মৰনৈৰ লালাবড়ীত বন্যহস্তীৰ আক্ৰমণত নিহত এজন লোক

Elephant killed man

ফটো: নৰ্থইষ্ট নাও।

বন্যহস্তীৰ আক্ৰমণত গোৱালপাৰাত নিশা পুনৰ প্ৰাণ হেৰুৱালে আন এজন লোকে। গোৱালপাৰা জিলাৰ মৰনৈৰ লালাবড়ীত সংঘটিত হৈছে এই ঘটনা।

ৰাস্তাৰে চাইকেল চলাই গৈ থকা লোকজনক অকলশৰীয়া এটা বনৰীয়া হাতীয়ে অতৰ্কিতে আক্ৰমণ কৰে আৰু হাতীটোৰ গচকত লোকজনে থিতাতে মৃত্যুক আকোঁৱালি লয় ৷

হাতীটোৰ আক্ৰমণত লোকজনৰ মৃতদেহটো ক্ষতবিক্ষত হৈ পৰে ৷ ঘটনাৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় ৷

মৃত লোকজন ভাটীপাৰাৰ মজিবুৰ আলী বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।

লগতে পঢ়ক: Covid Update: ৰাজ্যত ২৪ ঘন্টাত নতুনকৈ কিমান লোক আক্ৰান্ত হ’ল কোভিডত,মৃত্যু কিমানৰ?

মৃতদেহটো ছিন্ন-ভিন্ন হোৱাৰ বাবে প্ৰথমে চিনাক্ত কৰিব পৰা হোৱা নাছিল লোকজনক।

ইপিনে, দেওবাৰে ৰাতিপুৱা মাটিয়া গোপালপুৰত এই হাতীটোৰ আক্ৰমণতে এজন লোকে প্ৰাণ হেৰুওৱাইছিল।

উক্ত ঘটনাৰ ১২ঘন্টাৰ ভিতৰতে আন এজন লোকক গচকি নিহত কৰাৰ পিছত এতিয়া সমগ্ৰ অঞ্চলটোত হাতীটোৰ ভয়ত ৰাইজ কম্পমান হৈ পৰিছে ৷