NORTHEAST NOW (Assamese)

৭০ শতাংশ কাম সম্পূৰ্ণ হোৱাৰ পিছতো কিয় স্থবিৰ হৈ ৰ’ল ভাৰত-থাইলেণ্ড সংযোগী পথ? কাৰণ ব্যাখ্যা বিদেশ মন্ত্ৰী জয়শংকৰৰ

February 26, 2025 3:37 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 26, 2025 3:42 pm

২০১৯ চনত নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ কথা আছিল ১৪০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-থাইলেণ্ড সংযোগী পথৰ। দক্ষিণ-পূব এছিয়াৰ সৈতে বাণিজ্যৰ প্ৰসাৰৰ ক্ষেত্ৰত এই পথ পথটোৰ গুৰুত্ব অপৰিসীম বুলি ভবা গৈছিল। কিন্তু ৭০ শতাংশ সম্পূৰ্ণ হোৱাৰ পিছত স্থবিৰ হৈ পৰিছে প্ৰকল্পটোৰ কাম।

এই গুৰুত্বপূৰ্ণ পথ প্ৰকল্পটো স্থবিৰ হৈ পৰাৰ বাবে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ম্যানমাৰলৈ দোষ থেলি দিছে।

মঙলবাৰে অসমৰ গুৱাহাটীত এডভান্টেজ আসাম সন্মিলনত অংশগ্ৰহণ কৰি বৈদেশিক মন্ত্ৰীগৰাকীয়ে এই পথ প্ৰকল্পৰ সন্দৰ্ভত মুকলিকৈ কয়।

জয়শংকৰে কয় যে ভাৰত-ম্যানমাৰ-থাইলেণ্ড সংযোগী ঘাইপথ সম্পূৰ্ণ হলে দেশত বাণিজ্যৰ নতুন পথ মুকলি হব। কিন্তু এই অতি গুৰুত্বপূৰ্ণ প্ৰকল্পটোৰ কাম বন্ধ পৰিছে।

মন্ত্ৰীগৰাকীয়ে কয় যে ম্যানমাৰৰ ৰাজনৈতিক সমস্যাৰ বাবে এই প্ৰকল্পটো স্থগিত ৰখা হৈছে। কিন্তু আমি এই গুৰুত্বপূৰ্ণ প্ৰকল্পটো বন্ধ হবলৈ দিব নোৱাৰো। আমি ম্যানমাৰৰ সৈতে আলোচনা কৰিম যাতে প্ৰকল্পটো ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিব পৰা যায় আৰু ব্যৱহাৰিক সমাধান উলিয়াব পাৰি।

মন কৰিবলগীয়া যে এই পথটো ২০০২ চনত ভাৰত, ম্যানমাৰ আৰু থাইলেণ্ডৰ তিনিওখন দেশৰ মাজত বাণিজ্য, স্বাস্থ্য, শিক্ষা আৰু পৰ্যটনক নতুন উচ্চতালৈ লৈ যোৱাৰ উদ্দেশ্যেৰে এই প্ৰকল্পটোৰ কাম আৰম্ভ কৰা হৈছিল। লক্ষ্য আছিল মণিপুৰৰ মৰেৰ পৰা ম্যানমাৰ হৈ থাইলেণ্ডৰ মায়ে ছট চহৰলৈ ১৪০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটো নিৰ্মাণ কৰা। কামো পূৰ্ণগতিত চলি আছিল। কিন্তু ম্যানমাৰৰ সামৰিক অভ্যুত্থানৰ পিছত ৰাজনৈতিক সমস্যাৰ বাবে এই পথ নিৰ্মাণ বন্ধ হৈ পৰে। জয়শংকৰে কয় যে ভাৰতে এই প্ৰকল্প পুনৰ আৰম্ভ কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰিব।

অনুষ্ঠানত ভাষণ দি জয়শংকৰে লগতে কয় যে মোডী চৰকাৰ ক্ষমতালৈ অহাৰ পিছত আমি গ্ৰহণ কৰা ‘চুবুৰী প্ৰথম নীতি অতি সফল হৈছোঁ। বাংলাদেশৰ পৰা ভূটানলৈকে, নেপালৰ পৰা ম্যানমাৰলৈকে দক্ষিণ-পূবৰ সকলো দেশৰ ওপৰত আমাৰ অতিৰিক্ত গুৰুত্ব আছে। নতুন পথ, চেকপইণ্ট, ৰেলপথ, জলপথ, বিদ্যুৎ গ্ৰীড, ইন্ধনৰ পাইপলাইন, আৰু পৰিবহণৰ সুবিধা নিৰ্মাণ কৰা হৈছে। ক’ৰ’ণাৰ সময়ছোৱাত ভাৰতে দ্ৰুত পদক্ষেপ গ্ৰহণ কৰিছিল আৰু চুবুৰীয়া দেশলৈ ভেকচিন, খাদ্য শস্য, সাৰ আৰু ইন্ধনৰ যোগান নিশ্চিত কৰিছিল।

Related News