উচ্চতম ন্যায়ালয়ে কিয় শনিবাৰে দিব অযোধ্যা গোচৰৰ ৰায়?

Supreame-Court-of-India-750x375

উচ্চতম ন্যায়ালয়ে অযোধ্যাৰ ৰাম-জনমভূমি বাবৰি মছজিদ গোচৰৰ ৰায় শনিবাৰে ৰাতিপুৱা ১০.৩০ বজাত দিব।

গোচৰটোৰ শুনানি সম্পূৰ্ণ কৰাৰ পাছত উচ্চতম ন্যায়ালয়ে ইয়াৰ ৰায়টো সংৰক্ষিত কৰি ৰাখিছিল।

এইটো জানিব পৰা গৈছিল যে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অৱসৰৰ পূৰ্বে অযোধ্যা গোচৰৰ ৰায় পৰ্দান কৰা হ’ব।

অহা ১৭ নৱেম্বৰত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অৱসৰৰ দিন। আদালত যিকোনো দিনত বহিব পাৰে, শুনানি ল’ব পাৰে ইয়াৰ ৰায়ো দিব পাৰে যদিও ১৭ নৱেম্বৰ দেওবাৰ আৰু সাধাৰণতে কোনো গুৰুত্বপূৰ্ণ গোচৰৰ ৰায় বন্ধাৰ দিনত প্ৰদান কৰা নহয়।

তদুপৰি, ন্যায়াধীশ এগৰাকীয়ে অৱসৰ লোৱাৰ দিনটোত ৰায় প্ৰদান কৰা নহয়।

ন্যায়াধীশ ৰঞ্জন গগৈৰ আদালতৰ অন্তিম কৰ্মদিন হৈছে ১৫ নৱেম্বৰ। বাতৰি ওলাইছিল যে ন্যায়াধীশ গগৈৰ নেতৃত্বৰ বিচাৰপীঠে ১৪ বা ১৫ নৱেম্বৰত অযোধ্যা গোচৰৰ ৰায়টো দিব পাৰে।

সাধাৰণতে আদালতৰ ৰায় এটাৰ পাছত কোনো পুনৰীক্ষণৰ বাবে কোনোৱে আবেদন জনাব পাৰে। এনে প্ৰক্ৰিয়াৰ বাবে সাধাৰণতে দুটা কৰ্মদিনৰ প্ৰয়োজন হয়।

নৱেম্বৰৰ ১৪ বা ১৫ তাৰিখৰ পূৰ্ব অযোধ্যা গোচৰৰ ৰায় দিব পাৰে বুলি আদালত বা চৰকাৰ কোনো পক্ষৰ পৰা কোনো ইংগিত অহা নাছিল।

কিন্তু আকস্মিকভাৱে শুকুৰবাৰে নিশা ঘোষণা কৰা হ’ল যে শনিবাৰে ৰাতিপুৱা ১০.৩০ বজাত অযোধ্যা গোচৰৰ ৰায় দিয়া হ’ব।

ৰায় প্ৰদানৰ সময়ত কোনো সমাজ বিৰোধী শক্তিয়ে এনে এটা আবেগিক, স্পৰ্শকাতৰ বিষয়ত যাতে সুযোগ ল’ব নোৱাৰে বা ষড়যন্ত্ৰত লিপ্ত হ’ব নোৱাৰে তাৰ বাবেই এনে এক কৌশল অৱলম্বন কৰা বুলি ধাৰণা কৰা হৈছে।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰসমূহেও সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছে।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে আনকি নিজেই উত্তৰ প্ৰদেশৰ ডিজিপ আৰু মুখ্য সচিবক মতাই আনি সুৰক্ষা ব্যৱস্থা তথা পৰিস্থিতিৰ বুজ লয়।