বিশ্বৰ আটাইতকৈ দামী গৰু : কিয় ৪০ কোটি টকাত বিক্ৰী হ’ল এজনী গাই?

এজনী গাই গৰুৰ মূল্য কিমান হ’ব পাৰে বাবু? পোহৰলৈ আহিছে বিশ্বৰ আটাইতকি দামী গৰু বিক্ৰী হোৱাৰ খবৰ।  ৪৮ মিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় মূল্যত ৪ কোটি টকাত বিক্ৰী হৈছে এজনী গাই। শেহতীয়াকৈ ব্ৰাজিলত ‘নেল্লোৰ’ জাতৰ এই গৰুজনী ‘পৃথিৱীৰ আটাইতকৈ দামী গৰু’ হিচাপে বিক্ৰী কৰা হৈছে।

জানিব পৰা মতে গৰুজনীৰ নাম ভিয়াটিনা। পশু বিজ্ঞানীসকলৰ মতে ভিলাটিনাৰ অবিশ্বাস্য মূল্যৰ আঁৰত আছে নেল্লোৰ জাতৰ জিন। 

ব্ৰাজিলৰ চাও পাওলোৰ আৰাণ্ডোত নিলামত বিক্ৰী হয় এই গৰুজনী। ভিয়াটিনাৰ বয়স এতিয়া চাৰি বছৰ। এই গৰুজনীৰ এক তৃতীয়াংশ মালিকীস্বত্ব ১৪ লাখ ৪০ হাজাৰ মাৰ্কিন ডলাৰ বা ১২ কোটি ৭২ হাজাৰ টকাত বিক্ৰী হৈছিল। 

যোৱা বছৰতো ভিয়েটিনাই অভিলেখ সৃষ্টি হৈছিল। যোৱা বছৰ ভিয়েটিনাৰ অৰ্ধ মালিকীস্বত্ব প্ৰায় ৮ লাখ ডলাৰ বা ৬ কোটি ৬৭ লাখ টকাত বিক্ৰী হৈছিল।

প্ৰসংগক্ৰমে নেল্লোৰ জাতৰ গৰুৰ উৎপত্তি ভাৰতৰ পৰাই হৈছিল। অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰ জিলাৰ নামেৰে এই প্ৰজাতিটোৰ নামকৰণ কৰা হৈছে। ১৮৬৮ চনত প্ৰথম এহাল নেল্লোৰ গৰু জাহাজেৰে ব্ৰাজিলত প্ৰেৰণ কৰা হৈছিল। 

যোৱা শতিকাৰ ষাঠিৰ দশকত ব্ৰাজিলত এই গৰুৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছিল। প্ৰায় এশটা গৰু ব্ৰাজিললৈ লৈ যোৱা হৈছিল। এই প্ৰজাতিৰ গৰু এতিয়া ব্ৰাজিলৰ অন্যতম গুৰুত্বপূৰ্ণ গৰুৰ জাত।

ইয়াৰ বৈজ্ঞানিক নাম Bos indicus । বিজ্ঞানীসকলৰ মতে এই জাতৰ গৰুৱে গৰম বতৰৰ লগত খাপ খাব পাৰে। এই গৰু বৰ শক্তিশালী। ইহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বেছি, আৰু মাংস অতি উচ্চমানৰ। ফলত গ্রীষ্মমণ্ডলীয় অঞ্চলত এই গৰুবোৰ পালন কৰাটো অতি সুবিধাজনক৷