NORTHEAST NOW (Assamese)

ডিমা হাচাওত চাঞ্চল্যকৰ কাণ্ড: নিজ গৃহত অগ্নিসংযোগ স্বামীৰ, অগ্নিদগ্ধ হৈ মৃত্যু পত্নীৰ

March 31, 2023 7:07 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 31, 2023 12:15 am
প্ৰতিনিধিত্বমূলক ছবি

বৃহস্পতিবাৰে ডিমা হাচাও জিলাত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী ব্যক্তিয়ে আশ্চৰ্যজনকভাৱে নিজ গৃহত অগ্নিসংযোগ কৰাৰ ফলস্বৰূপে শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে ব্যক্তিগৰাকীৰ পত্নীয়ে।

পাৰিবাৰিক বিবাদৰ পৰিণতিতে এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। অভিযুক্ত ব্যক্তিগৰাকীক জয়চৰণ লাংথাচা বুলি চিনাক্ত কৰা হৈছে। নিজ পত্নী ঘৰৰ ভিতৰত থকাৰ সময়তে জয়চৰণে ঘৰত অগ্নিসংযোগ কৰা বুলি অভিযোগ উত্থাপন হৈছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযুক্ত জয়চৰণ লাংথাচাই এই ঘটনা নিজেই সংঘটিত কৰা বুলি অপৰাধ স্বীকাৰ কৰিছে। কিন্তু এই নৃশংস কাৰ্যৰ আঁৰৰ উদ্দেশ্য এতিয়াও জানিব পৰা হোৱা নাই বুলি আৰক্ষীয়ে লগতে কয়।

ইফালে জয়চৰণৰ মৃত পত্নীৰ নাম বিনিতা হাফলংবাৰ বুলি জানিব পৰা হৈছে। তেওঁৰ মৃতদেহ উদ্ধাৰৰ পিছতে ডিমা হাচাওৰ হাফলং অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।

আৰক্ষীয়ে লগতে জানিবলৈ দিয়া মতে অভিযুক্ত জয়চৰণক ইতিমধ্যে জিম্মাত লোৱা হৈছে। আৰক্ষীয়ে তেওঁক ঘটনা সন্দৰ্ভত সোধা-পোছা কৰিছে যদিও তেওঁ কিয় এই কাণ্ড সংঘটিত কৰিছিল সেয়া প্ৰকাশ কৰা নাই।

ইফালে, একাংশ স্থানীয় লোকে জয়চৰণে পত্নীৰ সৈতে প্ৰায়ে পাৰিবাৰিক বিবাদত লিপ্ত হৈছিল বুলি দাবী কৰিছে। লগতে জয়চৰণে সুৰাপান কৰিছিল বুলিও তেওঁলোকে লগতে দাবী কৰিছে।

অৱশ্যে স্থানীয় লোকসকলৰ এই দাবী সন্দৰ্ভত আৰক্ষীয়ে এই পৰ্যন্ত কোনো মন্তব্য দিয়া নাই।

Related News