নিজতকৈ বহু বেছি বয়সৰ পুৰুষৰ প্ৰতি কিয় আকৰ্ষিত হয় যুৱতীসকল?

বহু ক্ষেত্ৰত যুৱক বা কিশোৰ সকলে নিজতকৈ বেছি বয়সৰ মহিলাৰ প্ৰতি আকৰ্ষিত হোৱাৰ বিপৰীতে বহু যুৱতী নিজতকৈ বয়সত যথেষ্ট ডাঙৰ পুৰুষৰ প্ৰতি আকৰ্ষিত হোৱা দেখা যায়। কিন্তু কিয় এনে হয়?

নিজৰ প্ৰায় সমবয়সীয়াৰ যুৱকৰ প্ৰতি আকৰ্ষিত হোৱাতকৈ বয়সত নিজতকৈ যথেষ্ট জ্যেষ্ঠ পুৰুষৰ প্ৰতি কিয় আকৰ্ষিত হয় একাংশ যুৱতী-মহিলা? ইয়াৰ আঁৰত লুকাই আছে বহুকেইটা কাৰণ। জানি লওক আহক ইয়াৰ আঁৰত থকা কাৰণবোৰ –

১/ পৰিপক্কতা : যুৱকসকলতকৈ বয়সস্থ পুৰুষ আৱেগিক আৰু মানসিক দুয়োটা দিশতে প্ৰায়ে অধিক পৰিপক্ক হয়। যাৰ বাবে সম্পৰ্কৰ স্থিৰতা গভীৰতা বিচৰা যুৱতীসকলে নিজতকৈ বেছি বয়সৰ পুৰুষৰ প্ৰতি আকৰ্ষিত হয়।

২/ আৰ্থিক স্থিতিশীলতা : কোমল বয়সৰ যুৱকৰ সলনি সাধাৰণতে বয়সস্থ পুৰুষৰ কেৰিয়াৰ আৰু তথা আৰ্থিক অৱস্থা ভাল হয়। আনহাতে কোমল বয়সৰ যুৱক সকলে অনিশ্চিত ভৱিষ্যত আৰু প্ৰতিষ্ঠাৰ সংগ্ৰামত ব্যস্ত হৈ থাকে। কিন্তু বয়সস্থ ব্যক্তি সকলে এই সংগ্ৰাম পাৰ কৰি আহি আৰ্থিক দিশত এক পূৰ্ণ স্থিতি লাভ কৰে। যাৰ বাবে এনে বয়সৰ পুৰুষ সকলে আৰ্থিক নিৰাপত্তা আৰু সকাহ দিব পাৰে।

৩/ জীৱনৰ অভিজ্ঞতা : বয়সস্থ পুৰুষৰ জীৱনৰ অভিজ্ঞতা সাধাৰণতে বেছি হয়, যাৰ ফলত অধিক আকৰ্ষণীয় আৰু বাস্তৱ কথা-বতৰা কয়। লগতে জীৱনৰ প্ৰতি তেওঁলোকৰ দৃষ্টিভংগীৰ স্বাভাৱিকতেই বহল হয়।

৪/ আত্মবিশ্বাস : বয়সস্থ পুৰুষসকল অধিক আত্মবিশ্বাসী হয়। ই যুৱতীসকলক আকৰ্ষিত কৰে।

৫/ মূল্যবোধ : বহু বয়সস্থ পুৰুষে পৰম্পৰাগত সৌজন্যতাৰ লগতে মূল্যবোধ মানি চলা দেখা যায়। তেওঁলোক যুৱকসকলতকৈ অধিক ধৈৰ্যশীল হয়। তেওঁলোকৰ এই গুণে মহিলাসকলক আকৰ্ষিত কৰে।

৬/ আৱেগিক সমৰ্থন : বয়সস্থ পুৰুষসকলে নিজৰ জীৱনৰ অভিজ্ঞতা আৰু পৰিপক্কতাৰে মানসিক সাহচৰ্য প্ৰদান কৰিব পাৰে। এই গুণ এজন পুৰুষৰ পৰা সাধাৰণতে সকলো মহিলাই বিচাৰে।

৭) বৌদ্ধিক উদ্দীপনা : বয়সস্থ পুৰুষ প্ৰায়ে জ্ঞান আৰু অভিজ্ঞতাৰে সমৃদ্ধ। তেওঁলোক বৌদ্ধিকভাবে শক্তিশালী হয়। তেওঁলোকৰ জীৱনৰ এক নিজা দৰ্শন থাকে। যাৰ বাবে মহিলাসকলে সম্পৰ্কত যথেষ্ট সকাহ আৰু আনন্দ অনুভৱ কৰে।

৮) অগ্ৰাধিকাৰ : বয়সস্থ পুৰুষে হয়তো দীৰ্ঘম্যাদী সম্পৰ্ক গঢ়ি তোলাত অধিক মনোনিৱেশ কৰে। প্ৰতিশ্ৰুতিৰ প্ৰতি তেওঁলোক সচেতন হোৱা দেখা যায়। গতিকে, দীৰ্ঘম্যাদী বা স্থায়ী সম্পৰ্ক বিচৰা মহিলা সকলে এনে পুৰুষক অগ্ৰাধিকাৰ দিয়া দেখা যায়।

৯) আকৰ্ষণ: কিছুমান মহিলা কেৱল বয়সস্থ পুৰুষৰ চেহেৰা আৰু আচৰণৰ প্ৰতিহে আকৰ্ষিত হয়। আধা পকা দাড়ি আৰু চুলিৰ বাবেও বহু যুৱতী বয়স্ক পুৰুষৰ প্ৰতি আকৰ্ষিত হোৱা দেখা যায়।