কৃষক বিক্ষোভে কঁপাইছে দেশ; অসমত মুখত পিঠা ভৰাই বহি আছে কৃষক মুক্তি সংগ্ৰাম সমিতি!

KMSS

ফাইল ফটো।

দেশজুৰি কৃষক বিদ্ৰোহে একপ্ৰকাৰৰ কঁপনি তুলিছে। বিশেষকৈ পঞ্জাৱ, হাৰিয়ানা, মধ্যপ্ৰদেশৰ কৃষকসকলে দিল্লীৰ ৰাজপথ প্ৰায় তিনিসপ্তাহে উত্তাল কৰি ৰাখিছে।

তেনে সময়তে এক প্ৰশ্ন উত্থাপন হৈছে যে ‘অসমত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কিয় এই আইনখনৰ বিৰুদ্ধে মনে মনে আছে বা প্ৰতিবাদ সাব্যস্ত কৰা নাই?

অসমত কিয় মুখত পিঠা ভৰাই বহি আছে কৃষক মুক্তি সংগ্ৰাম সমিতি?

অসমৰ কৃষক মহাসভা, CITTU, SFI, জীপাল কৃষক শ্ৰমিক সংঘকে ধৰি অন্যান্য বহু কৃষক সংগঠনে দিল্লীৰ কৃষকৰ প্ৰতিবাদৰ প্ৰতি সমৰ্থন জনাই কেইবাটাও প্ৰতিবাদ সাব্যস্ত কৰিছে। তাৰ বিপৰীতে অসমৰ কৃষকৰ বৃহত্তৰ স্বাৰ্থ ৰক্ষাৰ উদ্দেশ্যে গঠন হোৱা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নিজাববীয়াকৈ কোনো ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা নাই।

অসমৰ কৃষক সংগঠন হিচাপে প্ৰভুত্ব থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৃষকৰ বিভিন্ন সমস্যাৰ কম-বেছি পৰিমাণে প্ৰতিবাদ কৰাৰ বিপৰীতে অন্যান্য সমস্যা যেনে নাগৰিকত্ব সংশোধনী আইন বাতিল, বৃহৎ নদীবান্ধ, ভুমি পট্টাৰ দাবীৰে বেছিকৈ প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছিল।

কিন্তু দেশজুৰি বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ পাছতো অসমত কিয় কৃষক মুক্তি সংগ্ৰাম সমিতি মনে মনে আছে বুলি সোধা হৈছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক আকাশ দলেক।

নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত তেওঁ কয়, ‘যিমান মানুহে আশা কৰে কৃষক মুক্তিৰ পৰা আমি সিমানখিনি কৰিব পৰা নাই। পাঞ্জাৱ-হাৰিয়ানাৰ কৃষকসকলে প্ৰতিবাদ কৰাৰ কাৰণটো হৈছে তেওঁলোকে লাভ কৰি অহা সুবিধাসমূহ কৰ্তন হ’ব এই কৃষি আইনৰ জৰিয়তে। কিন্তু আমাৰ কৃষকসকলে পাঞ্জাৱ-হাৰিয়ানাৰ কৃষকে লাভ কৰি অহা সুবিধাসমূহ বৰ্তমানলৈকে লাভ কৰা নাই।‘

‘অসমত কৃষি উৎপাদিত শস্যৰ নুন্যতম সমৰ্থন মূল্য নাই বা উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ নকৰে। অসমত পঞ্জাৱ-হাৰিয়ানাৰ দৰে কৃষকৰ বজাৰ নাথাকে যাৰ বাবে প্ৰকৃত কৃষকে বহু কম দামত ফচলসমূহ বিক্ৰী কৰিব লাগে। সেয়েহে কৃষকসকলে এই বিষয়টোত গুৰুত্ব দিয়া নাই।‘ অসমত কৃষক মুক্তিয়ে প্ৰতিবাদ নকৰাৰ এক কাৰণ বাখ্যা কৰি এইদৰেই কয় দলেই।

তেওঁ অন্য এক যুক্তি দি কয়, ‘পাঞ্জাৱৰ কৃষকে প্ৰতিবাদ কৰিবলৈ যাওঁতে অডি, মাৰ্শ্বিডিজ লৈ গৈছে কিন্তু অসমৰ কেইজন কৃষকৰ তেনে বিলাসী বাহন আছে? পঞ্জাৱ-হাৰিয়ানাৰ কৃষকৰ সৈতে অসমৰ কৃষকসকলৰ পাৰ্থক্য বহুত।‘

তথাপি, চোৰ গ’লে বুদ্ধি বৰষুণ গ’লে জাপিৰ দৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলনৰ কাৰ্য্যসূচী হাতত ল’ব বুলি তেওঁ ঘোষণা কৰে।

পঞ্জাৱ, হাৰিয়ানাৰ কৃষকসকলৰ দৰে অসমৰ কৃষকসকলেও সা-সুবিধাসমূহ লাভ কৰিব লাগে বুলি দীৰ্ঘদিনে সংগ্ৰাম কৰি অহা বুলি দাবী কৰে আকাশ দলেই।

ইপিনে, অন্য এক বিষয় যে চাউল, দালি, আলু, নিমখক অত্যাৱশ্যকীয় তালিকাৰ পৰা কৰ্তন কৰি দিয়াৰ বিৰোধিতাৰেও প্ৰতিবাদ কৰিব বুলি উল্লেখ কৰি তেওঁ কয়,‘এই বিষয়টোত আমাৰ সচেতনতা নাই বুলি ক’ব পাৰি। এই ইচ্ছুটোৰ প্ৰভাৱ অসমত পৰিব। সেয়েহে ইয়াক আমি ৰাইজৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰিম।‘

এইখিনিতে আৰু এটা বিষয় উল্লেখ কৰিব লাগিব যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি তথা বৰ্তমানৰ উপদেষ্টা অখিল গগৈ কাৰাগাৰত নথকা সময়ত ২০০৯ চনৰে পৰা ৰাজপথৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখি আহিছে অসমৰ ৰাইজে।

ৰহা, নগাওঁৰ চুলুং টোলগেট বন্ধ কৰা, বৃহৎ নদীবান্ধৰ কাম বন্ধ ৰখা ইত্যাদি ক্ষেত্ৰত ৰাজপথত উত্তাল আন্দোলন কৰি কিছু কিছু বিষয়ত অখিল গগৈৰ উপস্থিতিত সফল হৈছিল কৃষক মুক্তি সংগ্ৰাম সমিতি।

কিন্তু অখিল গগৈ জেইলত থকা সুযোগ লৈয়ে পুনৰ মুকলি হ’ল ৰহাৰ টোলগেট, চলি আছে বৃহৎ নদীবান্ধ নিৰ্মাণৰ কামকে ধৰি অন্যান্য জনবিৰোধী কাম-কাজ। এই কথা পোনপটীয়াকৈ স্বীকাৰ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বই।

কাজিৰঙাত উচ্ছেদ অভিযানৰ বিৰোধিতা, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰেও হাজাৰ হাজাৰ সমৰ্থকক লৈ ৰাজপথ উত্তাল কৰাৰ উদাহৰণ আছে কৃষক নেতা অখিল গগৈৰ।

তেনেক্ষেত্ৰত কৃষক মুক্তি সংগ্ৰাম সমিতি অখিল গগৈৰ অনুপস্থিতিত এতিয়া যেন ‘প্ৰতিবাদ শূণ্য’ আৰু ‘মেৰুদণ্ডহীন’ হৈ পৰা বুলি সচেতন মহলত বিষয়টো চৰ্চিত হৈছে।