আগফালে চাই পিছলৈ কেতিয়াবা খোজ কাঢ়ি পাইছেনে? পৰি যোৱাৰ সম্ভাৱনা থাকিলেও কিন্তু পিছলৈ খোজ কঢ়াটো শাৰীৰিক স্বাস্থ্য আৰু মগজু দুয়োটাৰে বাবে অতি উত্তম। শেহতীয়া গৱেষণাত ধৰা পৰিছে এই কথা।
পিছলৈ খোজ কঢ়াটোক ৰেট্ৰ’-ৱাকিং বুলি জনা যায়। ইয়াৰ ইতিহাসো বহুত পুৰণি। ত্ৰয়োদশ শতিকাৰ আগতেই মানুহে পিছলৈ খোজকঢ়াৰ খেল তথা প্ৰতিযোগিতা আয়োজন কৰিছিল।
আমেৰিকাৰ নেভাদা বিশ্ববিদ্যালয়ৰ বায়’মেকানিক্স বিশেষজ্ঞ জেনেট ডুফেকে বিগত ২০ বছৰ ধৰি পিছলৈ খোজ কঢ়াৰ ওপৰত গৱেষণা কৰি আহিছে। এটা অধ্যয়নত তেওঁ আৰু তেওঁৰ সহ-গৱেষকসকলে দেখিছে যে ১০ গৰাকী মহিলা ছাত্ৰীয়ে দিনটোত মাত্ৰ ১০-১৫ মিনিটকৈ চাৰি-পাঁচ সপ্তাহ পিছুৱাই খোজকঢ়াৰ ফলত তেওঁলোকৰ পেশীৰ শক্তিশালী আৰু শৰীৰৰ নমনীয়তা বৃদ্ধি পাইছে।
ৰেট্ৰ’ ৱাকিঙে পিঠিৰ পেশীবোৰো শক্তিশালী কৰে। ডুফেকৰ আন এক অধ্যয়নত দেখা গৈছে যে এনেদৰে খোজ কঢ়াৰ নিৰ্দিষ্ট সময় পিছত পাঁচজন খেলুৱৈৰ কঁকালৰ তলৰ অংশ পূৰ্বতকৈ শক্তিশালী হৈ উঠিছিল।
আজি বহুতো ক্ৰীড়াৰ প্ৰশিক্ষণত পিছলৈ দৌৰা আৰু খোজ কঢ়া আদি অন্তৰ্ভুক্ত। এই ধৰণৰ প্ৰশিক্ষণে আঁঠুৰ গাঁঠিৰ চাপ কমায়, লগতে আঁঠুৰ শক্তিও বৃদ্ধি কৰে। তদুপৰি ৰেট্ৰ’ ৱাকিঙে খেলুৱৈসকলক আঘাত প্ৰভাৱৰ পৰা ৰক্ষা কৰিব পাৰে।
কিন্তু এনে অস্বাভাৱিক খোজ শৰীৰৰ বাবে ইমান উপকাৰী কিয়? ডুফেকে কয় যে আগলৈ আৰু পিছলৈ খোজ কঢ়াৰ বায়’মেকানিক্স ইটো সিটোৰ পৰা বহুত বেলেগ। পিছলৈ খোজ কাঢ়িলে আঁঠুৰ গতি তুলনামূলকভাৱে কম হয়। গতিকে বহু লোকৰ বাবে — যেনে আঁঠুৰ অস্ত্ৰোপচাৰৰ পৰা মাত্ৰ সুস্থ হৈ উঠা কোনোবাই — এই ধৰণৰ খোজ কঢ়াটো স্বাভাৱিক খোজ কঢ়াতকৈ অধিক উপকাৰী হ’ব পাৰে।’