NORTHEAST NOW (Assamese)

হাতী মানুহৰ সংঘাত! ভেৰগাঁৱৰ টেংকীবস্তিত বন্যহস্তীৰ আক্ৰমণত পুনৰ এজনৰ মৃত্যু

June 14, 2021 2:10 pm · দীপক কুমাৰ পাঠক
ফটো: নৰ্থইষ্ট নাও।

কৰ’না মহামাৰীৰ আতংকৰ মাজতে ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ ভেৰগাঁৱৰ বিভিন্ন অঞ্চলত অব্যাহত আছে হাতী মানুহৰ সংঘাত ৷

খাদ্যৰ তীব্ৰ সংকটত ভোগা বনৰীয়া হাতীৰ জাকে খাদ্যৰ সন্ধানত কাষৰীয়া বনাঞ্চলৰ পৰা ওলাই আহি গ্ৰামাঞ্চলত সোমাই সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।

হাতী মানুহৰ সন্ত্ৰাসত এতিয়া ত্ৰাহি মধুসূদন সুঁৱৰিছে সাধাৰণ জনতাই।

হাতীৰ আক্ৰমণত অনেক নিৰীহ লোকৰ মৃত্যু হৈছে। সেইদৰে, মানুহৰ জিঘাংসাৰো বলি হৈছে বন্যহস্তী।

এনেদৰে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাকে দেওবাৰে নিশাও সন্ত্ৰাস চলায় ডিমাকুছিৰ ২ নং টেংকীবস্তীত।

বন্যহস্তীৰ আক্ৰমণত টেংকীবস্তীত মৃত্যু হ’য় বন্ধনা ওৰাং(৫২) নামৰ এজন নিৰীহ লোকৰ ৷ হাতীৰ আক্ৰমণত থিতাতে নিহত হ’য় লোক জনৰ ৷

Related News