• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

মোদী চৰকাৰৰ দ্বিচাৰিতা: কাশ্মীৰ ফাইলছকলৈ চকুলো টোকা চৰকাৰ কাশ্মীৰি পণ্ডিতক লৈ উদাসীন কিয়?

মনজিৎ দত্ত by মনজিৎ দত্ত
June 6, 2022 4:50 pm
Kashmiri Pandits in Kashmir
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১১ মাৰ্চত দেশত মুক্তিলাভ কৰিছিল বলীউডৰ চিনেমা ‘দ্য কাশ্মীৰ ফাইলছ্”-এ। ৯০ ৰ দশকত কাশ্মীৰত নিৰ্যাতনৰ সন্মুখীন হোৱা কাশ্মীৰি পণ্ডিতসকলৰ আধাৰত নিৰ্মিত এই ছবিখনে সমগ্ৰ দেশতে এক ঢৌৰ সৃষ্টি কৰিছিল। এই ঢৌত হাত উজান দিছিল চৰকাৰৰ লগতে বিজেপি দলকে ধৰি হিন্দুত্ববাদী দল-সংগঠনসমূহ। খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চিনেমাখনৰ প্ৰচাৰত নামি পৰি অন্য এক গতি প্ৰদান কৰিছিল। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ লগতে বিজেপি শাসিত ৰাজ্য চৰকাৰসমূহেও চিনেমাখনৰ প্ৰচাৰত কোনো হেলা কৰা নাছিল। আনকি বিজেপি শাসিত কেইবাখনো ৰাজ্যত চিনেমাখনক কৰমুক্তও ঘোষণা কৰিছিল। এই ক্ষেত্ৰত আমাৰ অসম চৰকাৰ তথা অসম বিজেপিও ব্যতিক্ৰম নাছিল।

বিবেক অগ্নিহোত্ৰী পৰিচালিত আৰু ব্যক্তিগত প্ৰযোজনা গোষ্ঠীৰ দ্বাৰা প্ৰযোজিত ‘দ্য কাশ্মীৰ ফাইলছ্’- এ চৰকাৰী পৃষ্ঠপোষকতা লাভ কৰাৰ পিছত স্বাভাৱিকতেই কম দিনৰ ভিতৰতে উপাৰ্জন কৰিছিল ৩০০ কোটিৰো অধিক টকা। কাশ্মীৰি পণ্ডিতসকলৰ কৰুণ ইতিহাস চাবলৈ দেশৰ জনসাধাৰণক উদ্বুদ্ধ কৰি তুলিছিল কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা বিজেপিৰ নেতা-পালি নেতালৈকে। আনকি চিনেমাখন চাই উঠি দুখতে কান্দোনতো ভাগি পৰিছিল বিজেপিৰ কেইবাগৰাকীও নেতা-নেত্ৰী।

পিছে কেন্দ্ৰীয় চৰকাৰ তথা বিজেপি দলৰ এই কাশ্মীৰি পণ্ডিত প্ৰীতি স্বাভাৱিক বা সত্য আছিল নে ? নে ই দলটোৰ হিন্দুত্ববাদী ৰাজনীতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হাথিয়াৰ আছিল! চিনেমাখনৰ পৰিচালকৰ পৰা অভিনেতা-অভিনেত্ৰী সকলো কাশ্মীৰি পণ্ডিতৰ দুখৰ সমভাগী হৈ খুবেই আশাপ্ৰদ বক্তব্য কৰিছিল। পিছে এওঁলোকৰো এইয়া ব্যৱসায়িক হাথিয়াৰহে আছিল নেকি! দেশত হিন্দুত্ববাদী ৰাজনীতিৰ আৱহাৱা বৃদ্ধিৰ লগতে ব্যৱসায়িক সফলতাৰ বাবে চাতুকাৰিতাৰে এই ছবিখন মানুহৰ আবেগৰ সৈতে খেলা কৰি ব্যৱহাৰ কৰিছিল নেকি!

স্বাভাৱিকতেই কাশ্মীৰৰ শেহতীয়া পৰিস্থিতিয়ে এই সমূহ প্ৰশ্নৰ উত্থাপন কৰিছে। কাশ্মীৰ ফাইলছ ছবি খনেৰে দেশত একপ্ৰকাৰৰ আবেগৰ ঢৌ বোৱাই দিয়া কেন্দ্ৰীয় চৰকাৰ, বিজেপি দল তথা এই সকল আৱেগৰ ব্যৱসায়ী এতিয়া কাশ্মীৰী পণ্ডিতৰ সাম্প্ৰতিক বিপদৰ সময়ত মৌন। উপত্যকাটোত থকা কাশ্মীৰি পণ্ডিতসকলৰ সুৰক্ষা চুলিৰ সমানো নিশ্চিত কৰিব পৰা নাই এওঁলোকে।

যোৱা এটা মাহৰ ভিতৰত কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত মৃত্যু হৈছে ৯ গৰাকীকৈ কাশ্মীৰি পণ্ডিত সম্প্ৰদায়ৰ ব্যক্তিৰ। বৃহস্পতিবাৰে সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল বিজয় কুমাৰ নামৰ এজন বেংক বিষয়াক। ইয়াৰ পূৰ্বে জম্মুৰ এজন শিক্ষকক দক্ষিণ কাশ্মীৰত গুলীয়াই হত্যা কৰা হৈছিল।কালি নিশা পুনৰ প্ৰদেশখনৰ বাডগামত এজন প্ৰব্ৰজিত শ্ৰমিকক গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীয়ে।

উপত্যকাটোত এনে নিৰাপত্তাহীন পৰিস্থিতিৰ পাছতো চৰকাৰৰ পৰা নিৰাপত্তাৰ কোনো নিশ্চিতি লাভ নকৰাৰ বাবে ১০০ ৰো অধিক কাশ্মীৰি পণ্ডিত পৰিয়ালে কাশ্মীৰৰ পৰা পলায়ন কৰিছে। প্ৰদেশখনৰ বাৰামূলাৰ কাশ্মীৰি পণ্ডিত কলনিৰ সভাপতি অৱতাৰ কৃষ্ণ ভাট নামৰ এজন ব্যক্তিয়ে অঞ্চলটোত বাস কৰা ৩০০ টা পৰিয়ালৰ প্ৰায় আধা সংখ্যকে পলায়ন কৰিছে বুলি উল্লেখ কৰিছিল।

তদুপৰি কাশ্মীৰত কাৰ্যনিৰ্বাহ কৰি থকা যথেষ্ট সংখ্যক চৰকাৰী কৰ্মচাৰীয়ে কাশ্মীৰৰ পৰা বদলিৰ বাবে আন্দোলনতো নামি পৰিছে। ইতিমধ্যে বহু কৰ্মচাৰীয়ে অনুমোদন অবিহনেই কাশ্মীৰ ত্যাগ কৰিছে। ইয়াৰ পাছতো এখন চিনেমাৰ প্ৰচাৰৰ বাবে কাশ্মীৰি পণ্ডিতৰ দুখত হিয়াঢাকুৰি কন্দা কেন্দ্ৰীয় চৰকাৰ তথা বিজেপি দলৰ নাই কোনো স্পষ্ট পদক্ষেপ।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, প্ৰধানমন্ত্ৰী পেকেজৰ অধীনস্থ এজন কৰ্মচাৰীয়ে জানিবলৈ দিয়া মতে প্ৰদেশখনত সুৰক্ষাৰ শংকাত ভোগা আনুমানিক ৩০-৪০ টা কাশ্মীৰি পণ্ডিত পৰিয়ালে শ্ৰীনগৰ ত্যাগ কৰিছে। কাশ্মীৰত এতিয়া ১৯৯০ চনতকৈও ভয়াৱহ পৰিস্থিতি বিৰাজ কৰিছে বুলি দাবী কৰিছে তেওঁ। সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি তেওঁ কয়, “আজিৰ কাশ্মীৰ ১৯৯০ ৰ দশকতকৈ অধিক বিপদজনক। আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ’ল আমাৰ লোকসকল আমাৰ অঞ্চলতে কিয় বন্দী হৈ থাকিবলগীয়া হৈছে? প্ৰশাসনে তেওঁলোকৰ বিফলতা কিয় লুকুৱাই ৰাখিছে?”

কাশ্মীৰত যেতিয়া আৰক্ষী কৰ্মীসকলে সুৰক্ষিত নহয়, নাগৰিকসকল কেনেকৈ সুৰক্ষিত থকাৰ আশা কৰিব পাৰি বুলিও প্ৰশ্ন কৰিছে কাশ্মীৰি পণ্ডিতসকলে। কাশ্মীৰি পণ্ডিত সম্প্ৰদায়ৰ পৰিয়ালসমূহে উপত্যকাটোৰ পৰা ক্ৰমে আন স্থানলৈ যাবলৈ লোৱাৰ পিছতে কাশ্মীৰী পণ্ডিত সংঘৰ্ষ সমিতিয়ে কাশ্মীৰ এৰি যোৱা পৰিয়ালবোৰৰ বাবে বানিহাল সুৰংগলৈকে নিৰাপত্তা দাবী কৰিছে।

নিজৰ ৰাজনৈতিক আৰু ব্যৱসায়িক স্বাৰ্থত এই কাশ্মীৰি পণ্ডিতসকলক ব্যৱহাৰ কৰা কেন্দ্ৰীয় চৰকাৰ, বিজেপিকে ধৰি হিন্দুত্ববাদী সংগঠনসমূহৰ লগতে কট্টৰ ৰাষ্ট্ৰীয়তাবাদৰ সৈতে হিন্দুত্ববাদক সানমিহলি কৰা একাংশ বোলছবিৰ তাৰকা এতিয়া কাশ্মীৰি পণ্ডিতৰ এই বিপজ্জনক পৰিস্থিতিৰ সময়ত নিৰহ-নিপালি দি এই বিষয়ৰ পৰা ফালৰি কাটিছে। কাশ্মীৰত কাশ্মীৰি পণ্ডিতৰ অধিকাৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতিৰ ফুলজাৰি মৰা বিজেপি চৰকাৰৰ এই ব্যৰ্থতা এতিয়া খোদ প্ৰদেশখনৰ কাশ্মীৰি পণ্ডিতসকলেই উদঙাই দিছে। ইয়াৰ পিছতো আবেগৰ ব্যৱসায়েৰে ৰাজনৈতিক অভিসন্ধি পূৰণ কৰা চৰকাৰ তথা বিজেপি দলৰ স্থিতি আগন্তুক সময়ত লক্ষ্যণীয় হ’ব।

মনজিৎ দত্ত

মনজিৎ দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এফালে উচ্ছেদ আন ফালে হাজাৰ বিঘা মাটি বহিৰাগত কোম্পানীক প্ৰদান! “অসমৰ প্রতি ইঞ্চি মাটি বেদখলকাৰীৰ পৰা মুক্ত হ’ব- মুখ্য মন্ত্ৰীৰ দাবী

এফালে উচ্ছেদ আন ফালে হাজাৰ বিঘা মাটি বহিৰাগত কোম্পানীক প্ৰদান! “অসমৰ প্রতি ইঞ্চি মাটি বেদখলকাৰীৰ পৰা মুক্ত হ’ব- মুখ্য মন্ত্ৰীৰ দাবী

August 18, 2025 6:55 pm
এয়া ল’ৰা-ধেমালি নেকি! ডিমা হাছাওৰ ৩০০০ বিঘা ভূমি আৱন্টনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

এয়া ল’ৰা-ধেমালি নেকি! ডিমা হাছাওৰ ৩০০০ বিঘা ভূমি আৱন্টনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 18, 2025 5:55 pm
পুনৰ আৰম্ভ হ’ব পাৰে ভাৰত-চীনৰ মাজত পোনপটীয়া বিমান সেৱা

পুনৰ আৰম্ভ হ’ব পাৰে ভাৰত-চীনৰ মাজত পোনপটীয়া বিমান সেৱা

August 18, 2025 4:57 pm
মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

August 18, 2025 3:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এফালে উচ্ছেদ আন ফালে হাজাৰ বিঘা মাটি বহিৰাগত কোম্পানীক প্ৰদান! “অসমৰ প্রতি ইঞ্চি মাটি বেদখলকাৰীৰ পৰা মুক্ত হ’ব- মুখ্য মন্ত্ৰীৰ দাবী

এফালে উচ্ছেদ আন ফালে হাজাৰ বিঘা মাটি বহিৰাগত কোম্পানীক প্ৰদান! “অসমৰ প্রতি ইঞ্চি মাটি বেদখলকাৰীৰ পৰা মুক্ত হ’ব- মুখ্য মন্ত্ৰীৰ দাবী

August 18, 2025 6:55 pm
এয়া ল’ৰা-ধেমালি নেকি! ডিমা হাছাওৰ ৩০০০ বিঘা ভূমি আৱন্টনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

এয়া ল’ৰা-ধেমালি নেকি! ডিমা হাছাওৰ ৩০০০ বিঘা ভূমি আৱন্টনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 18, 2025 5:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd