NORTHEAST NOW (Assamese)

ছেক্সত মজা নোপোৱা হৈছে ভাৰতীয়ই! সমাধান লৈ হাজিৰ Durex

November 7, 2019 7:19 pm · এন ই নাও নিউজ
Updated: November 7, 2019 8:01 pm
দিয়ৰেক্সৰ প্ৰচাৰ ছবি। সৌজন্য-- টুইটাৰ।

লণ্ডনমূলীয় বহুজাতিক কোম্পানি দিয়ৰেক্সে কৈছে তেওঁলোকৰ সমীক্ষামতে ভাৰতীয় মানুহে বোলে ছেক্সত আনন্দ নোপোৱা হৈছে।

দিয়ৰেক্সৰমতে, ৭৪% ভাৰতীয়ই বোলে বিচনাত কিবা এক নতুন চেষ্টা চলোৱাৰ তাড়নাত থাকে!

আৰু সেয়ে, ভাৰতীয়ৰ যৌন জীৱনৰ আমনি গুচাবলৈ দিহা লৈ আহিছে দিয়ৰেক্স।

চ’চিয়েল মিদিয়া প্লেটফৰ্ম টুইটাৰত শুকুৰবাৰে যৌন জীৱন বিষয়ক এটি অনুষ্ঠান লৈ আহিছে কোম্পানিটোৱে।

সন্ধিয়া ৮বজাত মানুহৰ ছেক্স বিষয়ক প্ৰশ্নৰ উত্তৰ দিব ভিদিঅ’ জকি আৰু ভাৰতীয় সৰু পৰ্দাৰ তাৰকা চেতনা পান্দে’, অনুশা, কৰন ৱাহি আৰু কৰন কুন্দ্ৰাই।

কোম্পানিটোৰ #WhySoBoring বৃহস্পতিবাৰে টুইটাৰত ত্ৰেন্দিঙত আছে।

ইতিমধ্যে আন কেইগৰাকীমান অভিনেত্ৰী আৰু লেখকক লৈ বিষয়টো সন্দৰ্ভত কোম্পানিটোৱে টুইটাৰত প্ৰচাৰ চলাইছে।

দিয়ৰেক্সৰ ভাৰত আৰু ইউ কে দুয়োটা ৱেবছাইটতে গ্ল’বেল ছেক্স চাৰ্ভেৰ বিষয়ে উল্লেখ আছে।

কোৱা হৈছে, ছেক্সক লৈ ২৯ হাজাৰ প্ৰাপ্তবয়স্কৰ মাজত তেওঁলোকে বিশ্বজুৰি সমীক্ষা চলাইছে।

কিন্তু তাৎপৰ্য্যপূৰ্ণভাৱে, #WhySoBoring ত্ৰেন্দত দিয়ৰেক্সে উল্লেখ কৰা যৌন নিৰানন্দৰ ভিত্তি সমীক্ষাটো ২০১৭ চনৰ!

তথাপি, বাৰু দেখা যাওক!

Related News