বনৰীয়া হাতীৰ আক্ৰমণত ওদালগুৰি, কাৰ্বি আংলঙত নিহত ৫জন

wild-elephant-herd-west-KA-750x375

আজি ৪ নৱেম্বৰ মঙলবাৰে পশ্চিম কাৰ্বি আংলঙত আজি জাকৰ পৰা এৰা খাই অহা এটা বনৰীয়া হাতীৰ আক্ৰমণত এটি শিশুকে ধৰি ৪জন ব্যক্তি নিহত হৈছে। ওদালগুৰি জিলাৰ বৰেহাবাৰীতো হাতীয়ে এজন ব্যক্তিক গছকি হত্যা কৰিছে।

কাৰ্বি আংলং জিলাৰ খেৰণি ফৰেষ্ট ৰেঞ্জৰ অন্তৰ্গত এডাৰা কুঁহিয়াৰ খেতিত দল এৰি অহা বনৰীয়া হাতীটোৱে লোককেইজনক আক্ৰমণ কৰে। মৃত ব্যক্তিকেইগৰাকীক লক্ষ্মী দেৱী (৬৫), মোহিত চৌহান (১২) পূৰ্ণিমা থাপা (৩৫) আৰু লক্ষ্মী দেৱী (৪৭) বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে বহু দিনৰ পৰা বনৰীয়া হাতীৰ এই জাকটোৱে বগৰীহাট, ফেলাংপি আৰু প্ৰিলু এলেকাত ঘূৰা-ফিৰা কৰি আছে।

উল্লেখ্য যে মানুহে হাতীৰ আৱাসভূমিত বেদখল কৰা আৰু আন আন কাৰণত হাতীৰ আৱাসভূমি সংকুচিত হৈ আহিছে আৰু তাৰ লগে লগে সামন্তৰালভাৱে অসমত হাতী-মানুহৰ সংঘাত ক্ৰমাৎ বাঢ়ি অহাটো পৰিলক্ষিত হৈছে। হাতীৰ প্ৰাকৃতিক আৱাসভূমি সংকুচিত হৈ অহাৰ ফলত হাতীয়ে বিশেষকৈ শীত কালত খাদ্য আৰু পানীৰ সন্ধানত মানুহৰ বসতিপূৰ্ণ এলেকালৈ প্ৰৱেশ কৰিবলৈ লৈছে।

উল্লেখ্য যে হাতীয়ে পকা ধান খাবলৈ খুব ভাল পায় আৰু এই সময়খিনিতেই হাতীয়ে খেতি পথাৰত প্ৰৱেশ কৰি খেতি-মাটি তহিলং কৰে।

অসমৰ বন বিভাগে চলিত বৰ্ষৰ ফেব্ৰুৱাৰিত অসম বিধানসভাৰ বাজেট অধিৱেশনত  জনোৱা তথ্য অনুসৰি, ২০১১ চনৰ পৰা হাতী-মানুহৰ সংঘাতৰ পৰিণতিত ৬৭১ গৰাকী ব্যক্তিৰ মৃত্যু ঘটিছে। ইয়াৰ অধিকাংশ ঘটনাই সংঘটিত হৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ শোণিতপুৰ জিলাত। ২০১৫ চনত সৰ্বোচ্চ ১৪৭ জন লোকৰ মৃত্যু ঘটিছিল। শোণিতপুৰ জিলাত মৃত্যু ঘটিছে ১৩৫গৰাকী ব্যক্তিৰ। তাৰ পাছতেই ওদালগুৰিত ১০৪গৰাকী আৰু গোৱালপাৰাত ৫০ গৰাকী ব্যক্তিৰ মৃত্যু ঘটিছে।

উল্লেখ্য যে ফটকা যোগান ধৰি বন বিভাগে গাঁওৰ লোকসকলক হাতী খেদাত সহায় কৰিছে। হাতীয়ে ফটকাক ভয় কৰে বুলি ভবা হয়। কিন্তু হাতীয়ে যেতিয়া গাঁও আৰু শস্য পথাৰত অভিযান চলায় তেতিয়া ইয়াৰ পৰা কোনো লাভ নহয়।

আজি  পুৱা প্ৰায় ৬-০০ মান বজাত ওদালগুৰিত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু হৈছে।  ভাৰত-ভুটান সীমান্তৰ ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত বৰেঙাজুলিত বনৰীয়া হাতীয়ে আক্ৰমণ কৰি এজন ব্যক্তিক হত্যা কৰিছে।

নিহত ব্যক্তিজনক দশৰথ গৌৰ (৬৫) বুলি চিনাক্ত কৰা হৈছে। স্থানীয় লোকসকলে জনাইছে যে নিহত ব্যক্তিজনে তেওঁৰ গৰুবোৰ ঘাঁহনি পথাৰলৈ চৰাবলৈ নিয়াৰ সময়ত তেওঁ বনৰীয়া হাতীৰ মুখামুখি হয়। বনৰীয়া হাতীয়ে তেওঁক খেদি আহে আৰু গছকি হত্যা কৰে।

ক্ষোভিত গঞাসকলে বন বিভাগত দোষ দি কৈছে যে বিভাগটোৱে হাতী খেদি পঠোৱাৰ ক্ষেত্ৰত গাঁওবাসীসকলৰ সৈতে কোনো সমন্বয় ৰক্ষা কৰা নাই। ধান চপোৱাৰ সময়ত হাতীয়ে শস্য পথাৰলৈ সঘনাই আহে। উল্লেখ্য যে হাতী-মানুহৰ সংঘাতৰ পৰিণতিত জিলাখনত ২১গৰাকী ব্যক্তিৰ লগতে ৪টা হাতীৰ মৃত্যু ঘটিছে।