NORTHEAST NOW (Assamese)

পৰকীয়া প্ৰেমত মত্ত পত্নী! হত্যা কৰি থানাত উপস্থিত স্বামী

January 19, 2025 7:30 pm · নৰ্থ ইষ্ট নাও, ডেস্ক
Updated: January 19, 2025 6:38 pm

বিবাহ বহিৰ্ভূত সম্পৰ্কক কেন্দ্ৰ কৰি আকৌ সংঘটিত হৈছে এক জঘন্য অপৰাধ। পত্নী অবৈধ সম্পৰ্কত লিপ্ত থকাৰ সন্দেহত পত্নীক হত্যা কৰি থানাত আত্মসমৰ্পন স্বামীৰ।

এই ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ হুগলীত। আৰক্ষীয়ে তথ্য লাভ কৰি অভিযুক্তৰ ঘৰৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো। ইতিমধ্যে অভিযুক্ত স্বামীক গ্ৰেপ্তাৰ কৰা হৈছে।

জানিব পৰা মতে অভিযুক্তৰ নাম ৰঞ্জিত দাস। পোন্ধৰ বছৰ আগতে তেওঁ মিঠু দাস নামৰ এগৰাকী যুৱতীক বিয়া কৰাইছিল। কিন্তু তেওঁলোকৰ মাজৰ সম্পৰ্ক বৰ সুখকৰ নাছিল। প্ৰায় প্ৰতিদিনে কাজিয়া কৰিছিল দম্পতীহালে।

শনিবাৰে নিশাও তেওঁলোকৰ মাজত কাজিয়া হোৱা বুলি জানিব পৰা গৈছে। দেওবাৰে পুৱা দম্পতীহালৰ পুত্ৰই বিচনাত পৰি থকা অৱস্থাত মাতৃৰ নিথৰ মৃতদেহ উদ্ধাৰ কৰে। ইফালে থানাত হাজিৰ হয় স্বামী।

দেওবাৰে পুৱা ৰঞ্জিতে থানালৈ গৈ পত্নীক ডিঙি চেপি হত্যা কৰা বুলি কয়। লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰঞ্জিতক।

অভিযুক্ত ৰঞ্জিতৰ মাতৃয়ে দাবী কৰে যে ৰঞ্জিতৰ পত্নী বিবাহ বহিৰ্ভূত প্ৰেমৰ সৈতে জড়িত আছিল। সেই লৈ কাজিয়াৰ সৃষ্টি হৈছিল। সেইবাবেই এই ঘটনা সংঘটিত হ’ল। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ইয়াৰ আঁৰত আন কিবা কাৰণ আছে নেকি সেই বিষয়ে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Related News