৱে কম। পিছে, কাৰোবাক যদি যুটীয়া সচিব, সঞ্চালক বা উপ- সচিবৰ পদত নিযুক্তি দিয়া হয়, তেওঁ অৱসৰ নোপোৱালৈকে সেই পদতে থাকিব। গতিকে তেতিয়ালৈকে তেওঁ বিজেপি , আৰ এচ এচৰ হৈয়ে কাম কৰি থাকিব।

এইটো হৈছে বিজেপি, আৰ এচ এচৰ এটা ডাঙৰ ৰণকৌশল। তেওঁলোকৰ উদ্দেশ্য হ’ল চৰকাৰৰ সকলো শাখা-প্ৰশাখাৰ ওপৰত এক কাঢ়া নিয়ন্ত্ৰণ ৰখা যি নিয়ন্ত্ৰণৰ যোগেদি তেওঁলোকে সমাজেই নহয়, ব্যক্তিকো নিয়ন্ত্ৰণ কৰিব বিচাৰে যিটোক প্ৰখ্যাত লেখক আৰু বুদ্ধিজীৱী অৰৱেলে তেওঁৰ বিখ্যাত উপন্যাস ‘1984’ত ‘Mind Control’ বুলি কৈছিল।ইয়াৰ আৰু এটা অতি গুৰুত্বপূৰ্ণ দিশ আছে।সেইটো হ’ল ৰাইজে বেয়া পাই যদি কেতিয়াবা বিজেপিক নিৰ্বাচনত ভোটো নিদিয়ে, মানে বিজেপি যদি চৰকাৰত নাথাকেও তথাপি চৰকাৰত তেওঁলোকৰ নিয়ন্ত্ৰণ থাকিব। কিয়নো তেওঁলোকে নিযুক্তি দিয়া তেওঁলোকৰ মতাদৰ্শৰ মানুহবোৰ যদি ভিতৰৰ পৰা চৰকাৰত থাকি যায় বিজেপিৰ চৰকাৰ নাথাকিলেও তেওঁলোকে বেলেগ চৰকাৰৰ তলত থাকিও বিজেপি, আৰ এচ এচৰ হৈয়ে কাম কৰিব। গতিকে ৰাজনৈতিক ক্ষমতা অন্য দলৰ হাতলৈ গ’লেও চৰকাৰত পৰোক্ষভাৱে বিজেপিৰ নিয়ন্ত্ৰণ থাকিব।তেওঁলোকে পাকে-প্ৰকাৰে বিভিন্ন কৌশলেৰে নতুন চৰকাৰৰ কাম-কাজত বাধা সৃষ্টি কৰিব আৰু সময়ে সময়ে চৰকাৰৰ ভিতৰুৱা খবৰ বিজেপিক দি চৰকাৰক বিপাঙত পেলাবলৈ চেষ্টা কৰিব।

 

হয়তো এইবোৰ কৰি চৰকাৰৰ পতনো ঘটাব পাৰে।ৰাহুল গান্ধীয়ে চৰকাৰৰ এই পদক্ষেপৰ বিৰোধিতা কৰিছে ই অনুসূচিত জাতি, জনজাতি আৰু পিছপৰা সম্প্ৰদায়ৰ লোকক বঞ্চিত কৰা বুলি। সেইটোও এটা কথা। কিন্তু তাতকৈ ডাঙৰ কথা হৈছে এই মতাদৰ্শগত নিয়ন্ত্ৰণৰ প্ৰশ্নটো। এইটো বেছি বিপজ্জনক।এইটো হৈছে এটা ফেচিবাদী নিয়ন্ত্ৰণৰ কথা।ইতিহাসত আমি সদায় দেখি আহিছোঁ এটা দল, এটা মতাদৰ্শই যেতিয়া সকলো নিয়ন্ত্ৰণ কৰে সি আচলতে এটা সংগঠনৰ বা এটা মতাদৰ্শৰ নিয়ন্ত্ৰণ হৈ নাথাকে। শেষত ই কেৱল এজন মানুহৰ আধিপত্য আৰু নিয়ন্ত্ৰণ হৈ পৰে। সেইটোৱেই হৈছে আটাইতকৈ বিপজ্জনক কথা। সেই কাৰণেই গণতন্ত্ৰত বহুদলৰ কথা কোৱা হয়। সেই কাৰণেই গণতন্ত্ৰত অনুষ্ঠান-প্ৰতিষ্ঠানৰ স্বতন্ত্ৰতাৰ ওপৰত জোৰ দিয়া হয়।সেই কাৰণেই গণতন্ত্ৰত ন্যায়পালিকাৰ স্বতন্ত্ৰতাৰ ওপৰত গুৰুত্ব দিয়া হয়।

 

সেইবাবেই বিধি বহিৰ্ভূতকৈ বিশেষজ্ঞৰ নাম লৈ মোদী চৰকাৰে এই ৪৫ জন লোকক গুৰুত্বপূৰ্ণ পদবীত চিধাই নিযুক্তি দিয়া প্ৰক্ৰিয়াটো কেতিয়াও মানি ল’ব নোৱাৰি। ৰাহুল গান্ধীৰ যুক্তিটো অমান্য কৰাৰ কথা নহয়। কিন্তু আচল ষড়যন্ত্ৰটো তাতকৈও বিপজ্জনক।এই চৰকাৰখনে যি ধৰণে যি মাত্ৰাত নিয়োগ, নিযুক্তিৰ ৰাজনীতিকৰণ কৰিছে ইয়াৰ আগতে কোনো চৰকাৰে সেইটো কৰা নাছিল। কাইলৈ যদি মোদী চৰকাৰ যায়ো হিন্দুত্বৰ প্ৰভাৱৰ পৰা আমাৰ প্ৰশাসন মুক্ত হৈ নপৰে।কিন্তু আমাৰ কাৰণে ভাল খবৰ যে বিৰোধীৰ প্ৰতিবাদৰ বাবে চৰকাৰে এই পদক্ষেপ বাতিল কৰিবলৈ বাধ্য হ’ল। যোৱাটো নিৰ্বাচনত বিজেপি একক সংখাগৰিষ্ঠতা নোপোৱাৰ ইয়েই লাভ।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীত মহিলা ক্ৰিকেট বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত গীত পৰিৱেশন কৰিব শ্ৰেয়া ঘোষালে, টিকট বিক্ৰী আৰম্ভ

গুৱাহাটীত মহিলা ক্ৰিকেট বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত গীত পৰিৱেশন কৰিব শ্ৰেয়া ঘোষালে, টিকট বিক্ৰী আৰম্ভ

September 5, 2025 8:33 am
ভাঙি পৰিল বিশ্বৰ সৰ্ববৃহৎ আইচবাৰ্গ A23A, আটাইতকৈ ডাঙৰ ভাসমান বৰফৰ খিতাপ হেৰুৱালে আইচবাৰ্গটোৱে

ভাঙি পৰিল বিশ্বৰ সৰ্ববৃহৎ আইচবাৰ্গ A23A, আটাইতকৈ ডাঙৰ ভাসমান বৰফৰ খিতাপ হেৰুৱালে আইচবাৰ্গটোৱে

September 5, 2025 8:30 am
আফগানিস্তানত পুনৰ প্ৰবল ভূমিকম্পৰ জোকাৰণি; পাকিস্তান আৰু ভাৰততো অনুভূত কম্পন

আফগানিস্তানত পুনৰ প্ৰবল ভূমিকম্পৰ জোকাৰণি; পাকিস্তান আৰু ভাৰততো অনুভূত কম্পন

September 5, 2025 7:37 am
হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অনুদান বাতিল কৰাৰ সিদ্ধান্ত অবৈধ; জনালে আমেৰিকাৰ আদালতে

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অনুদান বাতিল কৰাৰ সিদ্ধান্ত অবৈধ; জনালে আমেৰিকাৰ আদালতে

September 5, 2025 7:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত মহিলা ক্ৰিকেট বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত গীত পৰিৱেশন কৰিব শ্ৰেয়া ঘোষালে, টিকট বিক্ৰী আৰম্ভ

গুৱাহাটীত মহিলা ক্ৰিকেট বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত গীত পৰিৱেশন কৰিব শ্ৰেয়া ঘোষালে, টিকট বিক্ৰী আৰম্ভ

September 5, 2025 8:33 am
ভাঙি পৰিল বিশ্বৰ সৰ্ববৃহৎ আইচবাৰ্গ A23A, আটাইতকৈ ডাঙৰ ভাসমান বৰফৰ খিতাপ হেৰুৱালে আইচবাৰ্গটোৱে

ভাঙি পৰিল বিশ্বৰ সৰ্ববৃহৎ আইচবাৰ্গ A23A, আটাইতকৈ ডাঙৰ ভাসমান বৰফৰ খিতাপ হেৰুৱালে আইচবাৰ্গটোৱে

September 5, 2025 8:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd