NORTHEAST NOW (Assamese)

কলিয়াবৰত স্বামীৰ দাৰ ঘাপত প্ৰাণ গ’ল পত্নীৰ; অভিযুক্তক আটক

October 19, 2019 5:07 pm · ৰিদিপ শৰ্মা
Updated: October 19, 2019 5:09 pm

কলিয়াবৰত আজি সংঘটিত হয় এক অতি নিৰ্মম আৰু নৃশংস হত্যাকাণ্ড। স্বামীৰ দাৰ ঘাপত প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই। নিহত মহিলাগৰাকীক দুলভী দাস বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে প্ৰথম অৱস্থা পতি-পত্নীৰ মাজত কোনো কথাকৈ লৈ তৰ্কাতৰ্কি হয় আৰু পিছলৈ ই ভয়ংকৰ ৰূপ লয়। গিৰিয়েক শ্ৰীকান্ত দাসে খঙত অগ্নিশৰ্মা হৈ পত্নী দুলভী দাসক দাৰে আক্ৰমণ কৰে।

ফলত দুলভীয়ে ঘটনাস্থলীতে মৃত্যুক আঁকোৱালি লয়। পিছত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অৱগত হোৱাত ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত শ্ৰীকান্ত দাসক আটক কৰে। লগতে দাসে হত্যাত ব্যৱহাৰ কৰা দা’ খনো জব্দ কৰে।

সম্প্ৰতি কলিয়াবৰৰ উলুৱনি আৰক্ষীৰ জিম্মাত আছে অভিযুক্ত শ্ৰীকান্ত দাস। ইফালে এই ঘটনাই আজি কলিয়াবৰত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে স্থানীয় ৰাইজে দোষীক উচিত শাস্তি প্ৰদান কৰাৰো দাবী জনাইছে।

Related News