DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ম্যানমাৰৰ আদালতৰ বন্ধ কোঠালীত আৰম্ভ চ্যুকীৰ বিচাৰ, অনা হৈছে সাতটা অভিযোগ

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 14, 2021 2:30 pm
man
232
VIEWS
Share on FacebookShare on Twitter

সম্পূৰ্ণ অগণতান্ত্ৰিক ভাবে ক্ষমতাচ্যুত কৰা ম্যানমাৰৰ গণতন্ত্ৰকামী নেত্ৰী আং চান চ্যুকীৰ বিচাৰ আজিৰে পৰা আৰম্ভ হৈছে। আদালতৰ বন্ধ কোঠালীত চলিছে দেশ খনৰ গণতন্ত্ৰকামী নেত্ৰীগৰাকীৰ বিচাৰ। সামৰিক জুণ্টাই তেওঁৰ বিৰুদ্ধে আনিছে সাতটা বিশেষ অভিযোগ।

উক্ত অভিযোগ কেইটাত দোষী সাৱস্ত্য হ’লে চ্যুকীৰ কমেও ১৫ বছৰৰ কাৰাদণ্ড হোৱাটো নিশ্চিত।ইয়াৰ পূৰ্বে চ্যুকীয়ে ২০১০ চনত জুণ্টাই আৰোপ কৰা ১৫ বছৰীয়া গৃহবন্দিত্বৰ পৰা মুক্ত হৈছিল।

এইবাৰো পুনৰ গৃহবন্দী হৈ থাকিবলগীয়া হ’লে ৭৫ বছৰীয়া নেত্ৰীগৰাকীয়ে জীৱনৰ শেষ কালছোৱা কাৰাগাৰতে কটাবলগীয়া হ’ব।

চ্যুকীৰ বিৰুদ্ধে সামৰিক জুণ্টাই বিগত বৰ্ষত চ্যুকীয়ে ক’ৰ’না বিধি উলংঘা কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱা, নীতি বৰ্হিভূত ভাবে ৱাকি টকী লগত ৰখা আদিৰ লগতে দুৰ্নীতিৰো অভিযোগ আনিছে।

জুণ্টাই ১ ফেব্ৰুৱাৰীত গৃহবন্দী কৰা চ্যুকীক ২৮ মে’ৰ দিনা প্ৰথম বাৰৰ বাবে আদালতত হাজিৰ কৰোৱা হৈছিল। নানান ষড়যন্ত্ৰ কৰি জুণ্টাই চ্যুকীৰ দল নেছনেল লীগ ফৰ ডেম’ক্ৰেচিক ভংগ কৰি দিবলৈ উদ্যত হৈছে বুলিও কথা ওলাইছে।

উল্লেখ্য ২৮ মে’ত দীৰ্ঘদিনৰ মূৰত গহবন্দিত্বৰ পৰা বাহিৰলৈ ওলাই আহি চ্যুকীয়ে দেশৰ জনতাক ধৈৰ্য আৰু সাহসেৰে পৰিস্থিতিৰ মুখামুখি হ’বলৈ আহ্বান জনাইছিল।

ম্যানমাৰত গণতন্ত্ৰৰ অপমৃত্যু ঘটাৰ প্ৰায় ৪ মাহ পিছত ২৮ মে’ত প্ৰথমবাৰৰ বাবে সামৰিক জুণ্টাই গৃহবন্দী কৰা গণতন্ত্ৰকামী নেত্ৰী আং চান চ্যুকীক আদালতত হাজিৰ কৰাইছিল।

চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীৰ দিনা ম্যানমাৰত সামৰিক জুণ্টাই সেনা অভ্যুত্থানৰ জৰিয়তে চ্যুকীক ক্ষমতাচ্যুত কৰি শাসনৰ বাঘজৰী নিজৰ হাতলৈ নিছিল।

ইয়াৰ পিছতে বিগত চাৰি মাহ ধৰি চ্যুকীয়ে আকাশ দেখাৰ সৌভাগ্য লভা নাছিল। কিছুদিন পূৰ্বে গৃহবন্দী চ্যুকীক আদালতত হাজিৰ কৰোৱাৰ পিছতে নেত্ৰীগৰাকীয়ে তেওঁৰ অধিবক্তা মিন মিন ছোৰ জৰিয়তে দেশবাসীলৈ এইবুলি বাৰ্তা দিছিল যে যেতিয়ালৈকে মানুহ থাকিব তেতিয়ালৈকে তেওঁৰ নেছনেল লীগ ফৰ ডেম’ক্ৰেচি দলো থাকিব।

কাৰণ এই দলটো গঠন হৈছে মানুহৰ বাবেই।

উল্লেখ্য জুণ্টা প্ৰশাসনে চ্যুকীৰ বিৰুদ্ধে নিৰ্বাচনত জালিয়াতি কৰাৰ অভিযোগৰ লগতে দুৰ্নীতিৰো অভিযোগ আনিছে।

আদালতৰ মজিয়াৰ পৰাই চ্যুকীয়ে দেশবাসীৰ সুস্বাস্থ্যও কামনা কৰিছিল।ইপিনে গৃহবন্দী হৈ থকা নেত্ৰীগৰাকী বৰ্তমান সুস্থ হৈ থকা বুলি তেওঁৰ অধিবক্তাই প্ৰকাশ কৰিছিল।

চ্যুকীৰ মুক্তিৰ দাবীত আজিও ম্যানমাৰত অব্যাহত আছে গণতন্ত্ৰকামী প্ৰতিবাদকাৰীৰ প্ৰতিবাদ।

জুণ্টাই ইতিমধ্যে ৮০০ ৰো অধিক প্ৰতিবাদকাৰীক হত্যা কৰিছে। হাজাৰ হাজাৰ প্ৰতিবাদকাৰীক কাৰাগাৰলৈ নিক্ষেপ কৰিছে। অভিনেতা-অভিনেত্ৰী, মডেল , চিত্ৰ শিল্পীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে।

জুণ্টাৰ বিৰুদ্ধাচৰণ কৰাৰ বাবেই বহুতকে মৃত্যুদণ্ড বিহা হৈছে।

Recent News

cow hug day

‘গো আলিংগন দিৱস’লৈ সঁহাৰি সঞ্জয় ৰাউটৰ: আদানীক বিজেপিৰ পবিত্ৰ গৰু আখ্যা

labourers killed while cleaning oil tank

মৰ্মান্তিক! কাৰখানাত তেলৰ টেংকি চাফা কৰি থকা অৱস্থাতে সাত শ্ৰমিকৰ মৃত্যু

Trans Couple birth Baby

ইতিহাস! দেশত প্ৰথমবাৰৰ বাবে সন্তান জন্ম দিলে ট্ৰান্সজেণ্ডাৰ দম্পতীয়ে

US on India Approach On Russian Oil

কূটনৈতিক বিজয়! ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ত আপত্তি নাই আমেৰিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd