ৰজোনিবৃত্তিৰ সময়ত মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়?
ৰজোনিবৃত্তিৰ সময়ত বহু মহিলাই মুত্ৰনলীৰ তথা প্ৰস্ৰাৱৰ সংক্ৰমণত ভোগা দেখা যায়। বৰ্তমানৰ গৱেষণাৰ পৰা দেখা গৈছে যে ৰজোনিবৃত্তি হ’বলৈ ওলোৱা বা ৰজোনিবৃত্তি হোৱা মহিলাৰ মাজত প্ৰস্ৰাৱৰ সংক্ৰমণৰ প্ৰাদুৰ্ভাৱ তুলনামূলকভাৱে বেছি। টেক্সাছ বিশ্ববিদ্যালয়ৰ গৱেষকৰ মতে, মূত্ৰাশয়ত এটা নিৰ্দিষ্ট বেক্টেৰিয়াৰ উপস্থিতিয়ে ৰজোনিবৃত্তিৰ পিছত কাৰ প্ৰস্ৰাৱৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা বেছি সেই কথা সূচায়।
স্কুল অৱ নেচাৰেল চাইন্সেছ এণ্ড মেথেমেটিক্সৰ সহকাৰী অধ্যাপিকা নিকোলা ডি নিস্কোৱে কয় যে ইষ্ট্ৰজেন হৰম’ন কেৱল প্ৰজননৰ বাবেই গুৰুত্বপূৰ্ণ নহয়। এই হৰম’নে শৰীৰৰ বিভিন্ন ৰাসায়নিক কাৰ্য্যতো ভূমিকা পালন কৰে। ৰজোনিবৃত্তিৰ পিছত শৰীৰত স্বাভাৱিকতে এই হৰম’নৰ মাত্ৰা হ্ৰাস পায়। গতিকে সমস্যাটো বাঢ়ি গৈ থাকে।
স্ত্ৰীৰোগ বিশেষজ্ঞসকলৰ মতে, মহিলাৰ যৌনাংগত আৰ্দ্ৰতা আৰু ইয়াৰ স্থিতিস্থাপকতা বজাই ৰখাত ইষ্ট্ৰজেন হৰম’ন যথেষ্ট গুৰুত্বপূৰ্ণ। কিন্তু ৰজোনিবৃত্তিৰ পিছত যেতিয়া শৰীৰত এই হৰম’নৰ মাত্ৰা কমিবলৈ আৰম্ভ কৰে তেতিয়া আৰ্দ্ৰতাও কমিবলৈ আৰম্ভ কৰে। যাৰ বাবে ‘লেক্ট’বেচিলাছ’ নামৰ এক বিশেষ বেক্টেৰিয়াৰ পৰিমাণো কমি যায়।
যেতিয়া এই বিশেষ ‘লেক্ট’বেচিলাছ’ সঠিক পৰিমাণত উপস্থিত থাকে তেতিয়া ইয়াৰ উপস্থিতিত আন বেয়া বেক্টেৰিয়াই বিশেষ প্ৰভাৱ পেলাব নোৱাৰে। যেতিয়া এই হৰম’নৰ প্ৰভাৱ কমিবলৈ আৰম্ভ কৰে তেতিয়া যোনীৰ ভিতৰৰ পি এইচ ভাৰসাম্যও বিঘ্নিত হয়। যাৰ বাবে মহিলাৰ যোনীভাগ ক্ষতিকাৰক বেক্টেৰিয়াৰ প্ৰজনন ক্ষেত্ৰ হৈ পৰে।
ইয়াৰ উপৰিও মূত্ৰাশয়ৰ পেশীবোৰো দুৰ্বল হৈ পৰে। সংক্ৰমণৰ উপৰিও প্ৰস্ৰাৱ বন্ধ হোৱাও দেখা যায়। ইয়াৰ উপৰিও কিছুমান ক্ষেত্ৰত অসুৰক্ষিত যৌন সম্পৰ্কও সংক্ৰমণৰ বাবে দায়ী।
এই সংক্ৰমণৰ পৰা হাত সাৰিবলৈ একমাত্ৰ উপায় হ’ল পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা। নিয়মিতভাৱে যৌনাংগ, মূত্ৰাশয় আৰু মলদ্বাৰ পৰিষ্কাৰ কৰা। যদি আপুনি সংক্ৰমিত হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ অনুসৰি এন্টিবায়টিক গ্ৰহণ কৰাৰ বাহিৰে আন কোনো উপায় নাই। লগতে ৰজোনিবৃত্তিৰ পিছত ইষ্ট্ৰজেন স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ কোনো সম্ভাৱনা নাথাকে।