NORTHEAST NOW (Assamese)

কাজিৰঙাত বনৰীয়া ম’হৰ আক্ৰমণত বনকৰ্মী আহত

July 18, 2019 10:57 am · ৰিদিপ শৰ্মা

বুধবাৰে বিয়লি কাজিৰঙাত কৰ্মৰত অৱস্থাত থকা এজন বনকৰ্মীক এটা বনৰীয়া ম’হে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰা ঘটনা সংঘটিত হয়। আহত বনকৰ্মীজনক কলিয়াবৰৰ মিছাৰ বাসিন্দা খৰ্গেশ্বৰ গৌড় বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় সুৰক্ষাৰ দায়িত্বত নিয়োজিত গৌড়ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কাৰ্বি পাহাৰৰ দিশে গৈ থকা এটা প্ৰকাণ্ড ম’হে আকস্মিকভাৱে খুন্দিয়াই আহত কৰে।

ঘটনাৰ পিছতে বনকৰ্মী গৰাকীক ততাতৈয়াকৈ জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।

উল্লেখযোগ্য যে যোৱা মঙলবাৰেও এজন যুৱকে ম’হৰ বিচৰণস্থলীত গৈ চেল্ফি উঠি থকাৰ অৱস্থাত এটা ম’হে আহি তেওঁক খুন্দিয়াই আহত কৰিছিল।

Related News