• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নাগৰিকত্ব সংশোধনী আইনৰ দ্বাৰা সংখ্যালঘুৰ ভূমিকা হ্ৰাস কৰিব বিচাৰিছে বিজেপিয়ে: অমৰ্ত্য সেন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 14, 2023 6:28 pm
Amartya Sen on CAA
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শাসনাধিষ্ঠ বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ দ্বাৰা সংখ্যালঘুৰ ভূমিকা হ্ৰাস কৰিব বিচাৰিছে। এই দাবী কৰিছে প্ৰখ্যাত অৰ্থনীতিবিদ তথা নোবেল বঁটা বিজয়ী অমৰ্ত্য সেনে। বিশিষ্ট অৰ্থনীতিবিদ গৰাকীৰ মতে নাগৰিকত্ব সংশোধনী আইন(CAA)ৰ ৰূপায়ণে দেশত সংখ্যালঘুসকলৰ ভূমিকা হ্ৰাস কৰিব পাৰে আৰু একে সময়তে সংখ্যাগৰিষ্ঠ শক্তিক উৎসাহিত কৰিব পাৰে।

সংবাদ সংস্থা পিটিআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে ভাৰতৰ জাতিৰ পিতৃ মহাত্মা গান্ধীয়ে সমাজৰ সকলো শ্ৰেণীৰ বাবে ন্যায্য ৰাজনীতি, আৰু জাতীয় পৰিচয়ৰ উন্নত ধাৰণাৰ বাবে কাম কৰিছিল।

Apply Now

“মই যিমানদূৰ দেখিছোঁ, বিজেপিৰ এটা উদ্দেশ্য হৈছে কা ৰূপায়ণ কৰি সংখ্যালঘুৰ ভূমিকা হ্ৰাস কৰি তেওঁলোকৰ গুৰুত্ব কম কৰা আৰু প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ভাৰতত হিন্দু সংখ্যাগৰিষ্ঠ শক্তিৰ ভূমিকা বৃদ্ধি কৰা।”- অৰ্থনীতিবিদগৰাকীয়ে কয়।

বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা অহা অমুছলমান প্ৰব্ৰজনকাৰীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব বিচৰা নাগৰিকত্ব সংশোধনী আইনখন ২০১৯ চনৰ ১১ ডিচেম্বৰত সংসদে গৃহীত কৰে আৰু পিছদিনাই ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰিছিল।

কিন্তু ‘কা’ৰ অধীনস্থ নিয়মসমূহ এতিয়াও নিৰূপণ নোহোৱাৰ বাবে এই আইনখন এতিয়াও কাৰ্যকৰী হোৱা নাই।

“এয়া ভাৰতৰ দৰে ধৰ্মনিৰপেক্ষ, সমতাবাদী দেশৰ বাবে অতি দুৰ্ভাগ্যজনক, আৰু ইয়াক বাংলাদেশৰ হওক বা পশ্চিমবংগৰ পৰাই অহা হওক; সংখ্যালঘুসকলক খিলঞ্জীয়া নহয়, বিদেশী বুলি ঘোষণা কৰাৰ দৰে বৈষম্যমূলক কাৰ্য্যৰ বাবেও ব্যৱহাৰ কৰা হৈছে। আৰু মই ইয়াক মূলতঃ এটা নিন্দনীয় পদক্ষেপ বুলি গণ্য কৰিম।”— সেনে কয়।

আনহাতে বিগত বৰ্ষসমূহত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ কাম-কাজৰ উন্নতি হোৱা নাই বুলিও মন্তব্য কৰে প্ৰখ্যাত অৰ্থনীতিবিদ গৰাকীয়ে। তেওঁ কয়, “মই নাভাবো যে চৰকাৰৰ কাম-কাজৰ উন্নতি হৈছে। মই ভাবো ভাৰতৰ বাবে আটাইতকৈ প্ৰয়োজন হৈছে প্ৰতিগৰাকী ভাৰতীয়ৰ নিৰ্দিষ্ট অধিকাৰ আছে বুলি স্বীকৃতি দিয়া।”

মহাত্মা গান্ধীয়ে এটা গোটক আন এটা গোটৰ বিৰোধী কৰিবলৈ চেষ্টা কৰা নাছিল বুলি উল্লেখ কৰি সেনে লগতে কয় যে তেওঁ ধৰ্মীয়ভাৱে দৃঢ় ৰূপত প্ৰতিশ্ৰুতিবদ্ধ হিন্দু হোৱাৰ পিছতো তেওঁ স্বাধীনতাৰ পূৰ্বে মুছলমানসকলে লাভ কৰা স্থানতকৈ উচ্চ স্থান দিবলৈ চেষ্টা কৰিছিল।

অনাগত সময়ত ভাৰতে মুছলমানৰ দৰে সংখ্যালঘুসকলৰ অৱহেলাৰ বাবে অনুশোচনা কৰিব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে অমৰ্ত্য সেনে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd