NORTHEAST NOW (Assamese)

বৃহৎ জনসমৰ্থন লৈ নিৰ্বাচিত হোৱা “সন্মানীয়” বিধায়ক অখিল গগৈক অত্যন্ত দুৰ্ব্যৱহাৰ কিয়?

May 21, 2021 4:25 pm · কল্পজ্যোতি শইকীয়া
Updated: May 21, 2021 4:27 pm

শিৱসাগৰ সমষ্টিৰ পৰা বৃহৎ জনসমৰ্থন লৈ ‘সন্মানীয়’ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছতো সাধাৰণ কয়দী বা সন্ত্ৰাসবাদীৰ দৰে ব্যৱহাৰ কৰি বিধানসভাৰ মজিয়ালৈ লৈ অনা হয় অখিল গগৈক।
বিধানসভাৰ ভিতৰত শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা এগৰাকী জন প্ৰতিনিধি হৈয়ো অত্যাচাৰ চলোৱাৰ অভিযোগ অখিল গগৈৰ।
‘বিধানসভাৰ মজিয়াত মোক এনে অত্যাচাৰ কিয়? বিধায়কক এনেকৈ অত্যাচাৰ চলাব পাৰিলে অসমত তেন্তে কি চলি আছে?মুখ্যমন্ত্ৰী আৰু বিধানসভাৰ অধ্যক্ষলৈ প্ৰশ্ন অখিল গগৈৰ।

ইপিনে, বিজেপি চৰকাৰে ফেচিবাদ চলাই অহাৰ অভিযোগ অখিল গগৈৰ।
আনহাতে, ডিঙিত ফুলাম গামোছা লৈ বিধানসভাত প্ৰৱেশ কৰিয়েই প্ৰথম দিনাই সিংহৰ দৰে গৰজি উঠিল অখিল গগৈয়ে।

অতিকৈ পৰিতাপৰ কথা এয়ে যে অখিল গগৈ বৰ্তমান এগৰাকী জন প্ৰতিনিধি হৈয়ো সাধাৰণ কয়দী অথবা সন্ত্ৰাসবাদীৰ দৰে ২০-২৫ গৰাকী আৰক্ষী জোৱানৰ নিৰাপত্তা বেষ্টনীৰ মাজত চিটি বাছত গণতন্ত্ৰৰ বৰঘৰ পবিত্ৰ সদনলৈ অনা হ’ল। তাকে লৈ এতিয়া চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ইপিনে, ফেচবুকতো বহুতে অখিল গগৈক চিটি বাছত অনা তথা বিধানসভাৰ চৌহদলৈ টানি-আঁজুৰি নিয়া বিষয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে।

ইফালে বিধানসভাৰ চৌহদতে মুক্ত কন্ঠ অখিল গগৈয়ে তেওঁৰ ওপৰত কৰা অন্যায়ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গ’ল। ভয়াৱহ কোভিড পৰিস্থিতিত কোভিড প্ৰট’কল ভংগ কৰি অখিল গগৈক বিধানসভালৈ অনা বুলিও অভিযোগ অখিল গগৈৰ।

এইবোৰ পৰিস্থিতিৰ পাছতে শিৱসাগৰৰ বিধায়কগৰাকীক বিধানসভাৰ পবিত্ৰ সদনত শপত বাক্য পাঠ কৰালে অধ্যক্ষ ফণীভূষণ চৌধুৰীয়ে। শপতবাক্য পাঠ কৰি শাসক-বিৰোধী সকলোকে এষাৰ মাত দি নমস্কাৰ জনায় অখিল গগৈয়ে।

কাৰাৰুদ্ধ হৈয়ো পৰৱৰ্তী সময়ত বিধানসভাৰ মজিয়াত অখিল গগৈৰ ভূমিকা কি হ’ব সেয়া অসমবাসী ৰাইজে অধীৰ আগ্ৰহৰে বাট চাই ৰ’ব।

Related News